/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/70566f10-6bc5-4790-9be7-f3ba7189d6bb/AP_FOR_WEB_ram_mandir.jpg)
ডিজিটেল ডেস্কঃ মাজত মাত্ৰ কেইটামান দিন। ২২ জানুৱাৰীত উদ্বোধন হ'ব অযোধ্যাৰ ৰাম মন্দিৰ। এই লৈ ৰাম ভক্তসকলৰ মাজত উৎসুকতা বৃদ্ধি পাইছে। ইয়াৰ মাজতে ৰাম মন্দিৰ দৰ্শনৰ বাবে যাত্ৰা আৰম্ভ কৰিছে হায়দৰাবাদৰ এজন ব্যক্তিয়ে। ৬৬ বছৰীয়া শ্ৰীনিবাস শাস্ত্ৰীয়ে ভগৱান ৰামৰ বাবে ৬৫ লাখ টকাত সোণেৰে নিৰ্মিত জোতা হৈ অযোধ্যালৈ যাত্ৰা আৰম্ভ কৰিছে। শ্ৰীনিবাসৰ এই পদযাত্ৰা প্ৰায় ৭,২০০ কিলোমিটাৰ হ'ব।
২০ জুলাইত যাত্ৰা আৰম্ভ কৰিছে তেওঁ। উৰিষ্যাৰ পুৰী, মহাৰাষ্ট্ৰৰ ত্ৰিম্বক আৰু গুজৰাটৰ দ্বাৰকাৰ দৰে গুৰুত্বপূৰ্ণ স্থানসমূহ সামৰি লোৱাৰ পিছত, শাস্ত্ৰীয়ে অনাগত দিনত অযোধ্যাত উপস্থিত হোৱাৰ লক্ষ্য ৰাখিছে।
শাস্ত্ৰীয়ে তেওঁৰ মূৰত ভগৱান ৰামৰ বাবে 'পঞ্চ ধাতু' (পাঁচটা ধাতু)ৰে নিৰ্মিত সোণৰ আৱৰণযুক্ত 'পাডুকা' (জোতা) লৈ আছে। অযোধ্যা পোৱাৰ পাছত তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হস্তান্তৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।
ইয়াক লৈ সুখ ব্যক্ত কৰিছে শাস্ত্ৰীয়ে। তেওঁ "মই ৮ কিলোগ্ৰাম ৰূপ ব্যৱহাৰ কৰি এই 'চৰণ পাডুকা' নিৰ্মাণ কৰিছো আৰু ইয়াক সোণেৰে আৱৰণ দিছো। ভগৱান ৰামে অযোধ্যাৰ পৰা ৰামেশ্বৰলৈ লৈ যোৱা পথটোত মই খোজ কাঢ়ি আছো। মোৰ লক্ষ্য হৈছে ১৫ জানুৱাৰীত অযোধ্যাত উপস্থিত হোৱা।
Also Read: মোডীক অপমান কৰি সংকটত মালদ্বীপ! ভাৰতীয়লৈ কৰিছে বিশেষ আহ্বান