/asomiyapratidin/media/media_files/2025/04/03/3qs3IZYkiC99OWbrmUc5.jpg)
ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ মানিক সৰকাৰৰ চি পি আই এমৰ চৰকাৰৰ দৰেই পতন হ’ব নেকি বংগৰ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰৰ? আজিৰ তাৰিখত এয়া এক ডাঙৰ প্ৰশ্ন হিচাপে চিহ্নীত হৈছে। পশ্চিমবংগত তৃতীয়টো কাৰ্যকাল শেষ কৰিবলৈ ওলোৱা মমতা বেনাৰ্জীৰ চৰকাৰ নিৰ্বাচনৰ ঠিক আগে আগে বিপদত পৰিছে উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ বাবে।
২০১৮ চনত ত্ৰিপুৰাত পতন হৈছিল মানিক সৰকাৰৰ নেতৃত্বাধীন চি পি আই এমৰ চৰকাৰৰ। মানিক সৰকাৰৰ চৰকাৰৰ পতনৰো এক ডাঙৰ কাৰণ আছিল উচ্চতম ন্যায়ালয়ৰে এক বিশেষ ৰায়। ২০১০ আৰু ২০১৩ চনত দুটা পৰ্যায়ত ত্ৰিপুৰাৰ বিদ্যালয় শিক্ষা বিভাগে বিভিন্ন স্তৰত নিযুক্তি দিছিল ১০,৩২৩ গৰাকী শিক্ষক।
এই নিযুক্তি প্ৰক্ৰিয়াতে চৰম দুৰ্নীতি, অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। বিষয়টো প্ৰথমে পাইছিলগৈ আগৰতলা উচ্চ ন্যায়ালয়ৰ মজিয়া। ন্যায়ালয়ে দীঘলীয়া শুনানিৰ অন্তত নিযুক্তিৰ এই সম্পূৰ্ণ পেনেলেই বাতিল কৰাৰ নিৰ্দেশ প্ৰদান কৰে।
আগৰতলা উচ্চ ন্যায়ালয়ৰ সেই নিৰ্দেশক মানিক সৰকাৰৰ চৰকাৰে প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ক। কিন্তু উচ্চতম ন্যায়ালয়েও এই নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি, অনিয়ম সংঘটিত হোৱা বুলি পতিয়ন গৈ ২০১৭ চনত আগৰতলা উচ্চ ন্যায়ালয়কে বাহাল ৰাখি নিযুক্তিৰ সমগ্ৰ পেনেল বাতিল কৰে আৰু নিযুক্তি প্ৰাপ্ত ১০,৩২৩ গৰাকী শিক্ষকৰ চাকৰি বাতিল হয়।
২০২৬ ৰ প্ৰথমভাগতে পশ্চিমবংগত অনুষ্ঠিত হ’ব ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন। এই নিৰ্বাচনৰ ঠিক এটা বছৰৰ পূৰ্বে পশ্চিমবংগৰ চৰকাৰেও নিযুক্তি দিয়া প্ৰায় ২৬ হাজাৰ শিক্ষকৰ চাকৰি বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে। ২০২৪ ৰ এপ্ৰিলত কলিকতা উচ্চ ন্যায়ালয়ে দিয়া ৰায়কে বাহাল ৰাখি উচ্চতম ন্যায়ালয়ে আজি প্ৰদান কৰা ৰায়ৰ পাছতে সমগ্ৰ পশ্চিমবংগত এক হাহাকাৰময় পৰিস্থিতিৰ সূচনা হৈছে।
এফালে চাকৰি হেৰুৱাই ২৬ হাজাৰ শিক্ষক আৰু তেওঁলোকৰ পৰিয়াল অথায় সাগৰত ডুব যোৱাৰ বিপৰীতে এইদৰে হঠাত বিদ্যালয়সমূহো শিক্ষকহীন হৈ পৰাত পাঠ্যক্ৰম কিদৰে আগবঢ়াই নিব, শিক্ষাৰ্থীক কিদৰে পাঠ পঢ়াব তাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চাকৰি হেৰুওৱা ২৬ হাজাৰ শিক্ষকৰ কাষত আছে বুলি যিমানেই জোৰ দিছে সিমানেই বিৰোধীয়ে গোটেই বিষয়টোক লৈ বংগ চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰিছে।
একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে ত্ৰিপুৰাৰ দৰেই অৱস্থা হ’বলৈ গৈছে পশ্চিমবংগত। উচ্চতম ন্যায়ালয়ে ২৬ হাজাৰ শিক্ষকৰ চাকৰি বাতিল কৰাৰ যি ৰায় দিলে সেই ৰায়ে মমতা বেনাৰ্জীৰ চৰকাৰৰ পতন মাতি আনিছে।
