নাপালে সকাহ! পুনৰ উচ্চতম ন্যায়ালয়ে জামিন আবেদন খাৰিজ কৰিলে মনীষ ছিচোদিয়াৰ

manish sisodia
manish sisodia

ডিজিটেল ডেস্কঃ আশাত চেচা পানী পৰিল দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ ছিচোদিয়াৰ। পূৰ্বৰ সিদ্ধান্ত বাহাল ৰাখি উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জামিন আবেদন। লগতে খাৰিজ কৰিলে কিউৰেটিভ পিটিচন।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ এছ ভি এন ভাট্টিক লৈ গঠিত চাৰিজনীয়া বিচাৰপীঠে এই ৰায় প্ৰদান কৰে । ইয়াৰ পূৰ্বে ন্যায়ালয়ে ২০২৩ চনৰ ৩০ অক্টোবৰত মনীষ চিছোদিয়াৰ জামিন আবেদন নাকচ কৰিছিল।

ইয়াৰ লগতে চিছোদিয়াৰ পুনৰীক্ষণ আৱেদনও সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰে।ন্য়ায়ালয়ে কয় যে এই আবেদনৰ কোনো ভিত্তি নাই। ন্যায়াধীশ সঞ্জীৱ খণ্ড আৰু ন্যায়াধীৱ এছভিএন ভট্টীয়ে জামিন আবেদন খাৰিজ কৰি ৩০ অক্টোবৰৰ সিদ্ধান্ত বাহাল ৰাখে।

উল্লেখ্য যে, সুৰা কেলেংকাৰীৰ অভিযোগত চিছোদিয়াক চিবিআইয়ে ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল। ইডিয়ে চিছোদিয়াক তিহাৰ জেলত সোধা-পোচা কৰাৰ পাছত পুনৰ ৯ মাৰ্চ, ২০২৩ তাৰিখে গ্ৰেপ্তাৰ কৰিছিল।

manish sisodia
নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সফলতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in