/asomiyapratidin/media/media_files/2025/04/29/6nkyawjzO9q5KJOShZRn.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰৰ পৰা আৰব সাগৰত ভাৰতীয় নৌসেনাই আৰম্ভ কৰিছে যুদ্ধ অনুশীলন। দেশৰ সামুদ্ৰিক স্বাৰ্থ ৰক্ষাৰ বাবে যিকোনো সময়ত, যিকোনো পৰিস্থিতিত, যিকোনো স্থানত ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ সাজু হৈ থাক নৌসেনাৰ এই সামৰিক অনুশীলনে বিশেষ তাৎপৰ্য বহন কৰিছে।
২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণৰ পাছত নৌসেনাৰ এই তৎপৰতাই বহু ইংগিত বহন কৰিছে। এই অনুশীলনৰ সময়ছোৱাতে নৌসেনাই এক এণ্টি ছিপ মিছাইলৰো সফল পৰীক্ষোণো সম্পন্ন কৰে। এই এণ্টি ছিপ মিছাইলৰ আই এন এছ বিক্ৰান্তৰ পৰা নিক্ষেপ কৰা হৈছে।
উল্লেখ্য যে, আই এন এছ বিক্ৰান্ত হৈছে এখন বিমানপৰিবাহী জাহাজ। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আই এন এছ বিক্ৰান্ত দেশবাসীৰ বাবে উৎসৰ্গা কৰিছিল। ইয়াক নিৰ্মাণ কৰা হৈছে কোচি শ্বিপয়াৰ্ডত।
ভাৰতীয় কোম্পানীয়ে নিৰ্মাণ কৰা এইখন প্ৰথমখন বিমানবাহী জাহাজ। উল্লেখ্য যে, ২০২২ চনৰ আগলৈকে ভাৰতত বিমান পৰিবাহী জাহাজ আছিল মাত্ৰ এখন। সেইখন আছিল আই এন এছ বিক্ৰমাদিত্য।
আই এন এছ বিক্ৰান্তক নৌসেনাৰ হাতত গতাই দিয়াৰ লগে লগে নৌসেনাৰ হাতত এতিয়া দুখন বিমানবাহী জাহাজ আছে। উল্লেখ্য যে, নিজাকৈ এনে জাহাজ নিৰ্মাণ কৰা দেশ বিশ্বত মাত্ৰ কেইখনমানহে আছে। সেইসমূহ ক্ৰমে আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। আই এন এছ বিক্ৰান্ত নিৰ্মাণ কৰি ভাৰতো এই তালিকাত অন্তৰ্ভুক্ত হৈছে।
স্মৰ্তব্য, ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত আই এন এছ বিক্ৰান্ত নামৰ যুদ্ধ জাহাজখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেই জাহাজৰ স্মৃতিতেই এই নতুন বিমানবাহী জাহাজখনৰ নামো ‘আই এন এছ বিক্ৰান্ত’ ৰখা হৈছে।
তথ্য অনুসৰি আই এন এছ বিক্ৰান্তৰ একেলগে ৩০খন যুদ্ধ বিমান কঢ়িয়াই নিয়াৰ ক্ষমতা আছে। এই জাহাজখনৰ দৈৰ্ঘ্য ২৬২ মিটাৰ। ইয়াৰ সৰ্বোচ্ত গতি ২৮ নট আৰু ইয়াৰ নিৰ্মাণত ব্যয় কৰা হৈছে ২০ হাজাৰ কোটি টকা।
আই এন এছ বিক্ৰান্তে মিগ-২৯কে, কামোভ-৩২, এমএইচ-৬০আৰ, এডভান্সড লাইট হেলিকপ্টাৰ আৰু লঘু যুদ্ধ বিমানকে ধৰি ৩০ ধৰণৰ বিমান আৰু হেলিকপ্টাৰ কঢ়িয়াব পাৰে।বিক্ৰান্তক স্বয়ংক্ৰিয় ব্যৱস্থাৰে প্ৰস্তুত কৰা হৈছে। ইয়াক ফিক্সড উইং আৰু ৰটাৰী উইং দুয়োটা বিমান চলাব পৰাকৈ ডিজাইন কৰা হৈছে।
এই যুদ্ধজাহাজখনত মুঠ ১৮টা ডেক আৰু ২৪০০টা কোঠা আছে। প্ৰায় ১৬০০ জোৱানো থকাৰ ব্যৱস্থা থকা এই জাহাজখনত মহিলা বিষয়া আৰু নাৱিকৰ বাবেও আছে সুকীয়া কোঠা।
