ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিত আমেৰিকাৰ হস্তক্ষেপ ! বৈদেশিক মন্ত্ৰণালয়ে দিলে সঠিক অনুসন্ধানৰ নিৰ্দেশ...

ভাৰতৰ জনগণক নিৰ্বাচনী গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিবলৈ আমেৰিকাৰ পৰা এক বৃহৎ অনুদান আগবঢ়াই আহিছিল। এই বিষয়টোৰ অনুসন্ধানৰ নিৰ্দেশ বৈদেশিক মন্ত্ৰণালয়ৰ।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিত আমেৰিকাৰ হস্তক্ষেপ ! বৈদেশিক মন্ত্ৰণালয়ে দিলে সঠিক অনুসন্ধানৰ নিৰ্দেশ...

ডিজিটেল ডেস্কঃ ভাৰতৰ নিৰ্বাচনী গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিবলৈ আমেৰিকাৰ পৰা এক বৃহৎ অনুদান আগবঢ়াই আহিছিল। ডনাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ পাছতে এই অনুদান বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। কেৱল সেয়াই নহয়, এই অনুদান বন্ধ কৰাৰ পাছত ডনাল্ড ট্ৰাম্পে দিয়া বক্তব্যয়ো ভাৰতীয় ৰাজনীতিতো বিতৰ্কৰ আৰম্ভ হৈছে। সমান্তৰালকৈ বিশ্ব ৰাজনীতিত এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। 

এনে পৰিস্থিতিৰ মাজতে বিষয়টোক লৈ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শুকুৰবাৰে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে বিষয়টোৰ সন্দৰ্ভত জনাইছে যে, এই বিষয়টো উদ্বেগজনক। ভাৰতৰ নিৰ্বাচনত আমেৰিকাই ধন বিনিয়োগ কৰা বিষয়টো চাবৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশনা দিয়া হৈছে বুলি জনাইছে  বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে।

উল্লেখ্য যে, শেহতীয়াকৈ প্ৰকাশ পাইছিল যে, আমেৰিকাত জো বাইডেন ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত ভাৰতৰ জনতাক নিৰ্বাচনী  গণতন্ত্ৰৰ বাবে অধিক আগ্ৰহী কৰি তুলিবলৈ ১৮২ কোটি টকা অনুদান দিছিল। ডনাল্ড ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছতে সেই অনুদান বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। ট্ৰাম্পে এই অনুদান বন্ধ কৰি কয়, কিয় আমি ভাৰতৰ ভোটদানৰ হাৰ বৃদ্ধি কৰিবলৈ ২ কোটি ১০ লাখ ডলাৰ খৰচ কৰিম? তেওঁ কয়, আমি ভাবো সেই ধনেৰে কাৰোবাক বিজয়ী কৰাৰ চেষ্টা কৰা হৈছিল। আমি বিষয়টো ভাৰত চৰকাৰক জনাইছো। 

ট্ৰাম্পৰ এনে মন্তব্যৰ পাছতে ভাৰতৰ লগতে সমগ্ৰ বিশ্বটে এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। প্ৰশ্ন উত্থাপন হৈছে, ভাৰতৰ নিৰ্বাচনত হস্তক্ষেপ কৰিছিল  নেকি বাইডেন প্ৰশাসনে? শুকুৰবাৰৰ বৈদেশিক মন্ত্ৰণালয়লৰ সপ্তাহিক সংবাদ মেলত এই বিষয়টোক লৈ সাংবাদিকে প্ৰশ্ন উত্থাপন কৰে।

এই প্ৰশ্ন উত্তৰত ৰণধীৰ জয়ছোৱালে কয়, সম্প্ৰতি মাৰ্কিন প্ৰশাসনৰ তৰফৰ পৰা তহবিল সম্পৰ্কিত কিছু তথ্য প্ৰকাশ কৰা হৈছে। বিষয়টো আমাৰো নজৰলৈ আহিছে। ভাৰতৰ আভ্যন্তৰণীৰ বিষয়ত বিদেশী হস্তক্ষেপক লৈ উদ্বেগ সৃষ্টি হৈছে। 

ইয়াৰোপৰি বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰগৰাকীয়ে কয়, ভাৰত চৰকাৰে বিষয়টো অত্যন্ত গুৰুত্বসহকাৰে লৈছে। সংশ্লিষ্ট বিভাগক বিষয়টো চাবলৈ নিৰ্দেশ দিয়া হৈছে। সম্পূৰ্ণ বিষয়টো সঠিককৈ তদন্ত কৰাৰ পূৰ্বে মন্তব্য কৰা অনুচিত।

উল্লেখ্য যে, যোৱা দেওবাৰেআমেৰিকাৰ প্ৰশাসনে  ভাৰতৰ লগতে একাধিক দেশলৈ আগবঢ়াই অহা বিভিন্ন অনুদান বাতিলৰ কথা জনাইছিল। ট্ৰাম্পৰ ঘনিষ্ঠ ইলন মাস্কৰ অধীনত থকা এই বিভাগটোৱে জনাইছিল যে, ভাৰতৰ নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে ১৮২ কোটি  টকা দিয়া হৈছিল।

সেই অনুদান বন্ধ কৰা হৈছে। তাৰোপৰি তেওঁলোকে কয়, ভাৰত আৰু তেওঁলোকৰ প্ৰধানমন্ত্ৰীক আমি যথেষ্ট সন্মান কৰো।  কিন্তু সেই বুলিয়েই আমি ভাৰতৰ ভোটদানৰ হাৰ বৃদ্ধি কৰিবলৈ ১৮২ কোটি টকা কিয় দিম? ভাৰতৰ হাতত যথেষ্ট ধন আছে।

আমেৰিকা ড'নাল্ড ট্ৰাম্প নৰেন্দ্ৰ মোডী