নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰীৰ পদত সম্পূৰ্ণ কৰিলে ১০০টা মাহ...

২০৪৭ চনৰ ভিতৰত স্বাধীনতাৰ ১০০ তম বৰ্ষত ভাৰতৰ বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে

author-image
Asomiya Pratidin
New Update
দিপাৱলীত প্ৰধানমন্ত্ৰীৰ উপহাৰ! যুৱক-যুৱতীক প্ৰদান কৰিব চাকৰিৰ নিযুক্তি পত্ৰ...

Modi completes 100 months as Prime Minister

ডিজিটেল ডেস্ক : নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰীৰ পদত সম্পূৰ্ণ কৰিলে ১০০টা মাহ। গুজৰাটত ১৩টা বৰ্ষ মুখ্যমন্ত্ৰী হিচাপে ৰাইজৰ সেৱা তথা বিকাশৰ ক্ষেত্ৰত নিজকে নিয়োগ কৰি ২০১৪ চনৰ ২৬ মে'ত দেশৰ প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল।

Advertisment

উল্লেখ্য যে দেওবাৰ অৰ্থাৎ ২৫ ছেপ্টেম্বৰ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তী। আৰু এই দিনটোতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁ প্ৰধানমন্ত্ৰীত্বৰ যাত্ৰাৰ ১০০ টা মাহ সম্পূৰ্ণ কৰে।

প্ৰধানমন্ত্ৰী মোডীয়ে যোৱা ৮ বছৰৰ উন্নয়ন যাত্ৰাক স্তম্ভ হিচাপে গঢ়ি তুলি ২০৪৭ চনৰ ভিতৰত স্বাধীনতাৰ ১০০ তম বৰ্ষত ভাৰতৰ বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশৰ বিকাশৰ বাবে এই ১০০ টা মাহে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

prime minister india narendra modi bjp