মোডীৰ আহ্বান, এইবাৰ দেৱালীত ছেলফী লওক আৰু শ্বেয়াৰ কৰক 'নমো এপ'ত...

মোডীৰ আহ্বান, এইবাৰ দেৱালীত ছেলফী লওক আৰু শ্বেয়াৰ কৰক 'নমো এপ'ত...

ডিজিটেল ডেস্কঃ পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে দিপালীক লৈ সাজু হৈছে সকলো। বজাৰত দেখা গৈছে ভিৰ। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভোকেল ফৰ লোকেলক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে।

মোডীয়ে ছ'চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, "আহক! এই দেৱালীত আমি নমো এপত ভোকেল ফৰ লোকেলৰ জৰিয়তে ভাৰতৰ উদ্যোগী আৰু সৃজনশীল মনোভাৱ উদযাপন কৰো। প্ৰধানমন্ত্ৰী মোডীয়ে জনসাধাৰণক স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

মোডীয়ে আহ্বান জনাই যে এই দেৱালীত সকলোৱে স্থানীয় সামগ্ৰী ক্ৰয় কৰিব লাগে। লগতে সেই সামগ্ৰী বা সামগ্ৰী নিৰ্মাতাৰ সৈতে এখন ছেলফি নমো এপত পোষ্ট কৰিব লাগে। লগতে বন্ধুবৰ্গ আৰু পৰিয়ালক এই কামত অন্তৰ্ভুক্ত কৰিবলৈ বাৰ্তাটো আনৰ সৈতেও শ্বেয়াৰ কৰিবলৈ কয়। প্ৰধানমন্ত্ৰীয়ে নমো এপৰ লিংকো সংযোগ কৰি দিয়ে ছচিয়েল মিডিয়াৰ পোষ্টত।

প্ৰধানমন্ত্ৰী মোডীয়ে ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা কৌশল সন্মান যোজনা আৰম্ভ কৰিছিল। এই আঁচনিখনৰ উদ্দেশ্য আছিল ১৮ টা ব্যৱসায়ক লাভান্বিত কৰা। তাৰ পাছত স্থানীয় সামগ্ৰী পৰিদৰ্শন কৰিছিল মোডীয়ে। আৰু তেতিয়াই ভোকেল ফৰ লোকেলৰ কথাও উল্লেখ কৰিছিল। এইবাৰ দিপাৱলীৰ সময়ত পুনৰ মোডীয়ে জনতাক ভোকেল ফৰ লোকেলত গুৰুত্ব দিবলৈ আহ্বান জনায়।

মোডীৰ আহ্বান, এইবাৰ দেৱালীত ছেলফী লওক আৰু শ্বেয়াৰ কৰক 'নমো এপ'ত...
ৰেলৰ পৰা নামিব লওতেই পিছলি পৰি অন্য এখনৰ চেপাত মৃত্যু এজনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in