অভিলেখ ৰচিলে মোডীয়ে :  ভাঙিলে নিজেই নিজৰ ৰেকৰ্ড

অভিলেখ ৰচিলে মোডীয়ে :  ভাঙিলে নিজেই নিজৰ ৰেকৰ্ড

ডিজিটেল ডেস্ক : নতুন অভিলেখ গঢ়িলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। অতিক্ৰম কৰিলে দ্বি-শতক। এয়া পিছে ক্ৰিকেটৰ অভিলেখ নহয়।

প্ৰধানমন্ত্ৰী মোডীয়ে গঢ়িলে ৰাজনৈতিক ক্ষেত্ৰত অন্য এক অভিলেখ। ১৬ মাৰ্চ ২০২৪ত ঘোষণা হৈছিল দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন। আৰম্ভ হৈছিল নিৰ্বাচনী বৈতৰণী।

৩০মে’ ২০২৪ত অন্ত পৰিল সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। এই ৭৫দিনত প্ৰচণ্ড গৰমকো নেওচি প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ বিভিন্ন প্ৰান্তত অংশ ল’লে ২০৬খন নিৰ্বাচনী সভাত।

কেৱল নিৰ্বাচনী সভাত অংশ লোৱাই নহয়, মোডীয়ে এই সময়ছোৱাত ৮০টা সাক্ষাতকাৰ দিলে বিভিন্ন সংবাদ প্ৰতিষ্ঠানত। ২০১৯ চনতো নৰেন্দ্ৰ মোডীয়ে এইদৰে লোকসভা নিৰ্বাচনৰ প্ৰচাৰত সক্ৰিয় হৈ পৰিছিল।

অৱশ্যে সেইবাৰ তেঁও ১৪২খন নিৰ্বাচনী সভাতহে অংশ লৈছিল। প্ৰধানমন্ত্ৰী মোডীয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনী প্ৰচাৰত ৪খন ৰাজ্যক বিশেষ গুৰুত্ব দিয়া দেখা গ’ল।

এই ৭৫দিনত উত্তৰপ্ৰদেশত ৩১খন, বিহাৰত ২০খন, মহাৰাষ্ট্ৰত ১৯খন আৰু পশ্চিমবংগত ১৮খন নিৰ্বাচনী সভাত অংশ লয়। অন্ধ্ৰপ্ৰদেশৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল মোডীয়ে। আৰু ৩০মে’ত সেই নিৰ্বাচনী প্ৰচাৰৰ অন্ত পেলাই পাঞ্জাৱৰ খচিয়াপুৰত।

প্ৰধানমন্ত্ৰী মোডীয়ে নিৰ্বাচনী প্ৰচাৰ সভাৰ লগতে ১৮০টা ৰেলী আৰু ৰোড শ্ব’ত অংশ লয়। নিৰ্বাচন ঘোষণা কৰাৰ পূৰ্বে তেঁও ১৫খন নিৰ্বাচনী সভাত অংশ লৈছিল। মোডীৰ সমৰ্থকসকলৰ মতে ইয়াৰ পূৰ্বে দেশৰ কোনো শীৰ্ষ ৰাজনৈতিক নেতাই এই হাৰত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা নাছিল।

প্ৰচাৰ অন্ত পৰাৰ পাছত এতিয়া সকলোৰে অপেক্ষা ৪জুনলৈ। কিয়নো সেইদিনাই গম পোৱা যাব আনুষ্ঠানিকভাৱে মোডীৰ মেজিকে এইবাৰ কাম দিলে নে নিদিলে।

অভিলেখ ৰচিলে মোডীয়ে :  ভাঙিলে নিজেই নিজৰ ৰেকৰ্ড
মেঘালয়ত ভূমিস্খলনঃ উটুৱাই নিয়ে ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ অংশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in