/asomiyapratidin/media/media_files/2025/02/21/xkvADGTuCNeWc78yZfUU.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকাত থকা অবৈধ ভাৰতীয়ৰ প্ৰত্যৰ্পণৰ বিষয়টোক লৈ বিতৰ্ক অব্যাহত আছে। যোৱা ৫ ফেব্ৰুৱাৰীত আমেৰিকা প্ৰশাসনে অবৈধ ভাৱে আমেৰিকাত বাস কৰি থকা ১০৪ গৰাকী ভাৰতীয়ক হাতে ভৰিয়ে শিকলি বান্ধী চূড়ান্ত অমানৱীয়ভাৱে প্ৰেৰণ কৰিছিল।
ইয়াকে লৈ এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত আছে। তেওঁলোকক কিয় হাতে, ভৰিয়ে শিকলি বান্ধি প্ৰেৰণ কৰা হৈছিল সেই লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে।
তাৰ মাজতেই আকৌ যোৱা ১৫ আৰু ১৬ ফেব্ৰুৱাৰীতো অবৈধভাৱে আমেৰিকাত বাস কৰি থকা ভাৰতীয়ক দুখন বিমানেৰে ভাৰতলৈ প্ৰেৰণ কৰে। এইসকল লোককো হাতে, ভৰিয়ে শিকলিৰে বান্ধি প্ৰেৰণ কৰা হৈছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছিল যদিও অৱশ্যে প্ৰশাসনে এইবাৰ তেনেদৰে অমানৱীয়ভাৱে প্ৰেৰণ নাই কৰা বুলি নিশ্চিত কৰিছে।
আজি বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় এই সন্দৰ্ভত কয় যে, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত আমেৰিকাৰ পৰা বিতাড়ণ কৰা শিশু, মহিলাকে ধৰি ২২৮ গৰাকী ভাৰতীয়ক শিকলিৰে বান্ধি পঠিওৱা নাই।
ইফালে অবৈধ প্ৰবজিত ভাৰতীয়ৰ বিষয়টোৱে চৰ্চা লাভ কৰি থকাৰ মাজতে আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সেই অভিযোগ অনুসৰি ট্ৰাম্প প্ৰশাসনে অবৈধ লোকসকলক ভাৰতলৈ প্ৰেৰণ কৰাৰ পূৰ্বে তেওঁলোকক পানামাৰ এখন হোটেলত ভাৰতীয়সহ ৩০০ জন লোকক ৰখা হৈছে।
সেই দলটোত ইৰাণ, নেপাল, শ্ৰীলংকা, পাকিস্তান, আফগানিস্তান আৰু চীনৰো অবৈধ প্ৰবজিত লোক আছে। এই প্ৰসংগত ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ দাবী পানামাত যিসকলক ৰখা হৈছে তেওঁলোকৰ ভিতৰত ভাৰতীয় আছেনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। যদি কোনো ভাৰতীয় আছেও তেন্তে তেওঁলোকক শীঘ্ৰেই দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কেৱল পানামাই নহয়, কোষ্টাৰিকাতো বহু প্ৰবজনকাৰীৰ ৰখা হৈছে। তেওঁলোকৰ মাজতো ভাৰতীয় আছেনেকি সেই বিষয়ে অনুসন্ধান অব্যাহত আছে। ৰণধীৰ জয়ছোৱালে কয়, কোষ্টাৰিকাৰ পৰা এই পৰ্যন্ত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ পোৱা নাই।
উল্লেখ্য যে, ৫ ফেব্ৰুৱাৰীত আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰেৰণ কৰা প্ৰবজিতসকলৰ সৈতে অতি নিৰ্দয় আচৰণ কৰা হৈছিল। তাৰ পাছত ১৫ ফেব্ৰুৱাৰীত ১১৯ জন ভাৰতীয়ক লৈ আন এখন বিমান অমৃতসৰত উপস্থিত হৈছিল। তাৰ ঠিক পাছৰ দিনাই ১৬ ফেব্ৰুৱাৰীত আমেৰিকাৰ পৰা আহিছিল তৃতীয়খন বিমান।