
ডিজিটেল ডেস্কঃ দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক সুৰা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। কাৰাগাৰৰ পৰাই তেওঁ দেশবাসীৰ পৰা এখন পত্ৰ লিখিছে।
তেওঁ পত্ৰখনত বিজেপিৰ ওপৰত বহু গুৰুতৰ অভিযোগ উত্থাপন কৰা দেখা যায়।, তেওঁ কয় যে "বিজেপিয়ে মানুহক কাৰাগাৰত ৰখাৰ ৰাজনীতিত লিপ্ত হৈছে। আমি শিশুসকলক শিকোৱাৰ ৰাজনীতি কৰি আছো। কাৰাগাৰলৈ প্ৰেৰণ কৰা সহজ, শিশুসকলক শিকোৱাটো অতি কঠিন। দেশখন শিক্ষাৰ জৰিয়তেহে আগবাঢ়িব, কাৰাগাৰলৈ প্ৰেৰণ কৰি নহয়। "
মনীষ চিছোদিয়াই লিখিছে, "দিল্লীৰ শিক্ষা মন্ত্ৰী হিচাপে কাম কৰি থাকোতে প্ৰায়ে ভাবিছিলো যে ক্ষমতাত উপনীত হোৱা নেতাসকলে দেশৰ প্ৰতিটো শিশুৰ বাবে এখন উপযুক্ত শিক্ষানুষ্ঠান কিয় নিৰ্মাণ কৰা নাছিল? যদি সকলোৱে একগ্ৰতাৰে শিক্ষাৰ ক্ষেত্ৰখনত কাম কৰিলেহেতেন তেন্তে আমাৰ দেশত বিকশিত দেশ সমূহৰ দৰেই ভাল বিদ্যালয় থাকিলহেতেন।
এতিয়া মই কেইবাদিনৰ পৰা কাৰাগাৰত আছো। আৰু এতিয়া এই প্ৰশ্নবোৰৰ উত্তৰ নিজেই পাইছেো। যেতিয়া কাৰাগাৰ চলোৱাৰ ক্ষেত্ৰত ৰাজনীতিত সফলতা লাভ কৰিছে তেন্তে এখন বিদ্যালয় চলাবলৈ ৰাজনীতিৰ প্ৰয়োজনীয়তা কত।
ইয়াৰোপৰি আৰু মনিষ ছিচদিয়াই বিভিন্ন ধৰণৰ কটাক্ষ মূলক মন্তব্য কৰে বিজেপিৰ বিৰুদ্ধে। লগতে বিজেপিয়ে ক্ষমতাৰ অপপ্ৰয়োগ কৰাৰো অভিযোগ উত্থাপন কৰে।