বিশেষজ্ঞৰ মতে আই এন এছ বিক্ৰান্ত আৰু আই এন এছ বিক্ৰমাদিত্য এই দুয়োখন বিমানবাহী জাহাজ ভাৰত মহাসাগৰ, আৰব সাগৰ আৰু বংগোপসাগৰত নিৰাপত্তাৰ বাবে ব্যৱহাৰ কৰা হৈছে। পেহেলগাম আক্ৰমণৰ পাছত যিহেতু ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে সেয়ে এই দুয়োখন যুদ্ধ বিমানৰ গুৰুত্বও বৃদ্ধি পাইছে।
গুজৰাট আৰু মুম্বাইৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চলসমূহক এই দুই যুদ্ধ জাহাজে সুৰক্ষা প্ৰদান কৰিব।এই অঞ্চলসমূহত ভাৰতৰ ওপৰত যিকোনো সম্ভাৱ্য আক্ৰমণ ৰোধ কৰিবলৈ আই এন এছ বিক্ৰান্ত নিৰ্মাণ কৰা হৈছে। লক্ষ্যণীয় ভাৱে লগতে ভাৰতে ভাৰতৰ হাতত এনে দুই যুদ্ধ জাহাজ আছে যদিও পাকিস্তানৰ হাতত তেনে বিমানবাহী জাহাজ নাই।
ভাৰতীয় সেনাৰ প্ৰাক্তন লেফটেনেণ্ট কৰ্ণেল ত্যাগৰাজনে বি বি চিৰ আগত এই সন্দৰ্ভত কয়, ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হ'ব নে নহয় কোনেও ভৱিষ্যদ্বাণী কৰিব নোৱাৰে। কিন্তু যদি শত্ৰুৱে যিকোনো আক্ৰমণৰ বাবে প্ৰস্তুতি চলাই তেন্তে এই বিপদৰ পৰা হাত সাৰিবলৈ ভাৰতে প্ৰথমে আক্ৰমণ কৰিব পাৰে।"
তেওঁৰ মতে, আন্তঃৰাষ্ট্ৰীয় সীমান্ত, নিয়ন্ত্ৰণ ৰেখা (এল অ’ চি) আৰু সাগৰীয় ঘাটিত ভাৰতীয় সেনাই সম্পূৰ্ণ প্ৰস্তুতি চলাই আছে। সেয়ে আই এন এছ বিক্ৰান্তো সক্ৰিয় হৈ আছে। উল্লেখযোগ্য যে ১৯৭১ চনৰ যুদ্ধৰ সময়ত পুৰণি আই এন এছ বিক্ৰান্তে তেতিয়াৰ পূব পাকিস্তানত আৰু এতিয়াৰ বাংলাদেশ সামৰিক অভিযান আৰু নৌসেনাৰ আক্ৰমণৰ নেতৃত্ব দিছিল।
ভাৰতৰ প্ৰথমখন বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্ত প্ৰকৃততে ব্ৰিটিছ ৰয়েল নেভিৰ বাবে ১৯৪৩ চনত নিৰ্মাণ কৰা হৈছিল। সেই সময়ত ইয়াৰ নাম আছিল ‘এইচ এম এছ হাৰকিউলিছ’।কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ পিছত ইয়াৰ কাম বন্ধ হৈ গ’ল।
পিছত ব্ৰিটিছ চৰকাৰে জাহাজখন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ আগতেই বিক্ৰী কৰিব বুলি ঘোষণা কৰে। ১৯৫৭ চনত ভাৰতে ক্ৰয় কৰি নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ১৯৬১ চনত ভাৰতীয় নৌসেনাক গতাই দিয়া হয়।
এই জাহাজখন ব্ৰিটেইনৰ পৰা যাত্ৰা কৰি ১৯৬১ চনৰ ৩ নৱেম্বৰত মুম্বাইৰ উপকূলত উপস্থিত হৈছিলহি। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত এই যুদ্ধজাহাজে বাংলাদেশৰ স্বাধীনতা নিশ্চিত কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিছিল।
আই এন এছ বিক্ৰান্তে সাগৰীয় পথেৰে পাকিস্তানৰ সামৰিক কাৰ্যকলাপ বন্ধ কৰি শত্ৰুৰ ঘাটি আক্ৰমণ কৰি ধ্বংস কৰিছিল।ভাৰতীয় নৌসেনাত ৩৬ বছৰ সেৱা আগবঢ়োৱাৰ পিছত ১৯৯৭ চনত অৱসৰ গ্ৰহণ কৰিছিল আই এন এছ বিক্ৰান্তে।
ইয়াৰ পিছত প্ৰায় ১৫ বছৰ ধৰি ইয়াক সংগ্ৰহালয় হিচাপে সংৰক্ষণ কৰা হয় আৰু পিছলৈ ইয়াৰ কিছুমান অংশ ভাঙি নিলাম কৰা হৈছিল। সেই আই এন এছ বিক্ৰান্তৰে স্থান দখল কৰিছে পূৰ্বতকৈ শক্তিশালী ৰূপত নতুন আই এন এছ বিক্ৰান্তে।