/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6555096a-856e-47de-9fc3-5469b49c5f74/modiiiiii.jpg)
di maan ki baat
ডিজিটেল জেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন কী বাতত সশ্ৰদ্ধাৰে সোঁৱৰিলে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক। প্ৰধানমন্ত্ৰী মোডীয়ে ১৯ শ শতিকাতে প্ৰকাশ কৰা হেমকোষৰ প্ৰসংগও উল্লেখ্য কৰে তেওঁৰ ভাষণত। লগতে মোডীয়ে এই অভিধানখনৰ ব্ৰেইলী সংস্কৰণৰ কথাও উল্লেখ কৰে মন কী বাতত।
প্ৰায় ১ লাখৰো অধিক শব্দ থকা অসমীয়া ভাষাৰ প্ৰথমখন অভিধান দৃষ্টিহীন লোকৰ বাবে ব্ৰেইলী সংস্কৰণত প্ৰকাশ কৰাৰ বাবে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ প্ৰশংসা কৰে।
দক্ষিণ-পূব এছিয়াৰ প্ৰথমখন ব্ৰেইলী অভিধান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত প্ৰদান কৰিছিল জয়ন্ত বৰুৱাই।
প্ৰধানমন্ত্ৰীয়ে মন কী বাতত কয় - কিছু দিনৰ পূৰ্বে মই হেমকোষৰ ব্ৰেইলী সংস্কৰণখন পাইছো। হেমকোষ অসমীয়া ভাষাৰ আটাইতকৈ পুৰণি অভিধান। ১৯০০ চনতে এইখন সম্পাদনা কৰিছিল প্ৰখ্যাত ভাষাবিদ হেমচন্দ্ৰ বৰুৱাই। মই এই সংবেদনশীল প্ৰয়াসক শলাগ লৈছো। এই অভিধানখন ১৫টা ভলিয়মত প্ৰায় ১ লাখ শব্দৰ ব্ৰইলীলৈ অনুবাদ হ'ব।