নিৰ্লজ্জ! ধৰ্ষণকাৰীৰ সৈতে নাবালিকাক বিয়া পাতি দিয়াৰ প্ৰস্তাৱ হোষ্টেলৰ স্বত্বাধীকাৰীৰ

নিৰ্লজ্জ! ধৰ্ষণকাৰীৰ সৈতে নাবালিকাক বিয়া পাতি দিয়াৰ প্ৰস্তাৱ হোষ্টেলৰ স্বত্বাধীকাৰীৰ

ডিজিচেল ডেস্কঃ ৰাজস্থানৰ কটাত শুকুৰবাৰে এজন ধৰ্ষণকাৰীসহ গ্ৰেপ্তাৰ কৰা হয় ধৰ্ষণৰ ঘটনাক গাপ দিবলৈ চেষ্টা কৰা হোষ্টেলৰ স্বত্বাধীকাৰীক। এগৰাকী নাবালিকাক যৌন অতিশয্যা চলোৱা আৰু ব্লেকমেইলিঙৰ অপৰাধত গ্ৰেপ্তাৰ হয় ২২ বছৰীয়া যুৱকজন।

জানিব পৰা মতে, কটাৰ এখন ব্যক্তিগত হোষ্টেলত থাকি চিকিৎসা শিক্ষাৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল নাবালিকা ছাত্ৰীগৰাকীয়ে। ভূক্তভূগী ছাত্ৰীগৰাকীৰ সৈতে তেওঁপ ডাঙৰ বায়েকো একেখন হোষ্টেলতে আছিল। ঘটনাৰ বিৱৰণ অনুসৰি হোষ্টেলখনলৈ খাদ্য দিবলৈ অহা কেন্টিনৰ যুৱক জনে যোৱা ফ্ৰেব্ৰুৱাৰী মাহত খাদ্য দিবলে আহি বলপূৰ্বকভাৱে নাবালিকা গৰাকীক মদ্যপান কৰোৱাই অন্য এটা হোষ্টেল চৌহদলৈ নি প্ৰথমবাৰৰ বাবে ধৰ্ষণ কৰিছিল।

কটাৰ আৰক্ষী অধীক্ষক শৰদ চৌধুৰীয়ে জনোৱা মতে, ধৃত ধৰ্ষণকাৰীজনে নাবালিকা গৰাকীৰ ফটো ফাইৰেল কৰাৰ ভাবুকি দি ৬বাৰতকৈও অধিকবাৰ নাবালিকা গৰাকীক ধৰ্ষণ কৰিছিল। নাবালিকা গৰকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত হোষ্টেলৰ স্বত্বাধীকাৰীক আগতেই জনাইছিল যদিও তেওঁ নাবালিকা গৰাকী আৰু অভিযুক্তৰ বিয়া পাতি দিব বুলি কৈ এই ঘটনাৰ বিষয়ে ঘৰত নজনোৱাৰ ভাবুকি দিয়ে। লগতে এই ঘটনাৰ বিষয়ে বেলেগে জানিলে নাবালিকা গৰাকীৰ ভাৱমূৰ্তী কলংকিত হ'ব বুলি তেওঁক ভয় খুৱাই ঘটলাটো গাপ দিয়াৰ চেষ্টা কৰিছিল।

অৱশেষত যোৱা ১০ অক্টোবৰত নাবালিকা গৰাকীয়ে আৰক্ষী থানাত উপস্থিত হৈ গোচৰ ৰুজু কৰে আৰু এই গোচৰৰ ভিত্তিত শুকুৰবাৰে কেন্টিনৰ যুৱকজন আৰু হোষ্টেলখনৰ স্বতাধীকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বুলিও কটাৰ আৰক্ষী অধীক্ষক শৰদ চৌধুৰীয়ে জানিবলৈ দিয়ে।

নিৰ্লজ্জ! ধৰ্ষণকাৰীৰ সৈতে নাবালিকাক বিয়া পাতি দিয়াৰ প্ৰস্তাৱ হোষ্টেলৰ স্বত্বাধীকাৰীৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনৰ পৰিকল্পনাৰে ৭০০টা পৰিয়ালক প্ৰশাসনৰ জাননী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in