কৰ্ণাটকৰ দৰেই মধ্যপ্ৰদেশত বিজেপিয়ে হেৰুৱাব লাগিব ক্ষমতা ! দলটোত আৰম্ভ হৈছে খহনীয়া...

কৰ্ণাটকৰ দৰেই মধ্যপ্ৰদেশত বিজেপিয়ে হেৰুৱাব লাগিব ক্ষমতা ! দলটোত আৰম্ভ হৈছে খহনীয়া...
কৰ্ণাটকৰ দৰেই মধ্যপ্ৰদেশত বিজেপিয়ে হেৰুৱাব লাগিব ক্ষমতা ! দলটোত আৰম্ভ হৈছে খহনীয়া...

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ প্ৰভাৱ পৰিছে মধ্যপ্ৰদেশত। মধ্যপ্ৰদেশত বিজেপি ত্যাগ কৰি বিজেপি নেতাৰ সৈতে শ শ কৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছত।

সন্মুখত ৰাজ্যিক বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে ৰাজ্যিক বিজেপিক শলঠেকত পেলাই মধ্যপ্ৰদেশৰ শ শ বিজেপি নেতা, কৰ্মীয়ে দল এৰি যোগদান কৰিছে বিৰোধী কংগ্ৰেছত। ঠিক যেন কৰ্ণাটকৰ পুনৰাবৃত্তি।

কৰ্ণাটকতো নিৰ্বাচনৰ পূৰ্বে এইদৰে বহু কেইজন বিজেপি নেতাই দলত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাই নহয় বিজেপিৰ বহু সদস্যয়ো তেওঁলোকক অনুসৰণ কৰি কংগ্ৰেছত চামিল হৈছিল। সেইসকলৰ ভিতৰত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীসহ একাধিক হেভিৱেইট নেতা।

মধ্যপ্ৰদেশতো বিজেপি ত্যাগ কৰি কেইবাজনো নেতা, কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিছে। মধ্যপ্ৰদেশৰ তিনিবাৰৰ বিজেপি বিধায়ক প্ৰদীপ লাৰিয়াৰ ভাতৃ হেমন্ত লাৰিয়াই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে।

তেওঁক ৰাজ্যিক কংগ্ৰেছৰ সভাপতি কমল নাথে দলটোলৈ আদৰণি জনাই আৰু কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পদ অৰ্পণ কৰে। হেমন্ত লাৰিয়াৰ সৈতে কংগ্ৰেছত যোগদান কৰিছে তেওঁৰ শ শ অনুগামী আৰু সমৰ্থকে।

এই যোগদান কাৰ্যসূচীত বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা হেমন্ত লাৰিয়াই কয়, বিজেপিৰ শাসনত মধ্যপ্ৰদেশত মিছা কথা কোৱা আৰু লুণ্ঠনৰ চৰকাৰ চলিছে। সমগ্ৰ ৰাজ্যৰ লোকসকল চাউলৰ অত্যাধিক মূল্য, নিবনুৱা সমস্যা আৰু দুৰ্নীতিত অতিষ্ঠ হৈ পৰিছে।

চৰকাৰ ধনবল আৰু বাহুবলৰ ওপৰত চলি আছে। শাসকীয় দলে ৰাজনৈতিক লাভৰ বাবে আৰক্ষী আৰু প্ৰশাসনৰ অপব্যৱহাৰ কৰিছে। তেওঁ আশা প্ৰকাশ কৰিছে হনুমানৰ আশীৰ্বাদত কংগ্ৰেছ নেতা কমল নাথে এই দুৰ্নীতিগ্ৰস্ত বিজেপি চৰকাৰখনক আঁতৰাবলৈ সক্ষম হ’ব।

উল্লেখ্য যে, মধ্যপ্ৰদেশৰ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন চমু চাপি আহিছে যদিও ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভি ডি শৰ্মাৰ মাজত ব্যৱধান যথেষ্ট বৃদ্ধি পাইছে। দুয়ো নেতাৰ তিক্ততাপূৰ্ণ সম্পৰ্কৰ পৰিণাম দলটোৱে আগন্তুক নিৰ্বাচনত ভূগিব লাগিব বুলিও বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে প্ৰকাশ কৰিছে।

ভূপালত অনুষ্ঠিত হোৱা বিজেপিৰ বৈঠকত শীৰ্ষ কেন্দ্ৰীয় নেতাসকলেও দুয়ো নেতাক সোঁৱৰাই উল্লেখ কৰিছে যদি ৰাজ্যখনৰ শীৰ্ষ নেতৃত্বই নিজৰ মাজৰ মতভেদ সমাধান নকৰে আৰু এক গোট হিচাপে একেলগে কাম নকৰে তেন্তে দলটোৱে গুৰুতৰ পৰিণামৰ সন্মুখীন হ'ব। এই সন্দৰ্ভত, তেওঁলোকে কৰ্ণাটকৰ উদাহৰণ দাঙি ধৰে।

কৰ্ণাটকৰ দৰেই মধ্যপ্ৰদেশত বিজেপিয়ে হেৰুৱাব লাগিব ক্ষমতা ! দলটোত আৰম্ভ হৈছে খহনীয়া...
জোনমণি ৰাভা প্ৰসংগত আৰু মাত নামাতে অসম চৰকাৰেঃ 'বণ্ড চাইন' কাৰ্যক জনালে আদৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in