/asomiyapratidin/media/media_files/2025/02/05/v5WqfE1v0OkhdeO2w70k.png)
ডিজিটেল ডেস্কঃ এগৰাকী ৰাজ কন্যা। এটা ৰাজ পৰিয়ালৰ তেওঁ উত্তৰাধিকাৰী। সৌন্দৰ্যও তেওঁৰ ভূৱন ভোলোৱা। বিশ্বৰ শীৰ্ষ ৫০ গাৰকী ধুনীয়া যুৱতীৰ এগৰাকী তেওঁ।
ৰাজ পৰিয়ালৰ ৪০০ কোঠা সামৰি লোৱা ৰাজপ্ৰসাদৰো উত্তৰাধিকাৰী এই সুন্দৰী ৰাজ কন্যা। এই ৰাজ প্ৰসাদৰ প্ৰতিটো সামগ্ৰীতে আছে আভিজাত্যৰ প্ৰতীক। আছে প্ৰতিটো কোঠাতে সোণৰ, তামৰ প্ৰলেপ।
প্ৰায় ৫ হাজাৰ কোটী টকীয়া এই বিশাল সম্পত্তিৰ অধিকাৰী হৈয়ো এই ৰাজ কন্যাই যাপন কৰে অতি সৰল জীৱন। দেশজুৰি এতিয়া চৰ্চাৰ শীৰ্ষলৈ আহিছে ৰূপ আৰু গুণৰ অনন্য সমাহাৰৰ গৰাকী এই ৰাজকন্যা।
ভাৰতত ৰজা-মহাৰজাৰ শাসন কোন কাহানিবাই অন্ত পৰিল। কিন্তু আজিও দেশত বিদ্যমান ৰজা-মহাৰজাৰ পৰিয়ালৰ ৰাজকীয় জীৱন শৈলী। আজিও দেশত বিদ্যমান বহু কেইটা ৰাজ পৰিয়াল। এই ৰাজ পৰিয়াল কেইটাই আজিও ৰজাৰ দৰেই বিলাসী জীৱন কটাই আহিছে।
তেনে এক অতি সন্মানজনক ৰাজ পৰিয়াল হৈছে মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ সিন্ধিয়া ৰাজ পৰিয়াল। এই ৰাজ পৰিয়ালে এতিয়াও বহন কৰি আহিছে গৌৰৱোজ্জ্বল ৰাজত্ব আৰু ঐতিহ্যৰ প্ৰতীক। গোৱালিয়ৰৰ এই সিন্ধিয়া পৰিয়ালে আজিও মধ্যপ্ৰদেশৰ সমাজ আৰু ৰাজনীতিত তেওঁলোকৰ ঐতিহ্য আৰু গৌৰৱৰ ধাৰা অব্যাহত ৰাখিছে।
এসময়ত গোৱালিয়ৰ শাসন কৰা সিন্ধিয়া ৰাজপৰিয়ালৰ সদস্য মাধৱৰাও সিন্ধিয়াই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। তেওঁৰ পুত্ৰ জ্যোতিৰাদিত্য সিন্ধিয়াই অব্যাহত ৰাখিছে সেই ধাৰা।
জ্যোতিৰাদিত্য সিন্ধিয়া বৰ্তমান ডনাৰ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী। জ্যোতিৰাদিত্য সিন্ধিয়াৰ পাছত এই পৰিয়ালটোৰ উত্তৰাধিকাৰী হ’ব তেওঁৰ কন্যা অনন্যা ৰাজ সিন্ধিয়া। সিন্ধিয়া পৰিয়ালৰ ৰাজ কন্যা অনন্যা ৰাজ সিন্ধিয়াক লৈ শেহতীয়াকৈ চৰ্চা আৰম্ভ হৈছে। তেওঁৰ জীৱন শৈলী, তেওঁৰ সম্পত্তি এই সকলো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।
