Advertisment

মেক ইন ইণ্ডিয়াই মোক এগৰাকী বিনিয়োগকাৰী হিচাপে গঢ়ি তুলিলেঃ অভিনেতা অভিষেক বচ্চন

"মেক ইন ইণ্ডিয়াই মোক সঁচাকৈয়ে উৎসাহিত কৰে। মই ভাবো আগতে আমি যিবোৰ সময় অৱমূল্যায়ন কৰাৰ যি ব্যৱস্থা আছিল এতিয়া তাৰ অন্ত পৰিছে। আমি এতিয়া নিজেই বজাৰৰ নেতা হৈ উঠিব পাৰো।

author-image
Asomiya Pratidin
New Update
মেক ইন ইণ্ডিয়াই মোক এগৰাকী বিনিয়োগকাৰী হিচাপে গঢ়ি তুলিলেঃ অভিনেতা অভিষেক বচ্চন

ডিজিটেল ডেস্কঃ বলিউড তাৰকা তথা অভিনেতা অভিষেক বচ্চনে অভিনয়ৰ সমান্তৰালকৈ এগৰাকী উদ্যোগী তথা বিনিয়োগকাৰী হিচাপেও আত্মপ্ৰতিষ্ঠা কৰিছে। এইগৰাকী অভিনেতা তথা বিনিয়োগকাৰীয়ে শেহতীয়াকৈ ভাৰতৰ দ্ৰুতগতিত বৰ্ধিত ষ্টাৰ্টআপ ইকোচিষ্টেমৰ প্ৰতি তেওঁৰ আগ্ৰহ প্ৰকাশ কৰিছে।

Advertisment

এক সাক্ষাৎকাৰত তেওঁ বিনিয়োগকাৰীৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰাৰ লগতে মেক ইন ইণ্ডিয়াৰ উদ্যোগৰ প্ৰতি তেওঁৰ আগ্ৰহ প্ৰকাশ কৰাৰ লগতে এই সন্দৰ্ভত সবিস্তাৰে আলোচনা কৰিছে। তেওঁ কয়, ভাৰতীয় ষ্টাৰ্টআপ সমূহে, মেক ইন ইণ্ডিয়াই মোক এই ক্ষেত্ৰখনলৈ আগবাঢ়ি অহাত উৎসাহিত কৰিছে।

তেওঁ কয়, "মেক ইন ইণ্ডিয়াই মোক সঁচাকৈয়ে উৎসাহিত কৰে। মই ভাবো আগতে আমি যিবোৰ সময় অৱমূল্যায়ন কৰাৰ যি ব্যৱস্থা আছিল এতিয়া তাৰ অন্ত পৰিছে। আমি এতিয়া নিজেই বজাৰৰ নেতা হৈ উঠিব পাৰো।''

উল্লেখ্য যে, অভিষেক বচ্চনে বধম চাহ আৰু নাগিন হট চছক দৰে ব্ৰেণ্ডত বিনিয়োগ কৰিছে। তেওঁ এই ব্ৰেণ্ডত বিনিয়োগ কৰাৰ কথা উল্লেখ কৰি ভাৰতীয় ব্যৱসায়িক দৃশ্যপটত দেখা পোৱা নতুন উদ্যম আৰু আত্মবিশ্বাসৰ ওপৰতো আলোকপাত কৰিছে।

তেওঁ কয় যে, ভাৰতীয় ব্যৱসায়িক পৰিৱেশত এই নতুন উৎসাহ বিগত দশকবোৰৰ মানসিকতাৰ সম্পূৰ্ণ বিপৰীত। পূৰ্বে সফলতাৰ বাবে উদ্ভাৱন বিদেশৰ পৰা আহিব বুলি এক প্ৰচলিত ধাৰণা আছিল।

তেওঁ কয়, "এটা সময় আছিল, যেতিয়া শৈশৱত মই ইউৰোপ আৰু তাৰ পিছত আমেৰিকাত পঢ়ি আছিলোঁ, সেই সময়ত এটা ধাৰণা আছিল যে ভৱিষ্যতে আপুনি তালৈ যাব লাগিব। যদিহে সেই সমূহ দেশলৈ নাযায়, আপুনি অত্যাধুনিক প্ৰযুক্তিত থাকিব নোৱাৰে। কিন্তু মই নাভাবো এতিয়া আৰু সেই পৰিবেশ আছে।" তেওঁ এতিয়া বিদেশলৈ নোযোৱাকৈ ভাৰততেই সেই পৰিবেশ উপলব্ধ বুলিও কয়। 

 

অভিষেক মেক ইন ইণ্ডিয়া