/asomiyapratidin/media/media_files/2025/06/09/cBblLNdG0FSQ3bfKTLji.jpg)
ডিজিটেল ডেস্কঃ হনীমুনৰ বাবে মেঘালয়লৈ আহি স্বামীক হত্যা কৰাৰ অভিযোগ উঠা ইন্দোৰৰ সোণম ৰঘুবংশী ৭২ ঘণ্টাৰ ট্ৰেনজিত ৰিমাণ্ডলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, সোণম ৰঘুবংশীয়ে তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাৰ সহায়ত ভাড়াতীয়া হত্যাকাৰীৰ জৰিয়তে স্বামী ৰাজা ৰঘুবংশীক মেঘালয়ত হত্যা কৰিছিল।
দেওবাৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা সোণম ৰঘুবংশীক আজি জিলা ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। তাৰ পিছতে মেঘালয়ৰ আৰক্ষীৰ যুক্তিত পতিয়ন গৈ তেওঁক ৭২ ঘণ্টীয়া ট্ৰেনজিত ৰিমাণ্ডলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে। তাৰ পিছতেই তেওঁক হত্যাকাৰী সতীৰ্থৰ সৈতে শ্বিলঙলৈ লৈ অনা হৈছে।
স্মৰ্তব্য, যোৱা ১০ মে’ত মধ্যপ্ৰদেশৰ ইন্দোৰত ৰাজা ৰঘুবংশীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সোণম ৰঘুবংশী। তাৰ পিছত ২১ মে’ত হনীমুনৰ বাবে মেঘালয়ত উপস্থিত হৈছিল তেওঁলোক। তাৰ পিছৰ পৰাই তেওঁলোক সন্ধানহীন হৈ আছিল।
পৰিয়ালৰ লোকে তেওঁলোক মেঘালয়ত সন্ধানহীন হোৱাৰ সন্দৰ্ভত আৰক্ষীৰ কাষ চপাৰ পিছতে চলে উদ্ধাৰ অভিযান। এই অভিযানৰ মাজতে যোৱা ২ জুনত চেৰাপুঞ্জীৰ ওচৰৰ এক পাহাৰীয়া অঞ্চলত উদ্ধাৰ হয় ৰাজা ৰঘুবংশীৰ মৃতদেহ। কিন্তু সন্ধানহীন হৈ আছিল সোণম ৰঘুবংশী।
তেওঁৰ সন্ধানতো অভিযান চলি থকাৰ সময়তে দেওবাৰে নিশা গাজিয়াবাদৰ এখন ধাবাত প্ৰথমে তেওঁলোকক প্ৰত্যক্ষ কৰা হয় আৰু তাৰ পিছতে আত্মসমৰ্পণ কৰে। তেওঁ গাজিয়াবাদ আৰক্ষীৰ ওচৰত স্বামী ৰাজাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। মেঘালয় আৰক্ষীয়ে তাৰ পৰাই তেওঁক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন দুজনক ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে।
তাৰ পিছতেই আৰক্ষীয়ে প্ৰেমৰ সম্পৰ্ক থকা ৰাজ কুশৱাহাসহ আন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে। কুশৱাহাৰ উপৰিও ৰাজাক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আন তিনিজন লোক হৈছে আকাশ ৰাজপুত, বিকাশ ওৰফে বিকি, আৰু আনন্দ।