কংগ্ৰেছ এৰি শিৱসেনাত যোগদান মিলিন্দ দেওৰাৰ

কংগ্ৰেছ এৰি শিৱসেনাত যোগদান মিলিন্দ দেওৰাৰ

ডিজিটেল ডেস্কঃ আজিৰ পৰা আৰম্ভ হৈছে কংগ্ৰেছৰ 'ভাৰত জোড়ো ন্যায় যাত্ৰা'  । যাত্ৰাৰ আৰম্ভণিৰ দিনাই কংগ্ৰেছত মোক্ষম আঘাত। লোকসভা নিৰ্বাচনৰ পূৰ্বে লোকসভাৰ প্ৰাক্তন সাংসদ মিলিন্দ দেওৰাই দেওবাৰে দলৰ সদস্য পদৰ পৰা পদত্যাগ কৰে । কংগ্ৰেছক এক জোকাৰণি দি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্বৰ্গীয় মুৰলী দেওৰাৰ পুত্ৰ মিলিন্দ দেওৰাই কংগ্ৰেছ দলৰ সৈতে সম্পৰ্ক ছিন্ন কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত একনাথ শিন্দেৰ নেতৃত্বত শিৱসেনাত যোগদান কৰে।

দেওবাৰে তেওঁৰ ৰামলয়ম বাসভৱনত হোৱা এখন সংবাদমেলত মিলিন্দ দেওৰাই পদত্যাগৰ কথা ব্যক্ত কৰে। মিলিন্দ দেওৰাই তেওঁৰ ৰাজনৈতিক যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সমাপ্তিৰ লগতে দলটোৰ সৈতে তেওঁৰ পৰিয়ালৰ ৫৫ বছৰীয়া সম্পৰ্কৰ সমাপ্তি ঘটিছে বুলি সামাজিক মাধ্যমযোগে জনায় ।

উল্লেখ্য যে মিলিন্দ দেওৰাই ২০০৪ আৰু ২০০৯ চনত মুম্বাই দক্ষিণৰ পৰা জয়ী হৈছিল । দেওৰাই ২০১২-১৪ বৰ্ষৰ সময়চোৱাত যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দলৰ গুৰুত্বপূৰ্ণ নেতাৰ পদত্যাগৰ পিছতে কংগ্ৰেছ দলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কংগ্ৰেছ এৰি শিৱসেনাত যোগদান মিলিন্দ দেওৰাৰ
ভোগালীৰ উচাহৰ মাজতে সতীৰ্থৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in