সৌন্দৰ্যৰ ৰাণী ব্যক্তিক্ৰমী অনন্যা
অনন্যা সিন্ধিয়া জ্যোতিৰাদিত্য সিন্ধিয়া আৰু মহাৰাণী প্ৰিয়দৰ্শিনী ৰাজৰ কন্যা। অনন্যাৰ সৌন্দৰ্যক লৈ বিশ্বজুৰি হৈছে চৰ্চা। অনন্যাই বিশ্বৰ ৫০ গৰাকী শীৰ্ষ সুন্দৰীৰ তালিকাতো স্থান পাইছে।
ৰাজপৰিয়ালৰ কন্যা হৈয়ো, অনন্যাই কিন্তু যাপন কৰি আহিছে অতি সৰল জীৱন। তাতোকৈ ডাঙৰ কথা, যিসময়ত সামাজিক মাধ্যমতেই সকলো ব্যস্ত হৈ থাকে, দিনটোৰ অধিকাংশ সময় মানুহে সামাজিক মাধ্যম ব্যৱহাৰ কৰে, নিজৰ জীৱন প্ৰণালীৰ এক অংশ হিচাপে সামাজিক মাধ্যমক আকোৱালি লৈছে, সেই সময়তো অনন্যাই কিন্তু এই মাধ্যমবোৰ এৰি চলিছে।
সামাজিক মাধ্যম আৰু আত্ম প্ৰচাৰৰ পৰা আঁতৰি থাকিয়েই ভাল পাই এই ৰাজ কন্যাই। সেয়ে মাজে মধ্যে অনন্যাৰ প্ৰসংগ চৰ্চালৈ আহিলেই তেওঁৰ সৌন্দৰ্য আৰু ব্যক্তিত্বৰ বিষয়েও চৰ্চা হয়।
অনন্যা সিন্ধিয়াৰ শিক্ষা আৰু পেছাগত জীৱন
প্ৰিন্সেছ অনন্যা ৰাজে সিন্ধিয়াই দিল্লীৰ ব্ৰিটিছ স্কুলত অধ্যয়ন কৰিছিল। তাৰ পাছত আইলেণ্ড স্কুল অৱ ডিজাইনৰ পৰা বি এফ এ ডিগ্ৰী গ্ৰহণ কৰে। ৰাজ পৰিয়ালৰ কন্যা হিচাপে তেওঁ যদিও বিলাসী জীৱন কটোৱাৰ সকলো সুযোগ আছে তথাপিও তেওঁ কিন্তু বাচি লৈছে অতি সৰল জীৱন।
শিক্ষা জীৱন সামৰি তেওঁ স্নেপচাটত ইণ্টাৰ্ণ হিচাপে কাম কৰিছিল। তাৰ পিছত তেওঁ যোগদান কৰে এপলত। তাত তেওঁ এগৰাকী ডিজাইনাৰ হিচাপে কাম কৰে। অৱশ্যে বৰ্তমান তেওঁ সেই কাম অব্যাহত ৰাখিছে নে নাই সেয়া জনা নাযায়।
মন কৰিবলগীয়া যে, ২০১৮ চনত মাত্ৰ ১৬ বছৰ বয়সতে অনন্যাই ফেচন ডিজাইনিঙৰ জগতখনত প্ৰৱেশ কৰিছিল। ১৬ বছৰ বয়সত তেওঁ পেৰিছ ফেচন ইভেণ্ড ‘Le Bal’ ত অংশগ্ৰহণ কৰিছিল।
তেতিয়াই তেওঁৰ অপূৰ্ব সৌন্দৰ্য, পোছাকৰ ডিজাইনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। অনুসন্ধিৎসু সাংবাদিকে পোহৰলৈ আনিছিল ‘Le Bal’ত উজলি উঠা সেই সুন্দৰী গোৱালিয়ৰৰ বিখ্যাত সিন্ধিয়া ৰাজ পৰিয়ালৰ উত্তৰাধিকাৰী।
