মৃত্যুৰ ৪ ঘন্টা পাছত জীৱিত হৈ উঠিল ৮০ বছৰীয়া ব্যক্তি!

মৃত্যুৰ ৪ ঘন্টা পাছত জীৱিত হৈ উঠিল ৮০ বছৰীয়া ব্যক্তি!

ডিজিটেল ডেস্কঃ মৃত্যুৰ প্ৰায় ৪ ঘন্টা পাছত জীৱিত হৈ উঠিল এজন ব্যক্তি! হাৰিয়ানাৰ কৰ্ণালৰ পৰা পোহৰলৈ আহিছে এই ঘটনা।

উল্লেখ্য যে,চিকিৎসকে ৮০ বছৰীয়া বৃদ্ধজনক মৃত বুলি ঘোষণা কৰিছিল। যেতিয়া পৰিয়ালৰ সদস্যসকলে তেওঁক অন্তিম সংস্কাৰৰ বাবে এম্বুলেন্সযোগে ঘৰলৈ নিয়ে তেতিয়া এম্বুলেন্সখন এটা ডাঙৰ গাঁতত আৱদ্ধ হৈ পৰে।

সেই সময়তে লৰচৰ কৰে বৃদ্ধজনৰ শৰীৰ। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে।

৮০ বছৰীয়া দৰ্শন সিঙৰ লগত সংঘটিত হৈছে এই ঘটনা। তেওঁৰ পুত্ৰ বলদেৱে কয় যে তেওঁৰ দেউতাক হৃদৰোগত আক্ৰান্ত। বলদেৱৰ মতে, বৃহস্পতিবাৰে চিকিৎসাৰ সময়ত তেওঁৰ দেউতাক দৰ্শন সিঙৰ হৃদস্পন্দন বন্ধ হৈছিল। যাৰ পিছত চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰিছিল।

এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। আনহাতে তেওঁৰ পৰিয়ালে সুখ ব্যক্ত কৰে পৰিয়ালৰ সদস্যজনক ঘূৰাই পায়।

মৃত্যুৰ ৪ ঘন্টা পাছত জীৱিত হৈ উঠিল ৮০ বছৰীয়া ব্যক্তি!
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাঃ সাজু কৰা হৈছে অত্যাধুনিক ড্ৰোণ, ১০০০০ চিচিটিভি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in