ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব এম কে ষ্টেলিন

বুধবাৰে লোকসভাত গৃহীত হোৱা ৱাকফ (সংশোধনী) বিধেয়ক-২০২৪ ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগেৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ এম কে ষ্টেলিনৰ

author-image
Tushar Pratim
New Update
ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব এম কে ষ্টেলিন

ডিজিটেল ডেস্কঃ বুধবাৰে লোকসভাত গৃহীত হোৱা ৱাকফ (সংশোধনী) বিধেয়ক-২০২৪ ৰ জৰিয়তে শাসকীয় কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগেৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ এম কে ষ্টেলিনৰ। তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি জনাইছে। 

Advertisment

ষ্টেলিনৰ মতে ৱাকফ সংশোধনী বিধেয়কৰ জৰিয়তে সংবিধানৰ ওপৰত আক্ৰমণ কৰা হৈছে।ইয়াৰ জৰিয়তে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ প্ৰয়াস কৰা বুলিও অভিযোগ উত্থাপন কৰে ডি এম কেৰ মুৰব্বীগৰাকীয়ে। 

বৃহস্পতিবাৰে ষ্টেলিনে কয় যে, তেওঁৰ দলে এই বিধেয়কক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব। বুধবাৰে লোকসভাত ৱাকফ বিধেয়কখনৰ সন্দৰ্ভত দীৰ্ঘ সময় ধৰি চলা বিতৰ্কৰ অন্তত মিশা গৃহীত কৰা হৈছিল। 

বিধেয়কখনৰ সপক্ষে ২৮৮ জন সাংসদে আৰু ২৩২ জন সাংসদে বিপক্ষে ভোটদান কৰে।বৃহস্পতিবাৰে ৰাজ্যসভাত এই বিধেয়কখন উত্থাপন কৰা হৈছে। ইতিমধ্যে ডি এম কে নেতৃত্বাধীন চৰকাৰে এই বিধেয়কখনৰ বিৰোধিতা কৰি তামিলনাডু বিধানসভাত এক প্ৰস্তাৱ গৃহীত কৰিছে। 

এই প্ৰস্তাৱৰ জৰিয়তে কেন্দ্ৰক বিধেয়কখন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনোৱা হয়।ষ্টেলিনে কয় যে যদিও বিধেয়কখন লোকসভাত গৃহীত হৈছে, তথাপিও ইয়াৰ বিৰোধীৰ সংখ্যা কম নহয়। বিধেয়কখনৰ বিৰুদ্ধে বিৰোধী সাংসদসকলৰ মতামতক আহিলা হিচাপে লৈ এইবাৰ আদালতৰ কাষ চাপিবলৈ চেষ্টা কৰিছে ডি এম কেৰ মুৰব্বীগৰাকীয়ে। 

ষ্টেলিনে কয় যে, মিত্ৰজোঁটৰ সহায়ত এইদৰে বিধেয়কখন গৃহীত কৰি ভাৰতৰ সংবিধানক আক্ৰমণ কৰা হৈছে আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা কৰা হৈছে। 

উল্লেখ্য যে, বুধবাৰে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়াই’ই লোকসভাত এই বিধেয়কখনৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ কৰাই নহয় ইয়াৰ বিৰুদ্ধে সৱল যুক্তিও দাঙি ধৰিলে। কংগ্ৰেছৰ লগতে তৃণমূল, সমাজবাদী পাৰ্টি, এন চি পি (শাৰদ পাৱাৰ), ডি এম কে, আৰ জে ডি, উদ্ধৱ থাকৰেৰ শিৱসেনানেও সংশোধিত ৱাকফ বিধেয়কৰ বিৰোধিতা কৰে। 

 

dmk উচ্চতম ন্যায়ালয় ৱাকফ সংশোধনী বিধেয়ক