/asomiyapratidin/media/media_files/2025/04/25/bBuSD7JzbeeUuFdWpcm5.jpeg)
মন্ত্ৰী পীযুষ হাজৰিকা
ডিজিটেল সংবাদ, ধিং: "আমাক যিয়ে ভোট দিব, তেওঁক আমি সন্মান কৰিম। যিয়ে ভোট দিব তেওঁক আমি শ্ৰদ্ধা কৰিম। আপোনালোকে এতিয়ালৈকে ক’ত ভোট দিছে আমাৰ মতলব নাই। আপোনালোকে আজিৰ পৰা ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়ক, আমি আপোনালোকক সন্মান কৰিম, শ্ৰদ্ধা কৰিম, সন্মান কৰিম।"- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ।
ধিং বিধানসভা সমষ্টিৰ ডুমডুমীয়া নতুন বজাৰ খেলপথাৰত আজি এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে, "উপ-নিৰ্বাচনত চামগুৰিৰ কংগ্ৰেছ দলৰ অপকৰ্মৰ কাৰণে চামগুৰিৰ মানুহে ক’লে যে, কংগ্ৰেছ দলৰ এটা পৰিয়ালৰ মানুহক আৰু বিধায়ক নবনাওঁ। সেই কাৰণে আমি ৪৫ শতাংশতকৈ বেছি সংখ্যালঘু ভোট লাভ কৰিছিলো আৰু দিপ্লুৰঞ্জন শৰ্মা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। গতিকে চামগুৰিৰ দৰে যদি আপোনালোকে আমাক ধিঙতো জয়ী কৰায় মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন সদস্য আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ব।"
/asomiyapratidin/media/media_files/2025/04/25/fjsctRsShUfSkHIjRMR9.jpeg)
কংগ্ৰেছ, এআইইউডিএফক তীব্ৰ সমালোচনা কৰি এইসমূহ অঞ্চলৰ উন্নয়ন অইন অঞ্চলবোৰতকৈ কিয় কম উন্নয়ন হৈছে তাৰো ব্যাখ্যা দাঙি ধৰে। "ইয়াত হয় এআইইউডিএফ জিকে নহয়তো বা কংগ্ৰেছ জয়ী হয়। দিল্লীত বিজেপিৰ চৰকাৰ হয়, অসমত ১০ বছৰ বিজেপিৰ চৰকাৰ হয় কিন্তু ইয়াত বিজেপি বুলি ভোট নিদি কংগ্ৰেছ, এআইইউডিএফক ভোট দি জিকোৱা হয়।" তেওঁ কয় যে, "যি কংগ্ৰেছে শাসনত থাকোঁতে আপোনালোকৰ কাম কৰিব নোৱাৰিলে, এআইইউডিএফেতো কেতিয়াও শাসনলৈ আহিব নোৱাৰে, নাহে। সেই কংগ্ৰেছ আৰু এআইইউডিএফে আপোনালোকৰ কিব কাম কৰি দিব পাৰিব নেকি" বুলি তেওঁ প্ৰশ্ন কৰে।
/asomiyapratidin/media/media_files/2025/04/25/4ZgyfvA2p54zFYhlbK6L.jpeg)
তেওঁ লগতে উল্লেখ কৰে যে, "সংখ্যালঘু ৰাইজৰ প্ৰতি যদি আমাৰ বেয়া মনোভাৱ থাকিলহেঁতেন, তেন্তে সংখ্যালঘু বসতি প্ৰধান এই অঞ্চলত কেতিয়াও আমি এই ১০০ কিলোমিটাৰ মথাউৰি আমি কেতিয়াও নবনালোহেঁতেন। ধিং আৰু লাহৰীঘাটৰ গৰাখহনীয়া সমস্যা কেতিয়াও সমাধান নকৰিলোহেঁতেন।" মন্ত্ৰীগৰাকীয়ে লাহৰীঘাটৰ গৰাখহনীয়া সমস্যা সমধান কৰাৰ কথাও ভাষণত উল্লেখ কৰে। তেওঁ কয় যে, "কংগ্ৰেছে আপোনালোকক ভোট দিয়া মেচিন হিচাপে গণ্য কৰে আৰু তাৰ পিছত আপোনালোকৰ একো কাম কৰি নিদিয়ে। কংগ্ৰেছৰ দিনত সংখ্যালঘু মানুহক ভয় খুৱাই ভোট আদায় কৰি সূতা-কম্বল বিলাই দিছপুৰত বহি থকাই কংগ্ৰেছৰ কাম আছিল। কিন্তু কংগ্ৰেছৰ দৰে আমাৰ সূতা-কম্বল দিয়াৰ অভিপ্ৰায় নাই, অসমত আমি এতিয়া ৩৮ লাখ পৰিয়ালক অৰুণোদয় দিবলৈ গৈ আছো। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে নিৱনুৱাক চাকৰি, শিক্ষাৰ্থীৰ বাবে গ্ৰহণ কৰা আঁচনি আদিৰ বিষয়েও বক্তব্য দাঙি ধৰে।"
মন্ত্ৰীগৰাকীয়ে কাশ্মীৰৰ পহলগামৰ ঘটনা সন্দৰ্ভত বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বিতৰ্কিত মন্তব্য সন্দৰ্ভত বিধায়কজনক তীব্ৰ সমালোচনা কৰি কয় যে, "আমি সকলো প্ৰকৃত ভাৰতীয়, ইয়াত হিন্দু মুছলমান কথা নাই। সকলো জাতীয়তাবাদী মানুহ ৰাষ্ট্ৰবাদী মানুহ লগ হম আৰু ভাৰতৰ কাৰণে, অসমৰ কাৰণে কাম কৰিম। তেওঁ পুনৰ কয় যে ৰাষ্ট্ৰৰ স্বাৰ্থত দেশৰ প্ৰতিজন নাগৰিক ঐক্যবদ্ধ হৈ থাকিব লাগিব। বিধায়ক আমিনুল ইছলামেই হওক নাইবা আন কোনোবা– দেশৰ বিৰুদ্ধে মন্তব্য কৰাসকল কেতিয়াও সমাজৰ হিতসাধক হ'ব নোৱাৰে।"
