/asomiyapratidin/media/media_files/2025/05/09/2ZmBz4Ra1m8CxvDA9Prg.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ বৈদেশিক মন্ত্ৰণালয় আৰু সশস্ত্ৰ বাহিনীয়ে ঘোষণা কৰিছে যে, পাকিস্তানে ভাৰতৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লৈ চলোৱা আক্ৰমণত তুৰ্কীৰ অস্ত্ৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান আছিছগাৰ্ডৰ দ্বাৰা নিৰ্মিত ছংগাৰ ড্ৰোণ ব্যৱহাৰ কৰিছিল। এই বিষয়ে আজি এক সংবাদ মেলত বৈদেশিক সচিব বিক্ৰম মিশ্ৰী, কৰ্ণেল শ্ব’ফিয়া কুৰেশ্বি আৰু উইং কমাণ্ডাৰ ভ্যোমিকাৰ সিঙে এই তথ্য দিয়ে।
কৰ্ণেল কুৰেশ্বীয়ে কয় যে, ৮-৯ মে'ৰ নিশা পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ৩৬ টা ঠাইত প্ৰায় ৩০০ ৰ পৰা ৪০০ খন তুৰ্কী ড্ৰোণ ব্যৱহাৰ কৰিছিল। উইং কমাণ্ডাৰ ভ্যোমিকা সিঙে কয় যে, পশ্চিম সীমান্তত ভাৰতৰ সামৰিক ঘাটিত গধূৰ অস্ত্ৰৰে আক্ৰমণ চলাইছিল।
সংবাদ মেলত জনোৱা মতে পাকিস্তানে অসামৰিক বিমানেৰে পৰিপূৰ্ণ আকাশপথ ব্যৱহাৰ কৰি ড্ৰোণ উৰণক আৱৰণ দিব বিচাৰিছে। কাৰণ তেওঁলোকে জানে ভাৰতে অসামৰিক বিমানক লক্ষ্য কৰি নলয়। সেয়ে অসামৰিক বিমান পথেৰে ড্ৰোণ উৰুওৱাৰ লক্ষ্য আছিল ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ স্থান নিৰূপণ কৰা। ইয়াৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতেও ৪ খন ড্ৰোণ প্ৰেৰণ কৰি পাকিস্তানৰ এখন বায়ু প্ৰতিৰক্ষা ৰাডাৰ ধ্বংস কৰে।
এই ঘটনাৰ পাছত ভাৰত-পাকিস্তান সম্পর্কত নতুনকৈ উত্তেজনা সৃষ্টি হৈছে। জম্মু, পঠানকোট, আৰু উধমপুৰৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি কৰা ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণ সফলতাৰে প্ৰতিহত কৰা হৈছে বুলি ভাৰতীয় সেনাই জনাইছে।
অপাৰেচন সিন্দূৰৰ অধীনত, পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা ৯টা বিদ্ৰোহী শিবিৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই ধ্বংস কৰি দিয়া হৈছে। ভাৰতীয় সেনাই এই কাৰ্য্যক পাকিস্তানৰ উচতনিমূলক আৰু ধাৰাবাহিক অপচেষ্টাৰ প্ৰত্যুত্তৰ বুলি মন্তব্য কৰিছে।
উত্তৰ ভাৰতৰ সীমান্ত ৰাজ্যসমূহ জম্মু-কাশ্মীৰ, পাঞ্জাব আৰু ৰাজস্থানৰ বহু ঠাইত বৃহস্পতিবাৰৰ পৰা ব্লেক আউট কৰা হৈছে। ভাৰতে ড্ৰোণ আৰু অন্যান্য আকাশী পথৰ ভাবুকি কাইনেটিক আৰু নন-কাইনেটিক কৌশলৰে প্ৰতিৰোধ কৰিছে বুলিও প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনাইছে।