/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/mamta2.jpg)
ডিজিটেল ডেস্ক: পশ্চিম বংগৰ ১০৮ নগৰ নিগম নিৰ্বাচনৰ প্ৰাৰ্থীত্বৰ তালিকাক লৈ তৃণমূল কংগ্ৰেছৰ মাজত চলি থকা মতানৈক্যৰ মাজতেই সোমবাৰে ইয়াৰ ওপৰত সমস্যা বৃদ্ধি হোৱা পৰিলক্ষিত হয়। ৰাজ্যজুৰি হৈ থকা বিৰোধ নিয়ন্ত্ৰণ কৰিবলৈ দলৰ শীৰ্ষ নেতাসকল আগবাঢ়ি আহিছে।সোমবাৰে তৃণমূল কংগ্ৰেছে কয় যে দলৰ সদস্য সকলৰ অভিযোগৰ ওপৰত গুৰুত্ব দি প্ৰতিখন জিলাত সমন্বয় কমিটী গঠন কৰা হয় য'ত দলৰ শীৰ্ষনেতাও অন্তৰ্ভূক্ত আছে।
এই ক্ষেত্ৰত তৃণমূল কংগ্ৰেছ আৰু প্ৰশান্ত কিশোৰৰ কোম্পানী আই-পেকৰ মাজৰ সম্পৰ্কত ফাঁট মেলা বুলি উৰা বাতৰি প্ৰচাৰ হৈছে। এই সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি সমূহ আই-পেকে ভুৱা বুলি কয়।
এই বিবাদ শুকুৰবাৰে আৰম্ভ হয় যেতিয়া টিএমচিৰ মহাসচিব পাৰ্থ চেতাৰ্জী আৰু দলৰ অধ্যক্ষ সুব্ৰত বক্সীয়ে তেওঁলোকৰ দ্ধাৰা স্বাক্ষৰ কৰা প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে, অন্যহাতে দলৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত হস্তাক্ষৰ নোহোৱা আনি এখন সূচনাও প্ৰকাশ কৰা হৈছিল।
দুখন বেলেগ বেলেগ প্ৰাৰ্থীত্বৰ তালিকা প্ৰকাশ হোৱাৰ পিছতেই ৰাজ্যখনৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰে টিএমচিৰ সদস্যই। প্ৰতিবাদকাৰী সকলে বিভিন্ন ঠাইত টায়াৰ জ্বলোৱাও পৰিলক্ষিত হয়।
সংবাদ মাধ্যমৰ আগত মমতা বেনাৰ্জীয়ে কয়ে যে পাৰ্থ চেতাৰ্জী আৰু সুব্ৰত বক্সীৰ দ্বাৰা জাকি কৰা তালিকাখনেই অন্তিম তালিকা। সকলোকে সন্তুষ্ট কৰা সম্ভৱ নহয়। তদুপৰি টিএমচি আৰু আইপেকৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত দলৰ নেতাই কোনো ধৰণৰ মন্তব্য নকৰাৰ বিপৰীতে আইপেকে কয় যে সকলো ধৰণৰ বাতৰি ভুৱা।
টিএমচিৰ আন এগৰাকী বিশিষ্ট নেতাই কয় যে এই সকলো বিতৰ্ক আই-পেকৰ বাবে হৈছে কিয়নো তেওঁলোকে হস্তাক্ষৰ নথকা তালিকা আই-পেকে ছ'চিয়েল মিডিয়াত আপলোড কৰিছে যি দলে মঞ্জুৰী প্ৰদান কৰা নাছিল।