ত্ৰিপুৰা বিজেপিৰ মুখপাত্ৰ সুব্ৰত চক্ৰৱৰ্তীয়ে এই সন্দৰ্ভত কয় "বংগ আৰু ত্ৰিপুৰাৰ ভূমি বেলেগ হলেও মৌলিক সাদৃশ্য আছে। অৰ্থাৎ দুয়োখন ৰাজ্যতে দীৰ্ঘদিনীয়া বাওঁপন্থী শাসনৰ পিছত মানুহ সলনি হ'ল। কিন্তু তৃণমূলে যিদৰে দুৰ্নীতি সংঘটিত কৰিছে, তাৰ ফলত মানুহৰ ক্ষোভ হিমালয়ৰ দৰে পৰ্যায় পাইছেগৈ।"
ত্ৰিপুৰাৰ বাওঁপন্থী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ভানুলাল সাহা অৱশ্যে বংগক ত্ৰিপুৰাৰ সৈতে একাকাৰ কৰাৰ পক্ষত নাই। তেওঁ কয়,"ত্ৰিপুৰা আৰু বংগৰ বিষয়বোৰৰ মাজত পাৰ্থক্য আছে। আমাৰ ৰাজ্যত এটা প্ৰক্ৰিয়াগত ভুল হৈছিল। কিন্তু বংগত টকাৰ বিনিময়ত নিযুক্তি দিয়া হৈছিল।দুয়োটা একে কথা নহয়।"
ত্ৰিপুৰাৰ বাওঁপন্থী নেতাসকলে দাবী কৰে, কেৱল চাকৰি বাতিলৰ বাবেই বাওঁ চৰকাৰৰ পতন হোৱা নাছিল। তেওঁলোক দীৰ্ঘদিন চৰকাৰত থকাৰ পাছত প্ৰতিষ্ঠান বিৰোধী ঢৌ উঠিছিল। ২০২৬ ত বংগত আছে বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ সময়তো ১৫ বছৰ শাসনত থকা মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সন্মুখীন হ’ব।
সেয়া যিয়েই নহওঁক, ২৬ হাজাৰ শিক্ষকৰ একেলগে চাকৰি হেৰুওৱা বিষয়টোৱে যে মমতা বেনাৰ্জীক চিন্তিত কৰি তুলিছে সেয়া তেওঁৰ ততপৰতাই স্পষ্ট কৰিছে। মমতা বেনাৰ্জীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায় ঘোষণা হোৱাৰ লগে লগে খৰখেদাকৈ শিক্ষামন্ত্ৰী সুব্ৰত্য বসুক মাতি পঠিয়াই।
দীৰ্ঘ সময় ধৰি শিক্ষামন্ত্ৰী আৰু শীৰ্ষ চৰকাৰী আমোলাৰ সৈতে হোৱা বৈঠকৰ অন্তত মমতাই এক সংবাদ মেলো সম্বোধন কৰে। এই সংবাদ মেলত তেওঁ কয়, ৰাজ্য চৰকাৰে আদালতৰ নিৰ্দেশ মানি, তিনি মাহৰ ভিতৰত নতুন নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব।
ইয়াৰ সমান্তৰালকৈ তেওঁ প্ৰশ্ন উত্থাপন কৰি কয়, "এই গোচৰত তেতিয়াৰ শিক্ষামন্ত্ৰী (পাৰ্থ চেটাৰ্জী)ক বহুদিন জেলত ৰখা হৈছে। এজন ব্যক্তিৰ অপৰাধৰ বাবে কিমান মানুহক শাস্তি দিয়া হয়?"
উল্লেখ্য যে, যোৱা বছৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পিছতে কলিকতা উচ্চ ন্যায়ালয়ে ২৬ হাজাৰ শিক্ষকৰ চাকৰি বাতিল কৰিছিল। সেই নিৰ্দেশৰ পিছতেই মমতা বেনাৰ্জীয়ে ইয়াৰ প্ৰত্যাহ্বান জনাই নিজেই উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছিল।
কলিকতা উচ্চ ন্যায়ালয়ৰ সেই ৰায়ে কিন্তু সেইবাৰ লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছক বৰ বিশেষ ক্ষতি কৰিব পৰা নাছিল। বিপৰীতে ২০১৯ চনৰ তুলনাত বংগত তৃণমূলৰ আসন বৃদ্ধিহে পালে।
কিন্তু আজি উচ্চতম ন্যায়ালয়ে ২৬ হাজাৰ শিক্ষকৰ চাকৰি বাতিলৰ নিৰ্দেশ দিয়াৰ পাছতে ত্ৰিপুৰাৰ বিষয়টো চৰ্চালৈ আহিছে। এতিয়া লক্ষ্যণীয় হ’ব পশ্চিমবংগৰ ৰাজনৈতিক বতাহ গৰম কৰি তুলিব পৰা এই বিষয়টোৰ সৈতে মমতা বেনাৰ্জীয়ে কিদৰে মোকাবিলা কৰিব।