স্বৰ্ণ কন্যাক কোনে পৰাস্ত কৰিব পাৰে? আকৌ স্বৰ্ণ জিনিলে মীৰা বাই চানুৱে...

মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাৰ ভাৰত্তোলনত সোণৰ পদক লাভ

author-image
Asomiya Pratidin
New Update
স্বৰ্ণ কন্যাক কোনে পৰাস্ত কৰিব পাৰে? আকৌ স্বৰ্ণ জিনিলে মীৰা বাই চানুৱে...

mira bai chanu

ডিজিটেল ডেস্কঃ সম্প্ৰতি গুজৰাটত চলি আছে ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত আজি স্বৰ্ণ পদক জয় কৰি পদক দখলৰ ধাৰাবাহিকতা অব্যাহত ৰাখিলে উত্তৰ পূৰ্বাঞ্চলক বিশ্ব ক্ৰীড়াৰ মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম জনপ্ৰিয় ক্ৰীড়াবিদ মীৰাবাই চানুৱে।

Advertisment

প্ৰতিযোগিতাখনত শুকুৰবাৰে অনুষ্ঠিত মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাৰ ভাৰত্তোলন প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে মীৰাবাই চানুৱে। টকিঅ' অলিম্পিকত ৰূপৰ পদক আৰু বাৰ্মিংহাম কমনৱেলথ গেমছত স্বৰ্ণ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল চানুৱে।

mira bai chanu weightlifting 36th national games gujrat national games