মণিপুৰৰ বিধায়কক মুখ্যমন্ত্ৰী পতাৰ নামত ধন দাবীঃ ৩ যুৱকক গ্ৰেপ্তাৰ...

মণিপুৰৰ কেইবাজনো বিধায়কলৈ অমিত শ্বাহৰ পুত্ৰ, জয় শ্বাহৰ নামত ভুৱা ফোন আহিছিল। অমিত শ্বাহৰ পুত্ৰৰ নামত ফোন কৰা প্ৰবঞ্চকে মুখ্যমন্ত্ৰী পতাৰ নামত তেওঁলোৰৰ পৰা ধন দাবী কৰিছিল।

author-image
Tushar Pratim
New Update
মণিপুৰৰ বিধায়কক মুখ্যমন্ত্ৰী পতাৰ নামত ধন দাবীঃ ৩ যুৱকক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ  গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে মণিপুৰৰ কেইবাগৰাকী বিধায়কৰ পৰা দাবী কৰিলে ধন ! ৰাজ্যখনৰ বিজেপি বিধায়কক মুখ্যমন্ত্ৰী বনোৱাৰ বিনিময়ত ধন দাবীৰ অভিযোগ উঠিছিল গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰৰ বিৰুদ্ধে।

Advertisment

পিছে ইয়াৰ আঁৰৰ প্ৰকৃত সত্য পোহৰলৈ অহাৰ পিছতেই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইম্ফলত এই সন্দৰ্ভত ৰুজু  হয় এটা গোচৰ। সেই গোচৰৰ ভিত্তিতে তদন্ত কৰি আৰক্ষীয়ে গৃহমন্ত্ৰীৰ পুত্ৰৰ নামত এইদৰে ভুৱা পৰিচয়েৰে বিধায়কলৈ ফোন কৰা তিনি যুৱকক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, বিগত মাহত মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল এন বীৰেন সিঙে। তাৰ পাছতে ৰাজ্যখনত তেওঁৰ উত্তৰাধিকাৰী কোন হ’ব তাক লৈ চৰ্চা চলিছিল।

সেই চৰ্চাৰ মাজতে ৰাজ্যখনৰ কেইবাজনো বিধায়কলৈ অমিত শ্বাহৰ পুত্ৰ আই চি চিৰ অধ্যক্ষ জয় শ্বাহৰ নামত ভুৱা ফোন আহিছিল। অমিত শ্বাহৰ পুত্ৰৰ নামত ফোন কৰা প্ৰবঞ্চকে মুখ্যমন্ত্ৰী বনোৱাৰ নামত তেওঁলোৰৰ পৰা ধন দাবী কৰিছিল।

পৰৱৰ্তী সময়ত এই সন্দৰ্ভত ৰুজু হৈছিল এক গোচৰ। পৰিবৰ্তিত ৰাজনৈতিক পৰিস্থিতিত মণিপুৰত এতিয়া ৰাষ্ট্ৰপতিৰ শাসন চলিছে। ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ হৈ ৰাজ্যখন পৰিচালনা কৰিছে।

তাৰ মাজতে উত্তৰাখণ্ডৰ পৰা গ্ৰেপ্তাৰ হৈছে ৩ গৰাকী যুৱক। অভিযোগ অনুসৰি এই ৩ যুৱকেই মণিপুৰৰ বিধায়কক অমিত শ্বাহৰ পুত্ৰৰ নামত ভুৱা ফোন কৰি মুখ্যমন্ত্ৰীৰ বনোৱাৰ বিনিময়ত কোটি টকাৰ ধন দাবী কৰিছিল।

উত্তৰাখণ্ডত গ্ৰেপ্তাৰ হোৱা এই তিনি যুৱকক ইম্ফললৈ অনা হৈছে। জানিব পৰা মতে এই তিনি প্ৰৱঞ্চক ক্ৰমে  উত্তৰ প্ৰদেশৰ নিধোৰী কলনৰ ৱাইছ আহমেদ, দিল্লীৰ গাজীপুৰৰ গৌৰৱ নাথ আৰু প্ৰিয়াংশু পণ্ট। 

 

মণিপুৰ অমিত শ্বাহ জয় শ্বাহ