'চাকৰি মেলা'- প্ৰধানমন্ত্ৰীয়ে ৭১,০০০ যুৱক-যুৱতীক প্ৰদান কৰিব নিযুক্তি পত্ৰ

পুনৰ বহু যুৱক-যুৱতীয়ে লাভ কৰিব চাকৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০ জানুৱাৰীত ৭১ হাজাৰ যুৱক-যুৱতীক চাকৰিৰ নিযুক্তিপত্ৰ প্ৰদান কৰিব।

author-image
Asomiya Pratidin
New Update
সভ্যতা-ঐতিহ্য সামৰি ৰাজধানীত স্থাপন হ'ব আন্তৰ্জাতিক সংগ্ৰহালয়

ডিজিটেল ডেস্ক:পুনৰ বহু যুৱক-যুৱতীয়ে লাভ কৰিব চাকৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০ জানুৱাৰীত ৭১ হাজাৰ যুৱক-যুৱতীক চাকৰিৰ নিযুক্তিপত্ৰ প্ৰদান কৰিব।

Advertisment

এই সকল যুৱক-যুৱতীক- 'চাকৰি মেলা'ৰ অধীনত চৰকাৰী বিভাগ আৰু সংগঠনত নিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (পিএমঅ') জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰী মোডীয়ে শুকুৰবাৰে পুৱা ১০:৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এই নিযুক্তি পত্ৰ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে, চাকৰি মেলা হৈছে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পুৰণ কৰাৰ ক্ষেত্ৰত আন এটি পদক্ষেপ। আশা কৰা হৈছে যে চাকৰি মেলাই নিযুক্তি সৃষ্টি কৰি যুৱসকলক তেওঁলোকৰ সৱলীকৰণ আৰু ৰাষ্ট্ৰীয় বিকাশত অংশগ্ৰহণৰ বাবে সুযোগ প্ৰদান কৰিব।

জানিব পৰা মতে,দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত যুৱক-যুৱতীসকলক ভাৰত চৰকাৰৰ অধীনত কনিষ্ঠ অভিযন্তা, লোকো পাইলট, টেকনিচিয়ান, পৰিদৰ্শক, উপ পৰিদৰ্শক, কনিষ্টবল, ষ্টেনোগ্ৰাফাৰ, শিক্ষক, নাৰ্ছ, চিকিৎসক আদি বিভিন্ন বিভাগত নিযুক্তি দিব।

আৰু পঢ়ক: বিশিষ্ট লেখক বিজয় কুমাৰ দেৱানৰ পৰলোক প্ৰাপ্তি...

rojgar mela narendra modi rozgar mela