দুৰ্ঘটনাত আহত পুত্ৰঃ চিকিৎসকে অপাৰেচন কৰিলে সুস্থ পিতৃক...

দুৰ্ঘটনাত আহত হৈছিল যুৱক। হাস্পতালত অস্ত্ৰোপচাৰ কৰিলে পিতৃক। চৰকাৰী চিকিৎসালয়ত এনে কাণ্ডত স্তম্ভিত ৰোগীৰ পৰিয়াল তথা চিকিৎসালয়ত থকা অন্যান্য ৰোগী আৰু তেওঁলোকৰ আত্মীয়। 

author-image
Tushar Pratim
New Update
দুৰ্ঘটনাত আহত পুত্ৰঃ চিকিৎসকে অপাৰেচন কৰিলে সুস্থ পিতৃক...

ডিজিটেল ডেস্কঃ দুৰ্ঘটনাত আহত হৈছিল যুৱক। হাস্পতালত অস্ত্ৰোপচাৰ কৰিলে পিতৃক। চৰকাৰী চিকিৎসালয়ত চৰকাৰী চিকিৎসকৰ এনে কাণ্ডত স্তম্ভিত ৰোগীৰ পৰিয়াল তথা চিকিৎসালয়ত থকা অন্যান্য ৰোগী আৰু তেওঁলোকৰ আত্মীয়। 

Advertisment

জানিব পৰা মতে মনিষ নামৰ এগৰাকী যুৱক এক দুৰ্ঘটনাত পতিত হৈ আহত হৈছিল। পৰৱৰ্তী সময়ত তেওঁক লৈ যোৱা হৈছিল চিকিৎসালয়লৈ। চিকিৎসালয়ৰ পৰা তেওঁৰ আত্মীয়লৈ ফোন কৰি দুৰ্ঘটনাৰ খবৰ দিয়া হয় আৰু কিছু সময়ৰ পাছতে আহি চিকিৎসালয়ত উপস্থিত হয় মনিষৰ পিতৃ। 

চিকিৎসালয়ত তেওঁক কৰ্তৃপক্ষই অপাৰেচন থিয়েটাৰৰ বাহিৰত মনিষৰ সৈতে অপেক্ষা কৰিবলৈ কয়। সেই মতেই তেওঁলোক অপাৰেচন কক্ষৰ বাহিৰত অপেক্ষা কৰে। মনিষৰ দেউতাক পক্ষাঘাতগ্ৰস্ত।

মনিষৰ দাবী চিকিৎসালয় কৰ্তৃপক্ষই তেওঁৰ দেউতাকক অপাৰেচন থিয়েটাৰৰ ভিতৰলৈ মাতি পঠিয়াই। পাছত মনিষে দেউতাকৰ শৰীৰত কটা-চিঙাৰ দাগ আৰু চিলাই দেখি সন্দেহ হয়। ইয়া লগে লগেই মনিষে চিকিৎসালয়খনৰ কৰ্তৃপক্ষক প্ৰশ্ন কৰে তেওঁৰ দেউতাকৰ দেহত কটা-চিঙাৰ দাগ আৰু চিলনি কিদৰে আহিল?
 
চিকিৎসালয়খনৰ অধ্যক্ষ সংগীতা ছাক্সেনাই জনোৱা মতে ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ চিকিৎসালয়খনৰ অধ্যক্ষক দায়িত্ব দিয়া হৈছে। 

মনিষ নামৰ আহত ৰোগীগৰাকীৰ সুস্থ দেউতাকক অপাৰেচন থিয়েটাৰ ভুলবশতঃ সোমোৱাই লৈ অপাৰেচন কৰা হৈছিল নেকি সেয়াও তদন্ত কৰিবলৈ দিয়া হৈছে। নে ইয়াৰ আঁৰত আন কিবা কাৰণ আছে সেয়াও তদন্তই নিশ্চিত কৰিব বুলি কৈছে। এই ঘটনা সন্দৰ্ভত গঠন কৰা হৈছে এখন তদন্ত কমিটীও। 

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজস্থানত। ৰাজ্যখনৰ কোটা চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে চিকিৎসালয়নত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ। চিকিৎসক, চিকিৎসা কৰ্মীৰ গাফিলতিৰ চূড়ান্ত এই উদাহৰণে তেওঁলোকৰ ৰোগীৰ প্ৰতি থকা দায়িত্ববোধ, কৰ্তব্য নিষ্ঠাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে। 


 

চিকিৎসালয় চিকিৎসক ৰাজস্থান