মৰবীৰ দুৰ্ঘটনাৰ পাছত বিজেপিলৈ ৫ টা প্ৰশ্ন আপৰ নেতা মনীষ চিচোদিয়াৰ...

author-image
Asomiya Pratidin
New Update
মৰবীৰ দুৰ্ঘটনাৰ পাছত বিজেপিলৈ ৫ টা প্ৰশ্ন আপৰ নেতা মনীষ চিচোদিয়াৰ...

ডিজিটেল ডেস্ক : গুজৰাটৰ মৰবী নদীৰ ওপৰত থকা ওলমা দলং ভাঙি প্ৰায় ১৪০ জন লোকৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি কৰাৰ পাছত এক সংবাদ মেলৰ জৰিয়তে আপৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিচোদিয়াই প্ৰশ্ন কৰে গুজৰাটত শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টীক ।

Advertisment

আপৰ জ্যেষ্ঠ নেতা মনীষ চিচোদিয়াই সংবাদ মেলৰ জৰিয়তে, এখন দলং পুনৰ্নিমাণৰ দ্বায়িত্ব কিদৰে এটা ঘড়ী নিৰ্মাতা প্ৰতিষ্ঠানক দিয়া হৈছিল আৰু কোনো চৰকাৰী কাৰ্যৰ বাবে প্ৰয়োজন হোৱা টেণ্ডাৰৰ বিজ্ঞাপন নিদিয়াকৈ কিদৰে প্ৰতিষ্ঠানটোৱে দলং খনৰ ঠিকা লাভ কৰিলে বুলি প্ৰশ্ন কৰে । ইয়াৰ ওপৰিও, দলং খন পুনৰ্নিমাণৰ বাবে ধায্য কৰা হৈছিল ৮ মাহৰ সময়সীমা, তেনেস্থলত কিয় ৫ মাহতেই সম্পন্ন কৰা হ'ল দলং খনৰ নিৰ্মাণকাৰ্য । অৰ্থাৎ এনে খৰখেদাৰ প্ৰয়োজন নিশ্চয়কৈ নাছিল নিৰ্মাণ কাৰ্যত ।

আনহাতে, চিচোদিয়াই ইতিমধ্যে প্ৰতিষ্ঠানটিৰ ওপৰত ৰুজু হোৱা গোচৰত প্ৰতিষ্ঠানটিৰ স্বত্বাধিকাৰীৰ নাম কিয় নাই আৰু এই ঠিকা লাভ কৰাৰ কাৰণ কোনো শীৰ্ষৰ বিজেপি নেতাৰ সৈতে স্বত্বাধিকাৰী গৰাকীৰ ঘনিষ্ঠতা নেকি বুলি বিজেপিক প্ৰশ্ন কৰে ।

manishs sisodia gujrat bjp