মই পদত্যাগ কৰিম, যদিহে...

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে কয় যে যদিহে মই কৃন্দ্ৰীয় গৃহ মন্ত্ৰীক ফোন কৰা বুলি প্ৰচাৰ হোৱা কথাতো সত্য প্ৰমাণিত হয় তেন্তে মই পদত্যাগ কৰিম।

author-image
Asomiya Pratidin
New Update
মই পদত্যাগ কৰিম, যদিহে...

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে কয় যে যদিহে মই কৃন্দ্ৰীয় গৃহ মন্ত্ৰীক ফোন কৰা বুলি প্ৰচাৰ হোৱা কথাতো সত্য প্ৰমাণিত হয় তেন্তে মই পদত্যাগ কৰিম। উল্লেখ্য যে, তৃণমূল কংগ্ৰেছে ৰাষ্ট্ৰীয় দলৰ মৰ্যদা হেৰুওৱাৰ পাছতেই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক ফোন কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

Advertisment

বেনাৰ্জীয়ে কয় যে তেওঁৰ দলৰ নাম সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ হৈয়ে থাকিব। পশ্চিম বংগৰ বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীয়ে তোলা অভিযোগক নসাৎ কৰি তেওঁ কয় যে মই পদত্যাগ কৰিম যদিহে প্ৰমাণ হয় যে টি এম চিৰ ৰাষ্ট্ৰীয় মৰ্যদাৰ বাবে মই শ্বাহক ফোন কৰিছো।

তাৰ পাছতেই বিজেপিক কটাক্ষ কৰি মমতা বেনাৰ্জীয়ে কয় যে লোকসভা নিৰ্বাচনত বিজেপিয়ে ২০০ খন আসনতো জয় লাভ নকৰে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে তৃণমূল কংগ্ৰেছ সহতি মুঠ ৩ টা দলে হেৰুৱাইছিল ৰাষ্ট্ৰীয় দলৰ মৰ্যদা। ইয়াৰ বিপৰীতে আম আদমী পাৰ্টিয়ে ৰাষ্ট্ৰীয় দলৰ মৰ্যদা লাভ কৰিছিল।

Also Read: বিজেপিলৈ উভতিব বিচাৰে মুকুল ৰয়ে! পুত্ৰই ক'লে, তেওঁ মানসিকভাৱে অসুস্থ