সোণম ৰঘুবংশীক ফাঁচী দিয়াৰ দাবী ৰাজাৰ মাতৃৰঃ মিঠা মাতৰ আঁৰত আছিল ভয়ংকৰ ষড়যন্ত্ৰ !

মেঘালয়লৈ ফুৰিবলৈ আহি ২৩ মে’ত প্ৰথমে নিৰুদ্দিষ্ট হৈছিল মধ্যপ্ৰদেশৰ নৱ বিবাহিত দম্পত্তি। তাৰ পিছৰ পৰাই চলি থকা উদ্ধাৰ অভিযানৰ মাজতে  উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশীৰ মৃতদেহ।

author-image
Asomiya Pratidin
New Update
সোণম ৰঘুবংশীক ফাঁচী দিয়াৰ দাবী ৰাজাৰ মাতৃৰঃ মিঠা মাতৰ আঁৰত আছিল ভয়ংকৰ ষড়যন্ত্ৰ !

ডিজিটেল ডেস্কঃ মেঘালয়লৈ ফুৰিবলৈ আহি ২৩ মে’ত প্ৰথমে নিৰুদ্দিষ্ট হৈছিল মধ্যপ্ৰদেশৰ নৱ বিবাহিত দম্পত্তি। তাৰ পিছৰ পৰাই চলি থকা উদ্ধাৰ অভিযানৰ মাজতে  উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশীৰ মৃতদেহ। মেঘালয় আৰক্ষীয়ে এই মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে নিশ্চিত হৈছিল সেয়া আছিল এক হত্যাকাণ্ড। 

Advertisment

তাৰ পিছত অব্যাহত আছিল নিৰুদ্দিষ্ট হৈ থকা ৰাজাৰ পত্নী সোণম ৰঘুবংশী নামৰ মহিলাগৰাকীৰ উদ্ধাৰ অভিযান। মেঘালয়ত অব্যাহত থকা এই উদ্ধাৰ অভিযানৰ মাজতে দেওবাৰে সুশৰীৰে উত্তৰ প্ৰদেশৰ গাজীপুৰৰ এখন ধাবাত প্ৰত্যক্ষ কৰা হয় সোণম ৰঘুবংশীক। 

তাৰ পিছতে সমগ্ৰ ঘটনাই ধাৰণ কৰে নাটকীয় ৰূপ। ৰাজা ৰঘুবংশীৰ পৰিয়ালে এয়া এক হত্যাকাণ্ড বুলি দাবী কৰাৰ বিপৰীতে সোণমৰ পৰিয়ালে এতিয়াও এই ঘটনাৰ সৈতে মানৱ সৰবৰাহৰ দৰে ঘটনা জড়িত থকা বুলিহে সন্দেহ প্ৰকাশ কৰি জীয়ৰীক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছে। 

প্ৰকাশিত খবৰ মতে তেওঁ গাজীপুৰ আৰক্ষীৰ ওচৰত দেওবাৰে আত্মসমৰ্পণ কৰিছে সোণমে। তেওঁৰ এই আত্মসমৰ্পণৰ পিছতে নানান প্ৰশ্নৰ সৃষ্টি হোৱাৰ লগতে আত্মীয়ৰ মতামতো প্ৰকাশ পাইছে। 

হনীমুনলৈ আহি হত্যাৰ বলি হোৱা ৰাজা ৰঘুবংশীৰ মাতৃ উমাই মুকলিকৈ এই হত্যাকাণ্ডৰে সোণম জড়িত থকা বুলিয়েই সন্দেহ প্ৰকাশ কৰিছে। তেওঁ আনকি সোণমক ফাঁচী দিয়াৰো দাবী উত্থাপন কৰিছে। 

অৱশ্যে সোণমৰ ওপৰতেই এই হত্যাকাণ্ডৰ সন্দেহ আছে যদিও এতিয়াই সোণমক মূল অভিযুক্ত বুলি ক’ব বিচৰা নাই তেওঁৰ ৰাজাৰ ভাতৃ বিপুল ৰঘুবংশীয়ে। ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত কয় ৰাজাৰ মাতৃ উমাই কয়, তেওঁৰ পুত্ৰক বলপূৰ্বকভাৱে মেঘালয়লৈ লৈ যোৱা হৈছিল। 

তেওঁৰ মতে সোণমে নিজাববীয়াকৈ বিমানৰ টিকট কৰিছিল। টিকট কৰাৰ পূৰ্বে তেওঁ আনকি ৰাজাৰ লগতো আলোচনা কৰা নাছিল। বলপূৰ্বকভাৱে শিলচৰলৈ লৈ গৈছিল। 

তেওঁ দাবী কৰিছে সোণমে ইমান মিঠা মাতেৰে সকলোৰে লগত কথা পাতিছিল যে কাৰো মনত কোনো সন্দেহ নাছিল। সেয়ে তেওঁ বিচাৰিছে দোষী সাব্যস্ত হলে সোণমক ফাঁচী দিব লাগে। 

বিপুল ৰঘুবংশীয়ে তেওঁৰ প্ৰতিক্ৰিয়াত কয়, সোণমে আত্মসমৰ্পণ কৰা নাই। আৰক্ষীয়েহে তেওঁক বিচাৰি পাই থানালৈ লৈ গৈছে। সেয়ে এনে পৰিস্থিতিত  যেতিয়ালৈকে সোণমে নিজৰ অপৰাধ স্বীকাৰ নকৰে তেতিয়ালৈকে বিপুলে সোণমক অভিযুক্ত হিচাপে মানি ল’ব নিবিচাৰে। 

তেওঁ দাবী কৰিছে কেতিয়াও ৰাজা আৰু সোণমৰ মাজত কাজিয়া হোৱা দেখা নাছিল। দুয়োকে সদায় হাঁহি থকাই দেখা গৈছিল। আৰক্ষীৰ তদন্তত ৰাজ কুশ্বৱাহা নামৰ এজন যুৱকৰ নামো পোহৰলৈ আহিছে। 

আৰক্ষীৰ সূত্ৰ অনুসৰি সোণমে ৰাজ কুশ্বৱাহাৰ সৈতে কেইবাবাৰো ফোনত কথা পাতিছিল। এই যুৱকজনৰ সৈতে সোণমৰ প্ৰেমৰ সম্পৰ্ক আছে বুলিও সন্দেহ কৰা হৈছে। 

বিপুলৰ মতে ৰাজ কুশ্বৱাহা সোণম কৰ্মৰত কোম্পানীৰ কৰ্মচাৰী আছিল। কুশ্বৱাহাই সোণমৰ লগত নিয়মিতভাৱে ফোনত কথা পাতিছিল। অৱশ্যে বিপুলে কেতিয়াও কুশ্বৱাহাক মুখামুখিকৈ লগ পোৱা নাছিল, মাত্ৰ তেওঁৰ নামহে শুনিছিল।

ইফালে ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ উত্তৰ প্ৰদেশ আৰক্ষীৰ পৰা সোণমক নিজৰ জিম্মাত ল’ব বুলি জানিবলৈ দিছে মেঘালয় আৰক্ষীয়ে। ইয়াৰ উপৰিও এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে সোণমৰ প্ৰেমিক বুলিয়েই চৰ্চা হোৱা ৰাজ কুশ্বৱাহাও।

মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ মেঘালয়