শিক্ষানুষ্ঠানত গেৰুৱা ৰং ব্যৱহাৰৰ কেন্দ্ৰৰ নিৰ্দেশ পালন নকৰে বংগ চৰকাৰে...

শিক্ষানুষ্ঠানত গেৰুৱা ৰং ব্যৱহাৰৰ কেন্দ্ৰৰ নিৰ্দেশ পালন নকৰে বংগ চৰকাৰে...
শিক্ষানুষ্ঠানত গেৰুৱা ৰং ব্যৱহাৰৰ কেন্দ্ৰৰ নিৰ্দেশ পালন নকৰে বংগ চৰকাৰে...

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ শিক্ষানুষ্ঠানলৈ এক নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি সকলোৰাজ্যৰ শিক্ষানুষ্ঠানসমূহে বিদ্যালয়ত গেৰুৱা ৰং ব্যৱহাৰ কৰিব লাগিব। পিছে কেন্দ্ৰৰ এই নিৰ্দেশ কোনো কাৰণতে পালন নকৰে বুলি স্পষ্টকৈ জনাই দিছে অগ্নিকন্যা মমতা বেনাৰ্জীয়ে।

উল্লেখ্য যে, কেন্দ্ৰই সকলো শিক্ষানুষ্ঠানক গেৰুৱা ৰঙৰ প্ৰতীক ব্যৱহাৰৰ কৰাৰ যি নিৰ্দেশনা প্ৰদান কৰিছে সেই নিৰ্দেশনা পালন নকৰে বুলি কেন্দ্ৰক এক পত্ৰৰ জৰিয়তে অৱগত কৰাৰ লগতে চোকা সমালোচনাও কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনাক সমালোচনা কৰি মমতা বেনাৰ্জীয়ে কয়, ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ ৰাজ্যৰ ধনেৰে চলোৱা হয়। বিশ্ববিদ্যালয়সমূহ স্বায়ত্বশাসিত। চৰকাৰে অপ্ৰোজনীয়ভাৱে ইয়াত হস্তক্ষেপ কৰিব নোৱাৰে। এনে পৰিস্থিতিত কেন্দ্ৰৰ এই নিৰ্দেশ পালন কৰাৰ অৰ্থ হৈছে এই শিক্ষানুষ্ঠানসমূহত কেন্দ্ৰৰ হস্তক্ষেপ।

সেয়ে এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীক কয় যে, এই সিদ্ধান্ত কোনো কাৰণতে মানি চলা নহ'ব। কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ অধীনস্থ ৰে'লৱে ষ্টেচন, মেট্ৰ ষ্টেচন আদিৰ লগতে ইয়াৰ কাৰ্যালয়সমূহৰ ৰং সলনি কৰি গেৰুৱা কৰিছে। ৰাজ্য চৰকাৰে তেনে কোনো নিৰ্দেশনা পালন নকৰে।

অৱশ্যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মমতা বেনাৰ্জীৰ এই পত্ৰৰ কোনো উত্তৰ এতিয়ালৈকে অহা নাই। উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰৰ সৈতে মমতা বেনাৰ্জীৰ সংঘাত কোনো নতুন কথা নাই। ইয়াৰ পূৰ্বেও এনে সংঘাত চৰ্চাৰ কাৰণ হৈ পৰিছিল। ইফালে প্ৰধানমন্ত্ৰীৰ অন্ন যোজনাক লৈও মমতা বেনাৰ্জীৰ কেন্দ্ৰৰে সংঘাত হৈছে।

এই আঁচনি সন্দৰ্ভত মমতা বেনাৰ্জীয়ে কয়, ৰাজ্যৰ নিজৰ ধনেৰে সাধাৰণ লোকক ৰেচন যোগান ধৰি আহিছে। ইয়াৰ বাবে কেন্দ্ৰৰ ধনৰ ওপৰত ভৰসা কৰি থকা নাই। মমতা বেনাৰ্জীৰ অভিযোগ মোডী চৰকাৰে প্ৰধানমন্ত্ৰীৰ অন্ন যোজনাৰ নামত বংগক দিবলৈ বাকী আছে ৭ হাজাৰ কোটি টকা।

যোৱা ডিচেম্বৰত বংগই এইদৰে কেন্দ্ৰৰ পৰা পাবলগীয়া বকেয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীৰে এক বৈঠকত মিলিত হৈছিল মমতা বেনাৰ্জী। সেই বৈঠকতে মোডীয়ে বকেয়া আদায় দিয়াৰো আশ্বাস প্ৰদান কৰিছিল। কিন্তু এই পৰ্যন্ত সেয়া কৰা নাই।

শেহতীয়া পত্ৰত মমতা বেনাৰ্জীয়ে উল্লেখ কৰিছে, ডিচেম্বৰৰ বৈঠকত যিমান পৰিমাণৰ বকেয়া পাবলৈ আছিল তাৰ সৈতে পুনৰ ৭ হাজাৰ কোটি টকা যোগ হৈছে। কিন্তু কোনো টকাই দিয়া নাই কেন্দ্ৰই। সেয়ে কেন্দ্ৰলৈ আশা নকৰি ৰাজ্যৰ দৰিদ্ৰক বংগ চৰকাৰে নিজাকৈ সকলো ৰেচন যোগান ধৰিব।

শিক্ষানুষ্ঠানত গেৰুৱা ৰং ব্যৱহাৰৰ কেন্দ্ৰৰ নিৰ্দেশ পালন নকৰে বংগ চৰকাৰে...
ৰঞ্জন গগৈলৈ অসম বৈভৱ, ৪ জনলৈ অসম সৌৰভ আৰু ১৬ জনলৈ অসম গৌৰৱ বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in