ডিজিটেল ডেস্কঃ সমাগত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। অহা ২০নৱেম্বৰত ৰাজ্যখনত অনুষ্ঠিত হব ভোটগ্ৰহণ।ৰাজ্যৰ শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিবলৈ শাসক বিৰোধী সকলো উবুৰি খাই পৰিছে প্ৰচাৰ অভিযানত। এনে সময়তে চৰ্চালৈ আহিছে এইবেলি মহাৰাষ্ট্ৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সবাতোকৈ ধনী প্ৰাৰ্থীগৰাকী।
পৰাগ শ্বাহ। বিজেপিৰ ৫৫বছৰীয়া এই প্ৰাৰ্থীগৰাকীৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩হাজাৰ ৩৮১কোটি টকা। ইয়াৰে ৩,৩১৫কোটি অস্থাৱৰ আৰু ৬৭কোটি টকাৰ আছে স্থাৱৰ সম্পত্তি। নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাত উল্লেখ আছে বিজেপি প্ৰাৰ্থীগৰাকীৰ এই বিয়াগোম সম্পত্তিৰ বিষয়ে।
শপতনামাত উল্লেখ থকা মতে, শ্বাহৰ নামত আছে ২,১৭৯কোটি টকাৰ সম্পত্তি আৰু পত্নীৰ নামত আছে ১,১৩৬কোটি টকাৰ সম্পত্তি। Man-Infra Construction Limited- নামৰ এটা প্ৰতিষ্ঠানৰ স্বত্তাধিকাৰী পৰাগ শ্বাহ। এই কোম্পানীটোৰ বজাৰ মূল্য প্ৰায় ৫০০কোটি।
২০২৩-২৪বিত্তীয়বৰ্ষত শ্বাহৰ উপাৰ্জন আছিল- ২৫৭০২৭২৮০টকা। ইয়াৰ বিপৰীতে উক্ত বিত্তীয় বৰ্ষটোতে পত্নীৰ উপাৰ্জন আছিল- ১৬৩৬৬০১৪০টকা। শপতনামাত উল্লেখ কৰা মতে, বৰ্তমান শ্বাহৰ হাতত জমা আছে নগদ ১.৮লাখ টকা আৰু পত্নীৰ হাতত আছে ১.৩লাখ টকা।
মহাৰাষ্ট্ৰ ইষ্ট ঘাটকপাৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক পৰাগ শ্বাহৰ ওচৰত অলংকাৰ আছে ৩কোটি ৫২লাখ টকাৰ। ইয়াৰ বিপৰীতে পত্নীৰ হাতত থকা অলংকাৰৰ মূল্য ৩কোটি ১৭লাখ।
উল্লেখ কৰা প্ৰয়োজন যে, আগন্তুক নিৰ্বাচনত শিৱসেনা (ইউ বি টি), এন চি পি (শৰদ পাৱাৰ ফৈদ), আৰু কংগ্ৰেছৰ সৈতে গঠিত মহা বিকাশ আঘাড়ী মিত্ৰজোঁট আৰু বিজেপি, শিৱসেনা (একনাথ সিন্দে), আৰু এন চি পি (অজিত পাৱাৰ ফৈদ)কে ধৰি শাসকীয় পক্ষৰ মিত্ৰজোঁটৰ মাজত দুমুখীয়া প্ৰতিদ্বন্দ্বিতা অনুষ্ঠিত হ’ব ।