"সাংবাদিকতা হৈছে সত্যৰ আলোক চিত্ৰ, যি আমাৰ ভৱিষ্যত ৰক্ষা কৰিব"...

সাংবাদিকতা হৈছে সত্যৰ আলোক চিত্ৰ, যি আমাৰ ভৱিষ্যত ৰক্ষা কৰিব পাৰে ৷ বুধবাৰে এখন সভাত এই মন্তব্য কৰিছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ৷

author-image
Asomiya Pratidin
New Update
প্ৰতিবন্ধকতাক লৈ এতিয়া মানুহৰ মাজত ইতিবাচক পৰিবৰ্তন আহিছেঃ ডি ৱাই চন্দ্ৰচুড়

ডি ৱাই চন্দ্ৰচূড়

ডিজটেল ডেস্কঃ সাংবাদিকতা হৈছে সত্যৰ আলোক চিত্ৰ, যি আমাৰ ভৱিষ্যত ৰক্ষা কৰিব পাৰে ৷ বুধবাৰে এখন সভাত এই মন্তব্য কৰিছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ৷ লগতে মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে সাংবাদিকতা অভিজাত বাবে নিৰ্বাচিত এক বৃত্তি হ'ব নালাগে ৷

Advertisment

দায়িত্বশীল সাংবাদিকতাৰ সন্দৰ্ভত মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, "সত্য, ন্যায় আৰু সমতাৰ অন্বেষণৰ ওপৰত আধাৰিত কৰি গণতন্ত্ৰক আগুৱাই নিয়া ইঞ্জিনটোৱেই হৈছে সাংবাদিকতা। যিহেতু ডিজিটেল যুগত প্ৰত্যাহ্বান অধিক হৈ পৰিছে, তেনেক্ষেত্ৰত সাংবাদিকসকলে তেওঁলোকৰ প্ৰতিবেদনত শুদ্ধতা, নিৰপেক্ষতা আৰু দায়বদ্ধতাৰ মানদণ্ড বজাই ৰখাটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে৷

তদুপৰি দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে সংবাদ প্ৰতিষ্ঠানসমূহ সাৱধান হ’ব লাগে৷ কিয়নো সংবাদ মাধ্যমে প্ৰস্তুত কৰি থকা বিভিন্ন বাতৰিয়ে সমাজক প্ৰতিফলিত কৰে। সেয়ে সাদায়েই উৎকৃষ্ট বাতৰিৰ সমলহে ৰাইজৰ বাবে তুলি ধৰিব লাগে৷ অন্যথা, দৰ্শকে তেওঁলোকৰ সত্যতা সম্পৰ্কে প্ৰশ্ন কৰিব পাৰে। মিডিয়া ট্ৰায়েলকলৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি তেওঁ কয় যে আদালতে সিদ্ধান্ত লোৱাৰ আগতে মিডিয়া ট্ৰায়েলে ব্যক্তিজনক দোষী কৰি তোলে ৷

Also Read: বুধবাৰে ৩ খন এদিনীয়া শৃংখলাৰ অন্তিম খন গ’ল অষ্ট্ৰেলিয়াৰ দখললৈ ...

#CHEIFJUSTICE