বিয়াৰ ১৫ মাহ পাছতেই ছহীদ হৈছিল স্বামী, জীৱন যুঁজত হাৰ নামানি ৰেখা এতিয়া সেনাৰ লেফটেনেণ্ট

বিয়াৰ ১৫ মাহ পাছতেই ছহীদ হৈছিল স্বামী, জীৱন যুঁজত হাৰ নামানি ৰেখা এতিয়া সেনাৰ লেফটেনেণ্ট

ডিজিটেল ডেস্কঃ ছহীদ স্বামীৰ সপোন পূৰণ কৰিলে পত্নীয়ে। মধ্য প্ৰদেশৰ ৰীৱাত এগৰাকী মহিলাই ছহীদ স্বামীৰ সপোন পূৰণ কৰিবলৈ চৰকাৰী শিক্ষকৰ চাকৰি এৰি দি সেনাত যোগদান কৰিবলৈ অনুশীলন আৰম্ভ কৰিছিল।

 ৰেখা নামৰ মহিলা গৰাকীয়ে ২ বছৰ কঠোৰ পৰিশ্ৰম কৰাৰ পাছত অৱশেষত স্বামীৰ সপোন পূৰণ কৰিবলৈ সক্ষম হয়। গলৱান ঘাটীত ছহীদ হোৱা দীপক সিঙৰ পত্নী ৰেখা সিং এতিয়া সেনাত লেফটেনেণ্ট । ২৯ এপ্ৰলিত ৰেখাই পাছিং পেৰেডত যোগদান কৰিব।

উল্লেখ্য যে, লডাখৰ গলৱান ঘাটীত চীনৰ লগত হোৱা সংঘৰ্ষত দীপক সিঙ ছহীদ হৈছিল। তেওঁক পাছলৈ মৰণোত্তৰভাৱে বীৰ চক্ৰ সন্মানেৰে সন্মানিত কৰিছিল। দীপক সিঙে ২০২০ চনৰ ১৫ জুনত লাডাখৰ গলৱান সংঘৰ্ষত চীনা সৈন্যৰ বিৰুদ্ধে তীব্ৰ যুঁজ দিছিল।

যি সময়ত দীপক সিং ছহীদ হৈছিল সেই সময়ত ৰেখাৰ সৈতে তেওঁৰ বিবাহৰ মাত্ৰ ১৫ মাহ হৈছিল।তেতিয়াই পত্নী ৰেখা সিঙে সেনাত ভৰ্তি হোৱাৰ বাবে পন বান্ধিছিল।

ৰেখাই শিক্ষকৰ চাকৰি এৰি সেনাত ভৰ্তি হোৱাৰ বাবে পৰিশ্ৰম কৰে। প্ৰথম প্ৰয়াসত ৰেখাই বিফলো হৈছিল। কিন্তু হাৰ নামানি পুনৰ পৰীক্ষা দিয়ে আৰু সফল হয়। এতিয়া ৰেখা ভাৰতীয় সেনাৰ লেফটেনেন্ট। তেওঁ ইতিমধ্যে ১ বছৰৰ প্ৰশিক্ষণ সমাপ্ত কৰিছে।

ৰেখা সিঙক বিয়াৰ পিছত তেওঁৰ স্বামী দীপক সিঙে এজন বিষয়া হ'বলৈ অনুপ্ৰাণিত কৰিছিল। পাছত ৰেখা সিঙে তেওঁৰ স্বামীৰ সপোন পূৰণ কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰিছিলষ

বিয়াৰ ১৫ মাহ পাছতেই ছহীদ হৈছিল স্বামী, জীৱন যুঁজত হাৰ নামানি ৰেখা এতিয়া সেনাৰ লেফটেনেণ্ট
নৃশংস! পিতৃয়ে হানি-খুচি হত্যা কৰিলে নিজ কন্যাক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in