''মহুৱা মৈত্ৰক বহিস্কাৰ কৰি গণতন্ত্ৰক হত্যা কৰিলে বিজেপিয়ে'' : মমতা বেনাৰ্জী

''মহুৱা মৈত্ৰক বহিস্কাৰ কৰি গণতন্ত্ৰক হত্যা কৰিলে বিজেপিয়ে'' : মমতা বেনাৰ্জী
''মহুৱা মৈত্ৰক বহিস্কাৰ কৰি গণতন্ত্ৰক হত্যা কৰিলে বিজেপিয়ে'' : মমতা বেনাৰ্জী

ডিজিটেল ডেস্কঃ অৰ্থৰ বিনিময়ত প্ৰশ্ন অভিযোগত অভিযুক্ত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱ মৈত্ৰক সংসদৰ পৰা বহিস্কাৰ কৰাৰ পাছতে সংসদৰ বাহিৰত গৰ্জি উঠিল বাকপটু সাংসদগৰাকী। তেওঁ লোকসভাৰ বাহিৰত সংবাদ মাধ্যমৰ আগত কয়, আগন্তুক ৩০ বছৰলৈ লোকসভাৰ বাহিৰে, ভিতৰে যুঁজি যাব তেওঁ।

মহুৱাৰ বিৰুদ্ধে দাখিল ৪৯৫ পৃষ্ঠাৰ প্ৰতিবেদন

ধনৰ বিনিময়ত প্ৰশ্ন অভিযোগ উত্থাপন হোৱাৰ পাছতে মহুৱা মৈত্ৰক সংসদৰ এথিক্স কমিটীয়ে তেওঁলোকৰ সন্মুখত উপস্থিত হোৱাৰ নিৰ্দেশ দিছিল। সেই অনুসৰি তেওঁ এথিক্স কমিটীৰ সন্মুখত উপস্থিত হৈছিল যদিও পৰৱৰ্তী সময়ত বিদ্ৰোহ কৰি এথিক্স কমিটীৰ কাষৰ পৰা আঁতৰি আহিছিল।

লোকসভাৰ শীতকালীন অধিৱেশনৰ পঞ্চমটো দিনত অৰ্থাৎ ৮ ডিচেম্বৰ, শুকুৰবাৰে এথিক্স কমিটীয়ে মহুৱাৰ বিৰুদ্ধে প্ৰস্তুত কৰা ৪৯৫ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰে। এই প্ৰতিবেদন অধ্যয়নৰ বাবে তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে সময় বিচাৰিছিল যদিও লোকসভাৰ অধ্যক্ষ ওম বিৰলাই তেওঁলোকক কোনো সময় নিদি সেই প্ৰতিবেদনৰ ভিত্তিত ধ্বনি ভোটত মহুৱা মৈত্ৰক সংসদৰ পৰা নিলম্বন কৰে।

এথিক্স কমিটীত এথিক্স নাই

লোকসভাৰ পৰা বাহিৰলৈ আহি মহুৱা মৈত্ৰই কয়, ''লোকসভাৰ এথিক্স কমিটীত এথিক্স বুলি কোনো অবশিষ্ট নাই। তেওঁলোকে সকলো নিয়ম ভংগ কৰিছে। মোক এনে এটা কাৰণৰ বাবে বহিস্কাৰ কৰা হ'ল যি লোকসভাৰ সকলো সদস্যৰ বাবে প্ৰচলিত এক অভ্যাস। মই কাৰোবাৰ পৰা টকা লোৱা বা উপহাৰ লোৱা নাই। ইয়াৰ কোনো প্ৰমাণ নাই। মোডী চৰকাৰে যদি ভাবিছে মোক এনেদৰে মুখ বন্ধ কৰি ৰাখি আদানী ইছ্যুৰ পৰা তেওঁলোক মুক্ত হ'ব তেন্তে সেয়া তেওঁলোকে ভুল ভাবিছে।''

ইডি, চি বি আই অভিযান চলিব মহুৱাৰ ঘৰত !

এথিক্স কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত বহিস্কৃত হোৱাৰ পাছতে মহুৱা মৈত্ৰৰ সন্দেহ, এতিয়া তেওঁৰ ঘৰলৈ চি বি আই অথবা ইডি প্ৰেৰণ কৰিব। এই কেন্দ্ৰীয় সংস্থাসমূহৰ জৰিয়তে লোকসভাৰ বাহিৰত তেওঁৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিব।

তেওঁ কয়, এইবাৰ মোৰ কাষলৈ চি বি আই আহিব। ছমাহলৈ চি বি আইৰ দ্বাৰা মোক হাৰাশাস্তি কৰা হ'ব।

আত্মপক্ষ সমৰ্থনৰো সুযোগ নাপালে মহুৱাই

শীতকালীন অধিৱেশনৰ পঞ্চম দিনটোত দাখিল কৰা হৈছিল মহুৱাৰ বিৰুদ্ধে এথিক্স কমিটীৰ প্ৰতিবেদন। এই প্ৰতিবেদনৰ ভিত্তিতে মহুৱাক বহিস্কৃত কৰা হ'ল যদিও তেওঁক আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ প্ৰদান কৰা নহ'ল।

লোকসভাৰ কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে মহুৱা মৈত্ৰক আত্মপক্ষ সমৰ্থনৰ বাবে বক্তব্য ৰখাৰ এক সুযোগ দিবলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাক অনুৰোধ কৰিছিল যদিও তেওঁ সেয়া অগ্ৰাহ্য কৰে। তেওঁ পূৰ্বৰ উদাহৰণ দাঙি ধৰি কয়, পূৰ্বেও এনেধৰণৰ অভিযোগত অভিযুক্ত সাংসদৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰা হৈছিল তেওঁলোককো আত্মপক্ষ সমৰ্থনৰ সুযোগ প্ৰদান কৰা নহৈছিল।

বিজেপিৰ যুক্তি আছিল মহুৱা মৈত্ৰই পূৰ্বেই নিজৰ বক্তব্য ৰখাৰ সুযোগ পাইছিল। কিন্তু সেই সময়ত তেওঁ সভাকক্ষ এৰি আঁতৰি গৈছিল।

গণতন্ত্ৰক হত্যা কৰা হ'ল- মমতা বেনাৰ্জী

মহুৱা মৈত্ৰক বৰ্খাস্ত কৰাৰ পাছতে বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, মহুৱাক আত্মপক্ষ সমৰ্থনৰ সুযোগ দিয়া নহ'ল। এগৰাকী মহিলাক বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে হাৰাশাস্তি কৰিলে। তাতেই গণতন্ত্ৰক হত্যা কৰা হ'ল। দল মহুৱাৰ সৈতে আছিল আৰু আগলৈও থাকিব। বিজেপিৰ প্ৰতিশোধমূলক ৰাজনীতি প্ৰমাণিত হৈছে।

''মহুৱা মৈত্ৰক বহিস্কাৰ কৰি গণতন্ত্ৰক হত্যা কৰিলে বিজেপিয়ে'' : মমতা বেনাৰ্জী
সাংসদ পদ খাৰিজ মহুৱা মৈত্ৰৰ: ধনৰ বিনিময়ত সদনত প্ৰশ্ন সোধাৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in