১ এপ্ৰিলৰ পৰা পুনৰ বৃদ্ধি পাব ৭৮৪ বিধ ঔষধৰ মূল্য...

দেশজুৰি কাৰ্যকৰী হোৱাকৈ ঔষধৰ মূল্য পুনৰ বৃদ্ধি পাব। ১ এপ্ৰিলৰ পৰা মুঠ ৭৮৪ বিধ ঔষধৰ মূল্য একেবাৰতে ১.৭৮ শতাংশ বৃদ্ধি পাব। ১ এপ্ৰিলৰ পৰা দেশজুৰি কাৰ্যকৰী হ’ব বৰ্ধিত মূল্য।

author-image
Tushar Pratim
New Update
১ এপ্ৰিলৰ পৰা পুনৰ বৃদ্ধি পাব ৭৮৪ বিধ ঔষধৰ মূল্য...

ডিজিটেল ডেস্কঃ ১ এপ্ৰিলৰ পৰা দেশজুৰি কাৰ্যকৰী হোৱাকৈ ঔষধৰ মূল্য পুনৰ বৃদ্ধি পাব। ১ এপ্ৰিলৰ পৰা মুঠ ৭৮৪ বিধ ঔষধৰ মূল্য একেবাৰতে ১.৭৮ শতাংশ বৃদ্ধি পাব। ১ এপ্ৰিলৰ পৰা দেশজুৰি কাৰ্যকৰী হ’ব বৰ্ধিত মূল্য।

Advertisment

মূল্যবৃদ্ধি হ’বলগীয়া এই ঔষধৰ ভিতৰত জ্বৰৰ পৰা আৰম্ভ কৰি ৰক্তজনিত ৰোগ, হৃদৰোগ, বৃক্কৰ ৰোগলৈকে সকলো ৰোগৰেই ঔষধ আছে। উল্লেখ্য যে, ইতিমধ্যে যোৱা প্ৰায় ২ ৰ পৰা ৩ টা বছৰত একাধিক বাৰ ঔষধৰ মূল্য বৃদ্ধি হোৱাৰ ফলত দৰিদ্ৰ, নিম্ন মধ্যবিত্তীয় পৰিয়ালসমূহ বাৰুকৈয়ে প্ৰভাৱিত হৈছে।

এনে পৰিস্থিতিত পুনৰ ৭৮৪ টা ঔষধৰ পাইকাৰী বজাৰৰ মূল্য এবাৰতে বৃদ্ধি হোৱাৰ ফলত চিকিৎসা ব্যৱস্থাটো যে দৰিদ্ৰ, নিম্ন মধ্যবিত্ত, মধ্যবিত্ত শ্ৰেণীৰ বাবে যে প্ৰায় অসহনীয় হৈ পৰিব সেয়া নিশ্চিত।

যিবোৰ ঔষধৰ দাম বৃদ্ধি হ’ব, সেইবোৰৰ ভিতৰত প্ৰায় সকলো ধৰণৰ ৰক্তচাপ, বৃক্ক, আৰু ৰক্তজনিত ৰোগ যেনে হিমোফিলিয়া, চিকেল চেল, তেজ পাতল কৰা ঔষধ, তেজ জমা হোৱা ঔষধ আদিও আছে। কলেষ্টেৰল, ইনচুলিন, ডায়েৰিয়া, গেষ্ট্ৰ’, ষ্ট্ৰোক, পক্ষাঘাতৰ বিষনাশক ঔষধৰ লগতে জ্বৰৰ ঔষধো মূল্যবৃদ্ধিৰ তালিকাত অন্তৰ্ভুক্ত আছে।

মন কৰিবলগীয়া এই মূল্য বৃদ্ধি পূৰ্বৰ দৰে ষ্ট্ৰীপৰ ক্ষেত্ৰত নহয়, এই মূল্যবৃদ্ধি হ’ব প্ৰতিটো টেবলেট বা কেপচুলৰ। তাৰোপৰি ১ এপ্ৰিলৰ পৰাই ষ্টেণ্টকে ধৰি বিভিন্ন হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সামগ্ৰীৰো দাম বৃদ্ধি পাব। বৃদ্ধি পাব ক’ৰ’নাৰী ষ্টেণ্টৰ দাম। খালী ধাতুৰ ষ্টেণ্টৰ সৰ্বোচ্চ মূল্য ১০,৬৯৩ টকা আৰু ড্ৰাগ এলুটিং ষ্টেণ্টৰ সৰ্বোচ্চ মূল্য ৩৮,৯৩৩ টকা হোৱাৰ সম্ভাৱনা আছে।

 

মূল্য বৃদ্ধি ঔষধ