কথমপি প্ৰাণ ৰক্ষা জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ...

কথমপি প্ৰাণ ৰক্ষা জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ...

author-image
Asomiya Pratidin
New Update
কথমপি প্ৰাণ ৰক্ষা জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ...

কথমপি প্ৰাণ ৰক্ষা জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ...

ডিজিটেল ডেস্কঃ কথমপি প্ৰাণ ৰক্ষা পৰিল জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ। এক ভয়াৱহ পথ দুৰ্ঘটনাৰ সন্মুখীন হ'ল মেহবুবা মুফতি। দক্ষিণ কাশ্মীৰৰ অনন্তনাগত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

Advertisment

বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত পিপলছ ডেমক্ৰেটিক পাৰ্টী চমুকৈ পি ডি পিৰ সভানেত্ৰীগৰাকীৰ বাহনখনৰ সন্মুখৰ এটা ভাগ সম্পূৰ্ণৰূপে ধ্বংস হৈছে যদিও তেওঁৰ কোনো ক্ষতি হোৱা নাই।

পিডিপিৰ ফালৰ পৰা জনোৱা অনুসৰি এই দুৰ্ঘটনাত বাহন খনৰ ক্ষতি হৈছে যদিও মেহবুবা মুফতিৰ কোনো ক্ষতি হোৱা নাই। দলটোৱে জনাইছে মেহবুবা মুফতি অনন্তনাগত সংঘটিত হোৱা অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বুজ ল'বলৈ গৈছিল। সেই সময়তে দুৰ্ঘটনাৰ সন্মুখীন হয় তেওঁ।

মেহবুবাৰ কন্যা ইলতিজাই এক্সত এই বিষয়ে লিখিছে, শ্ৰীমতী মুফতিৰ গাড়ী আজি অনন্তনাগত এক ভয়াৱহ দুৰ্ঘটনাৰ মুখামুখী হয়। ঈশ্বৰৰ কৃপাত তেওঁৰ লগতে তেওঁৰ নিৰাপত্তাৰক্ষীসকল গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পৰিছে।

Also Read: ৰাম মন্দিৰৰ উদ্বোধনৰ পাছতে সংসদৰ বাজেট অধিৱেশনঃ চমক দিবলৈ সাজু বিত্তমন্ত্ৰী...

পথ দুৰ্ঘটনা জম্মু কাশ্মীৰ