আন্তঃগাঁথনি উন্নয়নত ১ বছৰত মোডী চৰকাৰে ব্যয় কৰিছে ১১ লাখ কোটি...

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই শনিবাৰে জনাইছে যে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যোৱা এক বছৰত আন্তঃগাঁথনি উন্নয়নত ১১ লাখ কোটি টকা ব্যয় কৰিছে।

author-image
Asomiya Pratidin
New Update
আন্তঃগাঁথনি উন্নয়নত ১ বছৰত মোডী চৰকাৰে ব্যয় কৰিছে ১১ লাখ কোটি...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই শনিবাৰে জনাইছে যে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যোৱা এক বছৰত আন্তঃগাঁথনি উন্নয়নত ১১ লাখ কোটি টকা ব্যয় কৰিছে।  ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন UPA চৰকাৰখনে বছৰিকেৱল মাত্ৰ ২ লাখ কোটি টকাহে আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যয় কৰিছিল।

Advertisment

সম্প্ৰতি সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেটৰ বিভিন্ন দিশ উল্লেখ কৰি তেওঁ এক সংবাদ মেলত কয় যে, এই বাজেটে ভাৰতক স্বয়ংসম্পূৰ্ণ কৰিব। তাৰোপৰি তেওঁ ২০৪৭ লৈকে ভাৰতক 'বিশ্বগুৰু' হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যও পূৰণ কৰিব বুলিও উল্লেখ কৰিছে। 

দৰিদ্ৰ, কৃষক, মহিলা আৰু যুৱক-যুৱতীৰ ওপৰত গুৰুত্ব 


কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সদায় কৈ আহিছে, তেওঁ দৰিদ্ৰ, কৃষক, মহিলা আৰু যুৱক-যুৱতীক দেশৰ মূল চাৰি বৰ্ণ হিচাপে গণ্য কৰে। এইবাৰৰ বাজেটেও মূলতঃ এই চাৰিটা শ্ৰেণীৰ ওপৰতে গুৰুত্ব দিছে।"

ৰে'ল আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন

জ্যোতিৰাদিত্য সিন্ধিয়াৰ মতে যোৱা এটা বছৰত সমগ্ৰ দেশত ২,০৩১ কিলোমিটাৰ ৰে'লপথ নিৰ্মাণ কৰা হৈছে। এই সময়ছোৱাত ৬,০০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে।  

টেলিকম খণ্ডত উন্নতি

টেলিকম খণ্ডৰ উন্নয়নৰ কথা ক'বলৈ গৈ সিন্ধিয়াই কয়, সমগ্ৰ দেশৰ ১০,৭০০ গাঁৱত মোবাইল টাৱাৰ স্থাপন কৰি যোগাযোগৰ মানদণ্ড উন্নত কৰা হৈছে। পূৰ্বতে ভাৰতত ব্যৱহাৰ হোৱা ৯০ শতাংশ মোবাইল ফোনেই আমদানি কৰা হৈছিল।

এতিয়া ৯০ শতাংশ মোবাইল ফোন ভাৰততে উৎপাদন কৰা হৈছে। তাৰোপৰি ভাৰতে ১.২৮ লাখ কোটি টকাৰ মোবাইল ফোন ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। 

অৰ্থনৈতিক অগ্ৰগতি


সিন্ধিয়াই কয় যে, বিশ্বৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ৩.২ শতাংশত স্থবিৰ হৈ আছে। ইয়াৰ বিপৰীতে ভাৰতৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ৬.৫ শতাংশত উপনীত হৈছে। তেওঁ কয়, কংগ্ৰেছ আৰু UPA চৰকাৰে দেশৰ ওপৰত ঋণৰ বোজা এৰি থৈ গৈছিল। ২০১৪ চনত দেশত NPAৰ হাৰ আছিল ১১.৫ শতাংশ। বৰ্তমান দেশত NPA ৰ হাৰ ২.৬ শতাংশলৈ হ্ৰাস পাইছে। 

