/asomiyapratidin/media/media_files/2025/04/21/UNvEnmB6hQFLdCYJC6z4.jpg)
ডিজিটেল সংবাদ মুম্বাইঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আজি নিউ মুম্বাই ইন্টাৰনেশ্যনেল ক্রুজ টার্মিনেলৰ পৰা ক্রুজ কার্যকলাপৰ শুভাৰম্ভ কৰে। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ভিক্টোৰিয়া ডকত নৱীকৰণ কৰা অগ্নি স্মাৰকৰ লগতে নৱীকৰণ কৰা দুটা ঐতিহ্য ভৱন- ফৰ্ট হাউচ বেলার্ড ইষ্টেট আৰু কোলাবাৰ ইভলিন হাউচ উদ্বোধন কৰে, যিয়ে চহৰখনৰ নান্দনিক আৰু ঐতিহাসিক আকর্ষণ বৃদ্ধি কৰিব। সোণোৱালে সেউজ বন্দৰ পদক্ষেপৰ অধীনত তীৰৰ পৰা জাহাজলৈ বিদ্যুৎ সৰবৰাহৰ লগতে সাগৰ উপবনৰো শুভ উদ্বোধন কৰে।
ক্রুজ ভাৰত মিছনৰ অধীনত বিকশিত হোৱা বিশ্বমানৰ আন্তঃৰাষ্ট্ৰীয় ক্রুজ টার্মিনেলটোৱে ভাৰতত ক্রুজ পর্যটনৰ বিকাশত এক অগ্রণী ভূমিকা গ্রহণ কৰিব বুলি আশা কৰা হৈছে। ই হৈছে ভাৰতৰ সর্ববৃহৎ বিশ্বমানৰ ক্রুজ টার্মিনেল। নতুনকৈ উদ্বোধন কৰা টার্মিনেলটোৰ জৰিয়তে প্রতিদিনে প্রায় ১০,০০০ যাত্রীৰ সৈতে প্রতি বছৰে ১ নিযুত যাত্রীৰ সুচল চলাচল হোৱাৰ ব্যৱস্থা আছে।
এই গুৰুত্বপূর্ণ ক্ৰুজ সেৱা আৰম্ভ হোৱাৰ সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, "মুম্বাইৰ সামুদ্রিক ইতিহাস সমৃদ্ধ আৰু আমাৰ সভ্যতাৰ এক অবিচ্ছেদ্য অংগ। উপকূলীয় প্রাণকেন্দ্র হিচাপে এই বৃহৎ অঞ্চলে ইয়াৰ ব্যস্ত উপকূলীয় ব্যৱসায়ৰ জৰিয়তে দেশক সমৃদ্ধ কৰিছে।
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী ডাঙৰীয়াৰ 'অত্যাধুনিক আন্তঃগাঁথনিৰ জৰিয়তে ভাৰতক বিশ্বৰ এক আগশাৰীৰ ক্রুজ হাবলৈ ৰূপান্তৰ'ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আমি নিৰন্তৰ কাম কৰি আছোঁ। বিশ্বৰ এক প্রধান সামুদ্রিক প্রাণকেন্দ্র হিচাপে দীর্ঘদিন ধৰি খ্যাতি লাভ কৰি আহিছে মুম্বাইয়ে।
আজি মুম্বাই আন্তঃৰাষ্ট্রীয় ক্রুজ টার্মিনেলৰ পৰা ক্রুজ অপাৰেচন আৰম্ভ কৰি যাত্রীসকলক উন্নত, বিশ্বমানৰ আৰু সুৰক্ষিত অভিজ্ঞতাৰ বাবে আধুনিক সা-সুবিধা প্রদান কৰা হৈছে। ইয়াৰ ফলত বিশাখাপত্তনম আৰু চেন্নাইত থকা আমাৰ বৰ্তমানৰ এনেধৰণৰ অগ্রণী আন্তঃৰাষ্ট্ৰীয় টার্মিনেলসমূহৰ সংখ্যা বৃদ্ধি পাইছে।"
