ৰোজগাৰ মেলা : আজি ৭৫ হাজাৰ নিৱনুৱাক নিযুক্তি পত্ৰ প্ৰদান কৰিব নৰেন্দ্ৰ মোডীয়ে...

ই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ পৰা মুঠ ১০ লাখ চাকৰি দিয়া হ'ব

author-image
Asomiya Pratidin
New Update
ৰোজগাৰ মেলা : আজি ৭৫ হাজাৰ নিৱনুৱাক নিযুক্তি পত্ৰ প্ৰদান কৰিব নৰেন্দ্ৰ মোডীয়ে...

Rozgar mela

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে ৭৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰি ৰোজগাৰ মেলাৰ শুভ উদ্বোধন কৰিব। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে মুঠ ১০ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আজিৰ কাৰ্যসূচীত মুঠ ৭৫ হাজাৰ লোকক চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব।

Advertisment

ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পুৱা ১১ বজাত ৰোজগাৰ মেলাৰ শুভা উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব। এই অভিযানৰ উদ্দেশ্য এয়ে যে ১৮ মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ সকলো খালী পদ পূৰণ কৰা। প্ৰধানমন্ত্ৰী মোডীয়ে এই বছৰৰ জুন মাহত খালী পদসমূহ পূৰণ কৰিবলৈ নিৰ্দেশ দিছিল।

উল্লেখ্য যে প্ৰথম পৰ্যায়ত ৭৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ পৰিৱৰ্তে পৰৱৰ্তী সময়ত বাকী থকা যুৱক-যুৱতীক বিভিন্ন বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব।

rozgar mela pm modi india