/asomiyapratidin/media/media_files/2025/03/26/XkG7cA9ZO8AiEAZulJSd.jpg)
ডিজিটেল ডেস্কঃ এসময়ত ভাৰতৰ গাড়ীৰ বজাৰ কেৱল বিদেশী কোম্পানীৰ বাহনেৰে ভৰি পৰিছিল। ভাৰতীয়ই বিদেশী প্ৰতিষ্ঠানৰ বাহন ক্ৰয় কৰি বিলাসী জীৱন যাপন কৰিছিল।
কিন্তু এতিয়া সময় সলনি হ’ল। ভাৰতৰ বজাৰত এতিয়া বিদেশী কোম্পানীৰ বিলাসী বাহনৰ সমানেই ভাৰতীয় কোম্পানীয়ে নিৰ্মাণ কৰা বাহনেৰেও বজাৰ ভৰি আছে। এনে বাহনে গ্ৰাহকৰো মন জয় কৰিছে। বৃদ্ধি পাইছে চাহিদা।
২০১৪ চনত আৰম্ভ কৰা "মেক ইন ইণ্ডিয়া" কাৰ্যসূচীয়ে ভাৰতৰ গাড়ী উৎপাদনক উদ্যোগত লাভাম্বিত কৰিছে। ইলেকট্ৰিক ভেহিকল (EV) উৎপাদন ক্ষেত্ৰকো তীব্ৰ গতিৰে আগবঢ়াই নিছে। ভাৰতৰ চৰকাৰী উৎসই এই দাবী কৰিছে।
চৰকাৰৰ মতে, বাহনৰ বজাৰৰ এই সাফল্যৰ মূল কাৰণ হৈছে নীতিৰ সংস্কাৰ আৰু পূৰ্ণাঙ্গ ভাৰসাম্যৰ সৈতে পআন্তঃগাঁথনি উন্নয়ন। এতিয়া বিশ্বৰ বাহনৰ বজাৰত ভাৰত এক গুৰুত্বপূৰ্ণ অংশীদাৰ। ভাৰতৰ অটোমোবাইল খণ্ডই বিশাল বিনিয়োগো আহৰণ কৰিছে।
ভাৰতৰ অটোমোবাইল উদ্যোগ আৰম্ভ হৈছিল ১৯৯১ চনৰ পৰা। ১৯৯১ ত এই খণ্ডত বিদেশী বিনিয়োগ অনুমোদিত হৈছিল। আজি, বিশ্বৰ বৃহত্তম অটোমোবাইল ব্রেণ্ডসমূহে ভাৰতত তেওঁলোকৰ উৎপাদন ইউনিট স্থাপন কৰিছে। ইয়াৰ পৰাই অনুমান হয়, ভাৰতত এক ব্যৱসায়িক পৰিৱেশ সৃষ্টি হোৱাৰ লগতে দক্ষতা আৰু উৎপাদানৰ যোগান ধৰাৰ সক্ষমতা আছে।
বিত্ত মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ১৯৯১-৯২ চনত ভাৰতত গাড়ী উৎপাদন হৈছিল ২ মিলিয়ন। ২০২৩-২৪ চনত ই প্ৰায় ২৮ মিলিয়নলৈ পৰিণত হৈছে।
বিশ্ব বজাৰত, ভাৰতৰ অটোমোবাইল খণ্ডই বাৰ্ষিক ২৪০ বিলিয়ন ইউ এছ ডলাৰ ব্যৱসায়িক পৰিসৰত পৰিণত হৈছে। ভাৰতৰ গাড়ী আৰু অটোমোবাইল উৎপাদানৰ ৰপ্তানি প্ৰায় ৩৫ বিলিয়ন ইউ এছ ডলাৰ পৰ্যন্ত হৈছে। এই খণ্ডত প্রায় ৩০ মিলিয়ন লোকে কৰ্মসংস্থাপন লাভ কৰিছে।
বৰ্তমান ভাৰত হৈছে তিনিচকীয়া বাহনৰ আটাইতকৈ ডাঙৰ উৎপাদক। দুচকীয়া বাহন উৎপাদনত ভাৰতৰ স্থান দ্বিতীয় স্থানত। চাৰি চকীয়া বাহনৰ উৎপাদনত বিশ্ব বজাৰত ভাৰতৰ স্থান চাৰি নং স্থানত আৰু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত পাঁচ নং স্থানত আছে।
গাড়ী উৎপাদনৰ ক্ষেত্ৰত ইন্টাৰনেল ইঞ্জিন, ট্রান্সমিছন চিষ্টেম, ব্রেক চিষ্টেম, ইলেকট্ৰনিক উপাদান, আৰু অন্যান্য বহু উপাদান এতিয়া ভাৰততে উৎপাদিত হৈছে। চৰকাৰৰ শক্তিশালী নীতি সমৰ্থন আৰু দক্ষ কৰ্মীৰ বাবে এইয়া সম্ভব হৈছে।
ভাৰতৰ অটোমোবাইল উৎপাদানৰ খণ্ডতো ২০৩০ চনৰ ভিতৰত ১০০ বিলিয়ন ইউ এছ ডলাৰ ৰপ্তানি লক্ষ্যত উপনীত হ’ব বুলি অনুমান কৰা হৈছে। ভাৰতৰ অটোমোবাইল খণ্ডৰ বৃদ্ধিয়ে GDP ৰ ২.৩ শতংশ বঢ়াইছে।
ভাৰতৰ অটোমোবাইল খণ্ডৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংশ হৈ হৈছে ইলেকট্ৰিক ভেহিকল (EV) খণ্ড। ২০২৪ চনৰ আগষ্টলৈ ৪.৪ মিলিয়ন ইলেকট্ৰিক ভেহিকল (EV) ৰেজিষ্টাৰ হৈছে। চৰকাৰী আঁচনি আৰু PLI আঁচনিৰ বাবে এই খণ্ডৰ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।