Advertisment

২০২৫ ৰ প্ৰথম পষেকত কেন্দ্ৰীয় চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰে ২০২৫ বৰ্ষটোক ডাঙৰ সিদ্ধান্ত লোৱাৰ বছৰ হিচাপে ঘোষণা কৰিছে। বছৰৰ প্ৰথম মাহটোৰ এটা পষেকত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু প্ৰকল্প উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।

author-image
Asomiya Pratidin
New Update
২০২৫ ৰ প্ৰথম পষেকত কেন্দ্ৰীয় চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰে ২০২৫ বৰ্ষটোক ডাঙৰ সিদ্ধান্ত লোৱাৰ বছৰ হিচাপে ঘোষণা কৰিছে। বছৰৰ প্ৰথম মাহটোৰ এটা পষেকত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু প্ৰকল্প উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে। কেন্দ্ৰীয় কেবিনেটেত অষ্টম দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Advertisment

২০২৫ চনৰ প্ৰথম মাহৰ এটা পষেকত কেন্দ্ৰীয় চৰকাৰে তিনিটা স্বেদেশত নিৰ্মিত জাহাজ, দিল্লী আৰু উত্তৰ প্ৰদেশৰ মাজত নমো ভাৰত ৰেল, জম্মু-কাশ্মীৰৰ সোণামাৰ্গ সুৰংগ উদ্বোধন কৰা হৈছে। তাৰোপৰি অন্ধ্ৰপ্ৰদেশত এক বৃহৎ ড্ৰাগ পাৰ্ক আৰু সেউজীয়া হাইড্ৰ’জেন হাব মুকলি কৰা হৈছে।

চৰকাৰী সূত্ৰ অনুসৰি, এইবোৰ হৈছে কেন্দ্ৰীয় চৰকাৰৰ ২০২৫ চনৰ বহু ডাঙৰ সিদ্ধান্তৰ আৰম্ভণিহে, যি দেশৰ উন্নয়ন আৰু কল্যাণমূলক পদক্ষেপক সম্প্ৰসাৰিত কৰিব।

এই সন্দৰ্ভত চৰকাৰী কৰ্তৃত্বশীল বিষয়াই কয়, "আমি একেলগে এখন উন্নত ভাৰত গঢ়ি তুলিছো, য'ত প্ৰতিজন নাগৰিকে এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।" 

বছৰটোৰ আৰম্ভণিতে চৰকাৰী বিষয়াসকলে কৃষকসকলৰ কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰথম কেবিনেট বৈঠকত, ডায়েমোনিয়াম ফছফেটৰ (ডি এ পি) মূল্য এককালীন বিশেষ পেকেজৰ জৰিয়তে সুলভ কৰা হৈছে। যাতে কৃষকসকল উপকৃত হ'ব পাৰে।

তাৰোপৰি শনিবাৰে Swamitva Scheme ৰ অধীনত ৫০ হাজাৰ গাঁৱত ৬৫ লাখ সম্পত্তি কাৰ্ড বিতৰণ কৰিব। 

 

নৰেন্দ্ৰ মোডী কেন্দ্ৰীয় কেবিনেট