নৃশংস! পিতৃয়ে হানি-খুচি হত্যা কৰিলে নিজ কন্যাক...

প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে ১৬ বছৰীয়া কিশোৰীক হত্যা কৰিলে পৰিয়ালৰ লোকে। দেওবাৰে আৰক্ষীয়ে জনাই এই কথা।

author-image
Asomiya Pratidin
New Update
পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে ১৬ বছৰীয়া কিশোৰীক হত্যা কৰিলে পৰিয়ালৰ লোকে। দেওবাৰে আৰক্ষীয়ে জনাই এই কথা। আৰক্ষীৰ মতে ১৬ বছৰীয়া কিশোৰী গৰাকীক পিতৃয়ে হত্যা কৰি নদীত পেলাই দিছিল। একে গাঁৱৰে এজন যুৱকৰ লগত কিশোৰী গৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল যাৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰে পিতৃয়ে।

Advertisment

এই ঘটনা উত্তৰপ্ৰদেশৰ সিদ্ধাৰ্থনগৰৰ। আৰক্ষীয়ে এই ঘটনাৰ পাছতে পিতৃ ৰাধেশ্যাম কেৱত,ককাক সীতাৰাম আৰু লাহৰী নামৰ আন এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে শনিবাৰে নদীৰ পৰা উদ্ধাৰ কৰিছিল কিশোৰী গৰাকীৰ মৃতদেহ। ঘটনাৰ বিৱৰণী অনুসৰি শনিবাৰে পৰিয়ালটোৱে এজন আত্মীয়ৰ ঘৰৰ পৰা নিজ ঘৰলৈ উভতি আহিছিল। তেতিয়াই কিশোৰী গৰাকীক যুৱকজনৰ পৰা দূৰত থাকিবলৈ কৈছিল। কিন্তু কিশোৰী গৰাকীয়ে আপত্তি কৰিছিল।

তাৰ পাছতে অভিযুক্ত পিতৃয়ে কিশোৰী গৰাকীক চুৰীৰে হানি খুচি হত্যা কৰে বস্তাত ভৰাই নদীত পেলাই দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Also Read: টেঙাখাতত ধুমুহাত ক্ষতিগ্ৰস্ত বহুজনৰ ঘৰ-বাৰী...