মোডী-শ্বাহে উপভোগ কৰিব বিশ্বকাপৰ ফাইনেল, আহিব পাৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী

মোডী-শ্বাহে উপভোগ কৰিব বিশ্বকাপৰ ফাইনেল, আহিব পাৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী

author-image
Asomiya Pratidin
New Update
মোডী-শ্বাহে উপভোগ কৰিব বিশ্বকাপৰ ফাইনেল, আহিব পাৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্কঃ মাজত মাত্ৰ এটা দিন বাকী। ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আইচিচি এদিনীয়া বিশ্বকাপৰ ফাইনেল। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হ'বলগীয়া এই মহাৰণ উপভোগ কৰিবলৈ ক্ৰিকেট প্ৰেমী ৰাইজে অধিৰ আগ্ৰহেৰে বাট চাই আছে।

দেশবাসীৰ লগতে বিশ্বকাপৰ ফাইনেল খেল উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই ৰোমাঞ্চকৰ খেল উপভোগ কৰিবলৈ অষ্ট্ৰিলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী অল্বনীজ আৰু উপ-প্ৰধানমন্ত্ৰী ৰিচাৰ্ড মাৰ্লচকো ভাৰতে নিমন্ত্ৰণ দিছে।

অৱশ্যে এই অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী আৰু উপ-প্ৰধানমন্ত্ৰীয়ে খেল উপভোগ কৰিবলৈ ভাৰতলৈ আহিবনে নে নাই এতিয়ালৈকে আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, দেওবাৰে ১২ বজাৰ পৰা অনুষ্ঠিত হ'ব বিশ্বকাপৰ ফাইনেল। নিউজিলেণ্ডক পৰাস্ত কৰি ফাইনেলক ভাৰতে প্ৰৱেশ কৰাৰ পাছতে এতিয়া বিশ্বকাপৰ খিতাপলৈ মাত্ৰ এখোজ বাকী। সকলো দেশবাসীৰ আশ-এইবাৰ বিশ্বকাপ আমাৰ হ'ব।

Also Read: নিৰ্বাচনী সভাত কি ক'লে মোডীয়? তদন্ত কৰিবলৈ নিৰ্বাচনী আয়োগক আহ্বান কংগ্ৰেছৰ

amit shah narendra modi ICC world cup