অশান্তজৰ্জৰ মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্র

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ অশান্তজৰ্জৰ মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্র জব্দ কৰা হৈছে। নিৰাপত্তা বাহিনীৰ অভিযানত জব্দ কৰা হয় মাৰণাস্ত্রখিনি। পশ্চিম ইম্ফলৰ চাম্বিৰক হিল ৰেঞ্জৰ পৰা জব্দ কৰা মাৰণাস্ত্রখিনি হ'ল ৮টা এইছ ই গ্রেণেড, টিউব লঞ্চিং ১এ ১০টা, লাথড চেলৰ দুটা।

তদুপৰি এম ১৬ ৰাইফল এটা, এটা চিংগল বেৰেল গান, এটা ৯এম এম পিষ্টল, এটা পইণ্ট টুটু পিষ্টল, এটা খালী ইনছাছ ৰাইফলৰ মেগজিন, এটা খালী ইনছাছ এল এম জি মেগজিন, এটা চাইনিজ হেণ্ড গ্রেণেড, ৭টা ৭.৬২ গোলাবাৰুদ, ১৬টা একে ৰাইফলৰ কাৰ্টিজ, ৮টা ইনছাছৰ গুলীসহ অন্যান্য বিস্ফোৰক জব্দ কৰা হয়। 

উল্লেখ্য যে, ঘটনা সন্দৰ্ভত কোনো লোকক গ্রেপ্তাৰ কৰা হোৱা নাই যদিও এই বৃহৎ পৰিমাণৰ মাৰণাস্ত্র জব্দ কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰতীকি ফটো
মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত পুুনৰ অঘটন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in