মঙলদৈত তিনিখন চিকিৎসালয়ক এম্বুলেন্স প্ৰদান অইল কৰ্পৰেচনৰ

ইণ্ডিয়ান অইল কৰ্পৰেচনৰ চি এছ আৰ আঁচনিৰ অধীনত মঙলবাৰে দৰঙৰ তিনিখন চিকিৎসাল়য়ক একোখনকৈ এম্বুলেন্স প্ৰদান কৰে কৰ্পৰেচনটোয়ে।

author-image
Asomiya Pratidin
New Update
মঙলদৈত তিনিখন চিকিৎসালয়ক এম্বুলেন্স প্ৰদান অইল কৰ্পৰেচনৰ

ডিজিটেল সংবাদ, মঙলদৈঃ ইণ্ডিয়ান অইল কৰ্পৰেচনৰ চি এছ আৰ আঁচনিৰ অধীনত মঙলবাৰে দৰঙৰ তিনিখন চিকিৎসাল়য়ক একোখনকৈ এম্বুলেন্স প্ৰদান কৰে কৰ্পৰেচনটোয়ে। উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত মঙলদৈ অসামৰিক চিকিৎসালয়, পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু হাজৰিকাপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰক ইণ্ডিয়ান অইল কৰ্পৰেচনৰ তৰফৰ পৰা একোখনকৈ এম্বুলেন্স যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ হাতত আনুষ্ঠানিক ভাৱে অৰ্পন কৰে ।

Advertisment

এই অনুষ্ঠানত দৰঙৰ উপায়ুক্ত মুনিন্দ্র কুমাৰ নাটে, জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নিৰ্মল কুমাৰ বেৰীয়াৰ লগতে তিনিওখন চিকিৎসাল়ৰ বিষয়া কৰ্মচাৰী আৰু স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

আনহাতে ইণ্ডিয়ান অইল কৰ্পৰেচনৰ তৰফৰ পৰা কাৰ্য্যবাহী সঞ্চালক এছ পি সিংকে ধৰি কেইবাগৰকীও বিষয়াই এই অনুষ্ঠানত অংশ লয়। উল্লেখ্য যে এম্বুলেন্স কেইখন অৰ্পন কৰাৰ পূৰ্বে স্বাস্থ্য বিভাগ আৰু ইণ্ডিয়ান অইল কৰ্পৰেচনৰ মাজত এক বুজাবুজি চুক্তিও(MoU) স্বাক্ষৰ হয়।

Also Read: জন্মদিনৰ দিনাই পথ দুৰ্ঘটনাত প্ৰাণ গ'ল শিশুৰ, আহত মাতৃ...