ৰপ্তানি আৰু বৈদেশিক মুদ্ৰাৰ ভঁৰাল


জ্যোতিৰাদিত্য সিন্ধিয়াই উল্লেখ কৰা মতে বৰ্তমান ভাৰতৰ ৰপ্তানি ৬০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। বৈদেশিক মুদ্ৰা ভঁৰাল ৭০৫ বিলিয়ন ডলাৰত উপনীত হৈছে। তেওঁৰ মতে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ বৈদেশিক মুদ্ৰা ভঁৰাললৈ পৰিণত হৈছে ভাৰত। 

কৃষি খণ্ডত বৃদ্ধি 


কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বাজেটত কৃষি খণ্ডত দিয়া গুৰুত্বৰ কথা ব্যাখ্যা কৰি বিজেপি চৰকাৰৰ দিনত এই খণ্ডৰ অগ্ৰগতিৰো কথা উল্লেখ কৰে। তেওঁ কয় যে, বৰ্তমান দেশৰ কৃষি খণ্ডত ৩.৫ শতাংশ বৃদ্ধি হৈছে। দেশৰ কৃষি খণ্ডলৈ সৰ্বাধিক অৱদান আগবঢ়াইছে মধ্যপ্ৰদেশে। দেশৰ কৃষি খণ্ডত এই ৰাজ্যখনৰ অৱদান সৰ্বাধিক ৬.৫ শতাংশ।  

২০২৭ লৈকে ভাৰতৰ লক্ষ্য 

সিন্ধিয়াই কয়, "আমাৰ চৰকাৰৰ লক্ষ্য হৈছে ২০২৭ লৈকে ভাৰতক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিলৈ পৰিণত কৰা। অহা দুবছৰত ভাৰতে জাৰ্মানী আৰু জাপানক অতিক্ৰম কৰিব। ২০২৮ লৈকে ভাৰতক ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি আৰু ২০৩০ লৈকে ৬ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি কৰাৰ লক্ষ্য লোৱা হৈছে।''

ভাৰতীয় ডাক বিভাগৰ উন্নয়ন  

ডাক বিভাগৰ কথা কবলৈ গৈ সিন্ধিয়াই কয়, বিশ্বৰ আন কোনো ঠাইতে ভাৰতীয় ডাক বিভাগৰ দৰে প্ৰতিষ্ঠান নাই।  ভাৰতত ১.৬৪ লাখ ডাকঘৰ আছে আৰু ৪ লাখ ডাকোৱাল আছে। এই ডাকঘৰসমূহক লজিষ্টিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হ'ব। এই ক্ষেত্ৰত বহু দেশৰ ডাক বিভাগক অধ্যয়ন কৰা হৈছে বুলিও জনায়।  

ভাৰতনেট প্ৰকল্প 

সিন্ধিয়াই কয়, দেশৰ ২.৪৫ লাখ গ্ৰাম পঞ্চায়তক ভাৰতনেটৰ জৰিয়তে সংযুক্ত কৰা হৈছে। বৰ্তমান ২.১২ লাখ গাওঁ পঞ্চায়ত ভাৰতনেটৰ সৈতে সংযুক্ত হৈছে। অৱশিষ্ট যখিনি বাকী আছে সেয়াও সংযুক্ত কৰা হ'ব। এই প্ৰকল্পৰ বাবে ১.৩৯ লাখ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে।  

মধ্যবিত্ত শ্ৰেণীক সকাহ

সিন্ধিয়াই কয় যে, কেন্দ্ৰীয় বাজেটে মধ্যবিত্ত শ্ৰেণীৰ বাবে সকাহৰ ব্যৱস্থা কৰিছে। বছৰি ১২ লাখ টকালৈকে উপাৰ্জন কৰা ব্যক্তিয়ে আয়কৰ দিব নালাগে। এইদৰেই কেন্দ্ৰীয় বাজেটে ভাৰতক স্বয়ংসম্পূৰ্ণ কৰি বিশ্বৰ শীৰ্ষস্থানীয় ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগবঢ়াইছে বুলি ব্যাখ্যা দাঙি ধৰিছে জ্যোতিৰাদিত্য সিন্ধিয়াই। 

উন্নয়ন জ্যোতিৰাদিত্য সিন্ধিয়া