চৰকাৰী ভ্ৰমণসূচীৰে নিউজিলেণ্ড আৰু ফিজিলৈ বিদেশ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৮ আৰু ৯ মে' তাৰিখে নিউজিলেণ্ড ভ্ৰমণৰ সময়ত দেশখনৰ ৰাজনৈতিক নেতৃত্বৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
চৰকাৰী ভ্ৰমণসূচীৰে নিউজিলেণ্ড আৰু ফিজিলৈ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ৮ মে'ৰ পৰা ১২ মে'লৈ নিউজিলেণ্ড আৰু ফিজি ভ্ৰমণ কৰিব। মন্ত্ৰীগৰাকীয়ে ৮ আৰু ৯ মে' তাৰিখে নিউজিলেণ্ড ভ্ৰমণৰ সময়ত দেশখনৰ ৰাজনৈতিক নেতৃত্বৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব বুলি আশা কৰা হৈছে।

Advertisment

তদুপৰি মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত দেশখনৰ বাণিজ্যিক ক্ষেত্ৰৰ ল'ব্ধপ্ৰতিষ্ঠ নেতৃত্ব আৰু অকলেণ্ডত প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও বাৰ্তালাপ কৰিব। ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ফিজিত তৃতীয় গিৰমিট দিৱসৰ অনুষ্ঠানত দেশক প্ৰতিনিধিত্ব কৰি সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব ।

তদুপৰি তেওঁ ফিজিৰ ৰাজনৈতিক নেতাসকলৰ সৈতেও বৈঠকত মিলিত হ'ব। উল্লেখ্য যে শেহতীয়াকৈ নিয়মীয়া দ্বিপাক্ষিক আদান-প্ৰদানৰ জৰিয়তে প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক বৈচিত্ৰ্যময় আৰু অধিক শক্তিশালী হৈ উঠিছে।

কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ আগন্তুক ফিজি আৰু নিউজিলেণ্ড ভ্ৰমণে প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

পবিত্ৰ মাৰ্ঘেৰিটা