/asomiyapratidin/media/media_files/2025/04/25/6qXic8MqNkSif96K17de.jpeg)
এই কাৰ্যসূচীত বিধায়ক জিতু গোস্বামী, বিজেপিৰ নগাঁও জিলা সভাপতি ৰঞ্জিত বৰদলৈ, দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সুৰেশ বৰা, গৌতম বৰা, জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থীসকল ক্ৰমে- এ কে ছামছুল আলম, ৱাহিদা বেগম, শ্ৰী মজিবুৰ ৰহমান আৰু হিবজুৰ ৰহমান তথা আঞ্চলিক পঞ্চায়তৰ মনোনীত প্ৰাৰ্থীসকলৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে একেদিনাই ৰূপহী বিধানসভা সমষ্টিৰ হাতীপাৰা গাঁও পঞ্চায়তৰ নগৰানী খেলপথাৰত পঞ্চায়ত নিৰ্বাচনৰ বিশাল প্ৰচাৰ সভা এখনতো অংশগ্ৰহণ কৰি ভাষণ দাঙি ধৰে।
ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে আজি ১৭নং জাগীৰোডত মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠান মুকলিৰ পিছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে আজিৰ পৰা সমষ্টিটোত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিব বুলি কয়। নিজ সমষ্টিৰ পঞ্চায়ত প্ৰাৰ্থীসকলক লৈ যথেষ্ট আশাবাদী মন্ত্ৰীগৰাকী৷ সমষ্টিটোৰ ৪ টা জিলা পৰিষদ আৰু ২৯ টা আঞ্চলিক পঞ্চায়তৰ আটাইকেইটা আসনত বিজেপি তথা মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ নিশ্চিত যদিও কিমান ভোটৰ ব্যৱধানত জয়লাভ কৰিব তাকলৈহে আলোচনা কৰি আছে বুলি জনায় মন্ত্ৰী পীযুষ হাজৰীকাই৷
তেওঁ লগতে উল্লেখ কৰে যে, "জিলা পৰিষদত আমি জয়ী নোহোৱাৰ প্ৰশ্নই নাই, আমি কিমান ভোটত জিকিম বা কিমান ভোটৰ ব্যৱধানত জয়ী হম তাৰ কাৰণেহে আমি চেষ্টা চলাই আছো। আঞ্চলিক পঞ্চায়তৰ এটাত প্ৰতিদ্বন্দ্বিতা হ’ব, বাকী ২৮ টাত আমি জয় লাভ কৰিম। আমি দলৰ পৰা খেলোৱা নাই যদিও আমাৰ দলৰ কাৰ্যকৰ্তা ইতিমধ্যে ৱাৰ্ড পৰ্যায়ত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। গতিকে জাগীৰোডত আমাৰ ৰিজাল্ট ভাল হ’ব। "
/asomiyapratidin/media/media_files/2025/04/25/qFmJJM59BA0IZsoXVTZ1.jpeg)
সমাগত পঞ্চায়ত নিৰ্বাচনত দেওশাল জিলা পৰিষদ সমষ্টিৰ সদস্যা পদৰ বাবে বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী দীপা দাস আৰু জাগীৰোড গাঁও পঞ্চায়তৰ মায়ং আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী হেমেন দেউৰী বিপুল ভোটত জয়লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে। এই কাৰ্যসূচীত জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ, জাগীৰোড মণ্ডল বিজেপিৰ সভাপতি পল্লব বৰদলৈ, বিজেপি দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা জিতেন ডেকাসহ বহুসংখ্যক ব্যক্তি উপস্থিত থাকে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ আমলিঘাটৰ ৰৌমাৰীত গোভা গাঁও পঞ্চায়ত আৰু কুমাৰবড়ীত নেলী গাঁও পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। এই কাৰ্যসূচীত অংশ লৈ দলৰ কাৰ্যকৰ্তা তথা উপস্থিত ৰাইজৰ সৈতে মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে।