ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জল পথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চেন্নাই বন্দৰত ঘোষণা কৰে যে সদ্য সমাপ্ত পেৰিছ অলিম্পিকত দুটাকৈ পদক বিজয়ী মনু ভাকাৰক কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি দিয়া হৈছে।পেৰিছ অলিম্পিক ২০২৪ ৰ শ্বুটিঙত দুটাকৈ পদক অৰ্জন কৰি এক নতুন ইতিহাস ৰচা দুৰন্ত শ্বুটাৰ মনু ভাকাৰ সামুদ্ৰিক অভিযন্তাৰ কন্যা।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "প্ৰতিজন ভাৰতীয়ৰ লগতে দেশৰ সামুদ্ৰিক খণ্ডৰ প্ৰতিজন সদস্যৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত যে অলিম্পিক পদক বিজয়ী তথা সামুদ্ৰিক অভিযন্তাৰ কন্যা মনু ভাকাৰে এতিয়া ভাৰতৰ সামুদ্ৰিক খণ্ডৰ প্ৰচাৰ-প্ৰসাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, তেওঁক আজি আমাৰ মন্ত্ৰালয়ৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে আনুষ্ঠানিকভাৱে চুক্তিবদ্ধ কৰা হৈছে।দেশৰ স্বাধীনোত্তৰ কালত একেখন অলিম্পিকতে দুটা ব্যক্তিগত পদক জয়েৰে মনু ভাকাৰে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিছে।এগৰাকী সফল খেলুৱৈ হিচাপে তেওঁৰ কৃতিত্বই অজস্ৰ জনক অনুপ্ৰাণিত কৰিছে।সামুদ্ৰিক খণ্ডৰ সৈতে জড়িত তেওঁৰ পৰিয়াল, যাৰ দ্বাৰা মনুৱে সময়ানুৱৰ্তিতা, অনুশাসন, অধ্যৱসায় আৰু নম্ৰতাৰ গুণ আয়ত্ত কৰিবলৈ সক্ষম হৈছিল।মনুৰ প্ৰেৰণাদায়ক কাহিনীৰ জৰিয়তে আমি ভাৰতৰ জনসাধাৰণৰ বিশেষকৈ যুৱ প্ৰজন্মৰ ওচৰলৈ যাব বিচাৰোঁ যাতে উঠি অহা প্ৰজন্মই দেশৰ সামুদ্ৰিক খণ্ডত নিয়োজিত হৈ এক সবল ভূমিকা গ্ৰহণ কৰিব পাৰে আৰু মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভিজন অনুযায়ী ২০৪৭ চনৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰ কৰাত অৰ্থপূৰ্ণ অৰিহণা যোগাব পাৰে।"
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি সৰ্বানন্দ সোণোৱালে বন্দৰটোৰ প্ৰাঙ্গণত 'স্বচ্ছতাই সেৱা ২০২৪' কাৰ্যসূচীতো আজি অংশগ্ৰহণ কৰে, 'এক পেড় মাকে নাম' কাৰ্যসূচীৰ অংশ হিচাপে গছপুলি ৰোপণ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি সামুদ্ৰিক খণ্ডৰ লগতে অন্যান্য ক্ষেত্ৰৰ সফল মহিলাসকলক সন্মানিত কৰে, যিয়ে ৰাষ্ট্ৰ নিৰ্মাণত উল্লেখনীয় অৰিহণা যোগাই আহিছে।সোণোৱালে আই এন এছ ভিতাৰিণীৰ ভাৰতীয় বিষয়া তথা প্ৰথম মহিলা মুখ্য নাবিক লেফটেনেণ্ট কমাণ্ডাৰ বৰ্তিকা যোশী, ইণ্ডিয়ান মাৰ্কেণ্টাইল মেৰিনৰ ইতিহাসৰ প্ৰথম মহিলা সামুদ্ৰিক অভিযন্তা সোণালী বেনাৰ্জী, জে এম বক্সি গ্ৰুপ, চেন্নাই শাখাৰ জেনেৰেল মেনেজাৰ কেপ্টেইন টিনা জ'য়ে, পেৰিছ পেৰালিম্পিকৰ বেডমিণ্টনৰ একক শাখাত ৰূপৰ পদক বিজয়ী থুলাচি মাথিমুৰু গেচন, পেৰিছ পেৰালিম্পিকৰ বেডমিণ্টনৰ একক শাখাত ব্ৰঞ্জৰ পদক বিজয়ী মনীষা ৰাম দাস আৰু ১এছ.টি.এছ. সামুদ্ৰিক উপাদান, ভাৰতীয় জাহাজ পৰিবহণ পঞ্জীয়কৰ জৰীপকৰ্তা ৰূপালী ৰাজযোশীক ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ অমূল্য অৱদানৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "ভাৰতৰ নাৰী শক্তি সদায়ে প্ৰেৰণাৰ উৎস হৈ আহিছে।অতীজৰে পৰা নাৰী শক্তিয়ে সমৃদ্ধ সমাজ গঢ়ি তুলিবলৈ অপৰিসীম শক্তি, ত্যাগ আৰু সাহসৰ দৃষ্টান্ত দেখুৱাই আহিছে। বন্দৰ, জাহাজ তথা সামুদ্ৰিক খণ্ডতো মহিলা শক্তিৰ ভূমিকা অপৰিহাৰ্য্য।মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ হোৱাৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত দ্ৰুত গতিত আগবাঢ়ি আহিছে।এই ক্ষেত্ৰত সামুদ্ৰিক খণ্ডৰ মহিলা শক্তিৰ লগতে অন্যান্য ক্ষেত্ৰৰ মহিলা শক্তিকো আগভাগ ল'বলৈ আন্তৰিক আহ্বান জনালোঁ।"
পেৰিছ পেৰালিম্পিকৰ বেডমিণ্টনৰ একক শাখাত ৰূপৰ পদক বিজয়ী থুলাচিমাথি মুৰুগেচনে আজি সাৰুৱা ভাষণেৰে নাৰী শক্তিক উজ্জীৱিত কৰে আৰু কয় যে প্ৰধানমন্ত্ৰীৰ সবল নেতৃত্বত দেশৰ ক্ৰীড়াজগতখন ন ৰূপত উদ্ভাসিত হৈছে আৰু নাৰী শক্তিয়ে খেল জগতকে ধৰি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দাঙি ধৰি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সমানেই অংশীদাৰ হৈছে।
অনুষ্ঠানটোত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি কে ৰামচন্দ্ৰন, ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মালিনী ভিশংকৰ, চেন্নাই বন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ আৰু কামৰাজৰ বন্দৰ লিমিটেডৰ অধ্যক্ষ সুনীল পালিৱাল প্ৰমুখ্যে মন্ত্ৰালয়ৰ আন জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।