৫৬০ কিলোগ্ৰাম সোণৰে সজ্জিত জয় ভিলাছ পেলেছঃ ঐতিহ্য আৰু সৌন্দৰ্যৰ এক নতুন ৰূপ
সিন্ধিয়া পৰিয়ালে বাস কৰা ৰাজপ্ৰসাদ জয় ভিলাছ পেলেছে আজিও সিন্ধিয়া ৰাজ পৰিয়ালৰ ঐতিহ্যক ধৰি ৰাখিছে। এই ৰাজ প্ৰসাদ ১৮৭৪ চনতে মহাৰাজ জয়জিৰাও সিন্ধিয়াৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। এই ৰাজ প্ৰসাদৰ মূল্য প্ৰায় ৫ হাজাৰ কোটি টকা।
মুঠ ১২,৪০,৭৭১ বৰ্গফুট এলেকা সামৰি নিৰ্মাণ কৰা এই ৰাজ প্ৰসাদত আছে মুঠ ৪০০ টা কোঠা। এই ৰাজ প্ৰসাদৰ কোঠালি তথা দৰবাৰ হলত সজ্জিত তামৰ ছুৰী, সোণৰ প্ৰলেপে ৰাজ পৰিয়ালৰ গৌৰৱময় গাথাক আজিও সোঁৱৰি আছে।
ৰাজ প্ৰসাদটোৰ প্ৰথম মহলাত টুস্কান স্থাপত্য শৈলীৰে নিৰ্মাণ কৰা হৈছে। দ্বিতীয় মহলাত আকৌ ইটালিয়ান ডৰিক শৈলীত ডিজাইন কৰা হৈছে। তৃতীয় মহলাত আছে কৰিন্থিয়ান শৈলীৰ প্ৰভাৱ।
প্ৰাসাদৰ প্ৰথম মহলাটোৱে টুস্কান স্থাপত্য শৈলী অনুসৰণ কৰে, দ্বিতীয় মহলাটো ইটালিয়ান ডৰিক শৈলীত ডিজাইন কৰা হৈছে, আৰু তৃতীয় মহলাত কৰিন্থিয়ান প্ৰভাৱ আছে।
এই প্ৰসাদতে আছে পৃথিৱীৰ আটাইতকৈ গধূৰ chandelier টো। এই chandelierটো ৰাজ প্ৰসাদত স্থাপন কৰাৰ পূৰ্বে দহ দিন ১০ টা হাতীয়ে ছাদৰ ওপৰত খোজ কাঢ়ি ছাদৰ শক্তি পৰীক্ষা কৰিছিল।
বিশাল দৰবাৰ হলটোত ৫৬০ কিলোগ্ৰাম সোণেৰ বিভিন্ন সামগ্ৰী তথা প্ৰলেপেৰে সজোৱা হৈছে। প্ৰসাদটোৰ ডাইনিং হলটোত আহাৰ গ্ৰহণৰ সময়ত এখন ৰূপানী ৰঙৰ ক্ষুদ্ৰ ৰে'লে আহাৰ যোগান ধৰে।
তাৰোপৰি এই ৰাজ প্ৰসাদত আছে সোণ, ৰূপৰ প্ৰলেপ থকা ৰাজ প্ৰসাদৰ কৰ্মচাৰীৰ আৱাসগৃহ, প'ল' গ্ৰাউণ্ড, ছুইমিং পোল, জিমকে ধৰি বহু বিলাসী সামগ্ৰী। এই ৰাজ প্ৰসাদৰ এটা অংশক অৱশ্যে এতিয়া সংগ্ৰহালয় হিচাপেও পৰ্টকৰ বাবে মুকলি কৰি দিয়া হৈছে।
মুঠ ৪০০ টা কোঠালিৰ ভিতৰত ৩৫ টা কোঠা প্ৰতি সপ্তাহে মঙলবাৰৰ পৰা দেওবাৰলৈ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ পৰ্যটকে চাব পাৰে। এনে এক বিশাল সম্পত্তিৰ অধিকাৰী হৈয়ো অনন্যাৰ নাই কোনো অহংকাৰ। সেয়ে অনন্য হৈ পৰিছে অনন্যা ৰাজে সিন্ধিয়া।