একেলগে দেশৰ ১০ লক্ষধিক নাগৰিকক দিয়া হ'ব চিপিআৰ প্ৰশিক্ষণ

একেলগে দেশৰ ১০ লক্ষধিক নাগৰিকক দিয়া হ'ব চিপিআৰ প্ৰশিক্ষণ

author-image
Asomiya Pratidin
New Update
একেলগে দেশৰ ১০ লক্ষধিক নাগৰিকক দিয়া হ'ব চিপিআৰ প্ৰশিক্ষণ

ডিজিটেল ডেস্কঃ হৃদৰোগত আক্ৰান্ত ৰোগীসকলৰ জীৱন ৰক্ষা কৰিবলৈ চৰকাৰে এক বিশেষ অভিযান আৰম্ভ কৰাৰ যো জা কৰিছে। ইয়াৰ অধীনত বিভিন্নজনক কাৰ্ডিওপালমোনাৰী ৰিচাচিটেচন (চিপিআৰ) পদ্ধতিৰ প্ৰশিক্ষণ দিয়া হ'ব।

এই ৰাষ্ট্ৰব্যাপি জনসজাগতা কাৰ্যসূচী ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান পৰীক্ষা পৰিষদে (এনবিইএমএছ) ৬ ডিচেম্বৰত আয়োজন কৰিছে। তথ্য অনুসৰি, ১০ লাখৰো অধিক লোকক একে সময়তে চিপিআৰ দিয়াৰ প্ৰশিক্ষণ দিয়া হ'ব। পুৱা ৯ বজাত আৰম্ভ হ'ব প্ৰশিক্ষণ।

চিপিআৰৰ কৌশলৰ প্ৰশিক্ষণ দিবলৈ প্ৰতিটো স্থানত এজন প্ৰশিক্ষিত চিকিৎসক নিযুক্তি দিয়া হ'ব। এইসকলে অংশগ্ৰহণকাৰীসকলৰ প্ৰশ্নৰ উত্তৰো দিব। লগতে অংশগ্ৰহণকাৰী সকলক প্ৰমাণ পত্ৰও প্ৰদান কৰা হ'ব।

সংবাদ মাধ্যমক এই কাৰ্যসূচী সন্দৰ্ভত অৱগত কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডবিয়াই কয় যে এই কাৰ্যসূচীৰ লক্ষ্য হৈছে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ তাৎক্ষণিক চিকিৎসা সঁহাৰিৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। দেশজোৰা এই কাৰ্যসূচীত কেইবাখনো চিকিৎসালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, আৰু জৰুৰীকালীন সঁহাৰি প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব।

এই কাৰ্যসূচীৰ তাৎপৰ্য বাখ্যা কৰি ডাঃ মাণ্ডবিয়াই কয় যে, হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা ৰোগীয়ে চিকিৎসালয় পোৱাৰ আগতে সময়মতে উপযুক্ত প্ৰাথমিক চিকিৎসা লাভ কৰিলে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বহু লোকৰ জীৱন ৰক্ষা কৰিব পৰা যায়। চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা ব’ৰ্ডৰ সভাপতি ডাঃ অভিজাত শেঠে কয় যে, এই কাৰ্যসূচীৰ প্ৰধান লক্ষ্য হৈছে সৰ্বাধিক নাগৰিকক চিপিআৰ প্ৰশিক্ষণ প্ৰদান কৰা। যিয়ে দেশত হৃদযন্ত্ৰ বিকল হোৱাৰ ফলত হোৱা মৃত্যু ৰোধ কৰাত সহায় কৰিব।

Also Read: মৃত্যু সুলভ! ক'ত হেৰাল জীৱনৰ মাদকতা...

cpr trainning