সেউজ বন্দৰ পদক্ষেপক উৎসাহিত কৰি মুম্বাই বন্দৰত তীৰৰ পৰা জাহাজলৈ বৈদ্যুতিক সৰবৰাহ কৰা হৈছে। ই টাগ ব'ট আৰু উপকূলৰক্ষী বাহিনীক নির্গমন হ্রাস কৰাত সহায় কৰিব, কার্য্যকৰী দক্ষতা বৃদ্ধি কৰিব আৰু শব্দ প্রদূষণ হ্রাস কৰিব।
পাৰিপার্শ্বিক সুস্থিৰতা আৰু বন্দৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণো ইয়াৰ জৰিয়তে ত্বৰান্বিত হ'ব। আজি কোলাবাত শুভ উদ্বোধন কৰা সাগৰ উপবন উদ্যানো উদ্বোধন কৰা হয়। এয়া টাটা ট্রাষ্টৰ সহযোগত নির্মাণ কৰা হয়।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ৱধাবন বন্দৰত ৫,৭০০ কোটি টকাতকৈও অধিক বিনিয়োগ মূল্যৰ আন্তঃগাঁথনি প্ৰকল্পৰ উন্নয়নৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্রহণ কৰে। ৪২০০ কোটি টকাৰ বিনিয়োগত কন্টেইনাৰ, বাল্ক আবু লিকুইড কাৰ্গ' পৰিচালনাৰ বাবে এটা টার্মিনেলৰ বিকাশ, ১০০০ কোটি টকাৰ বিনিয়োগত বাল্ক আৰু লিকুইড কাৰ্গ' পৰিচালনাৰ বাবে এটা বিশেষ টার্মিনেলৰ বিকাশ আৰু তৰল কাৰ্গ' জেটিৰ বিকাশ আৰু ৫০০ কোটি টকাৰ বিনিয়োগত তৰলীকৃত ৰাসায়নিক আৰু সম্পর্কিত সামগ্রী পৰিচালনাৰ বাবে ৩ লাখ চি. বি. এম. ক্ষমতাৰ এটা টেংক ফার্মৰ বাবে চুক্তি স্বাক্ষৰ কৰা হয়।
বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, "আমাৰ গতিশীল নেতা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক ৱধাবন বন্দৰক বিশ্বৰ শীর্ষ ১০টা শীর্ষ বন্দৰৰ ভিতৰত এটালৈ ৰূপান্তৰিত কৰাৰ এক দৃষ্টিভংগী প্রদান কৰিছে। যিহেতু ৱধাবন বন্দৰ প্ৰকল্পই ভাৰতৰ বৰ্তমানৰ সামর্থ্য তিনিগুণতকৈও অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে, এই প্রধান বন্দৰে কেৱল ভাৰতৰ সামুদ্রিক খণ্ডৰ বাবেই নহয়, আঞ্চলিক বাণিজ্যকো অধিক সক্ষম কৰিব।
যিহেতু ভাৰত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত হ'বলৈ সাজু হৈছে, এই বন্দৰটোৱে বিকাশৰ এক গুৰুত্বপূর্ণ গুণক হিচাপে কাম কৰাৰ সম্ভাৱনা আছে। এই সন্দর্ভত আজি স্বাক্ষৰিত হোৱা বুজাবুজি চুক্তিসমূহে ৱধাবন বন্দৰৰ আন্তঃগাঁথনি আৰু ক্ষমতা অধিক শক্তিশালী কৰাৰ দিশত কাম কৰিব।"
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে অতিথি হিচাপে উপস্থিত আছিল কেন্দ্রীয় ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰ, মন্ত্রালয়ৰ সচিব টি কে ৰামচন্দ্রন প্রমুখ্যে অন্যান্য গণ্য-মান্য ব্যক্তিসকল তথা বিষয়ববীয়া।