Advertisment

চূড়ান্ত কৰিও মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিবলৈ সাহস হোৱা নাই বিজেপিৰ !

এতিয়াও স্পষ্ট হোৱা নাই মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব।যদিও ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাৱিছেই হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তথাপিও বিজেপিয়ে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিবলৈ সাহস কৰা নাই।

author-image
Tushar Pratim
New Update
চূড়ান্ত কৰিও মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিবলৈ সাহস হোৱা নাই বিজেপিৰ !

ডিজিটেল ডেস্কঃ নিৰ্বাচনী ফলাফল ঘোষণাৰ ১০ টা দিন অতিক্ৰম কৰিলে। এতিয়াও স্পষ্ট হোৱা নাই মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব।

Advertisment

যদিও ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাৱিছেই হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তথাপিও বিজেপিয়ে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিবলৈ সাহস কৰা নাই। ইতিমধ্যে বিজেপিৰ সংসদীয় কমিটীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা বিজয় ৰূপাণী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক ৰাজ্যখনৰ পৰ্যবেক্ষক নিয়োগ কৰিছে।

বিজেপিৰ পৰাই মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত হোৱাত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে তেওঁলোকক পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছিল। 
এই দুই নেতাই মহাজুটিৰ অংশীদাৰ তিনিওটা দলৰ নেতৃত্বৰে মহাৰাষ্ট্ৰত এক বৈঠকত বহাৰ কথা আছিল যদিও অসুস্থতাৰ কথা কৈ একনাথ সিন্দেয়ে এই বৈঠকৰ পৰা আঁতৰি আহিছে।

ফলত মুখ্যমন্ত্ৰী কেন্দ্ৰীক এই অচলাৱস্থা যে এতিয়াও দূৰ হোৱা নাই সেয়া স্পষ্ট হৈ পৰিছে। বিজেপিৰ শীৰ্ষ নেতৃত্বই আশা কৰিছিল দুই পৰ্যবেক্ষকে মহাৰাষ্ট্ৰলৈ গৈ দেৱেন্দ্ৰ ফাডনাৱিছৰ নাম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিব।

উপ-মুখ্যমন্ত্ৰী হিচাপে শিৱসেনা আৰু এন চি পিৰ দুই নেতাৰ নাম ঘোষণা কৰিব। উপ-মুখ্যমন্ত্ৰী হিচাপে অজিত পাৱাৰৰ নামক লৈ কোনো জটিলতা নাই যদিও শিৱসেনাৰ পৰা কোনো উপ-মুখ্যমন্ত্ৰী হ’ব তাক লৈ জটিলতাৰ সৃষ্টি হৈছে।

চৰ্চা অনুসৰি উপ-মুখ্যমন্ত্ৰী হোৱাৰ আগ্ৰহ নাই একনাথ সিন্দেৰ। সেয়ে তেওঁৰ পুত্ৰ শ্ৰীকান্ত সিন্দেক দ্বিতীয়গৰাকী উপ-মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰাৰ সম্ভাৱনাই দেখা দিছে।

একাংশৰ মতে শ্ৰীকান্ত সিন্দেক উপ-মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিবলৈকে যোৱা দিন কেইটাত মুখ্যমন্ত্ৰী কেন্দ্ৰীক এই জটিলতাৰ সৃষ্টি হৈছে। অৱশ্যে শ্ৰীকান্ত সিন্দেয়ে এই কথা অস্বীকাৰ কৰিছে।

তেওঁ উপ-মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীত্বৰ পৰিবৰ্তে দলৰ সাংগঠনিক কাম-কাজত লিপ্ত থকাত হে অধিক আগ্ৰহী বুলি মন্তব্য কৰিছে। মন কৰিবলগীয়া যে, একনাথ সিন্দেয়েও প্ৰধানমন্ত্ৰী মোডীয়ে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তই মানি ল'ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰি থৈছে।

তাৰ পাছতো আজিও মুখ্যমন্ত্ৰী কোন হ'ব সেয়া আনুষ্ঠানিক ঘোষণা কৰিব নোৱাৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। আজি একনাথ সিন্দেক হাস্পতালত ভৰ্তি কৰাৰ সময়তে শিৱসেনাৰ এক সূত্ৰই দাবী কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ দায়িত্ব দিব লাগে একনাথ সিন্দেক।

সূত্ৰৰ আধাৰত একাধিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি শিৱসেনাৰ বিধায়কসকলে দাবী কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুনৰ হওক একনাথ সিন্দে। ৰাজ্যখনত বিজেপিয়ে অধিক আসন লাভ কৰিবলৈ সক্ষম হৈছে একনাথ সিন্দেৰ বাবে।

মহাৰাষ্ট্ৰৰ জনতা একনাথ সিন্দেৰ শাসনৰ প্ৰতি অধিক আগ্ৰহী। সেয়ে তেওঁলোকক পুনৰ অভূতপূৰ্ব সহাৰি জনাইছে।

ইফালে আন এক খবৰ মতে আকৌ শিৱসেনাই কেন্দ্ৰীয় মন্ত্ৰীসভাত দলটোৰ ৪ গৰাকী সদস্যক অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে। মুখ্যমন্ত্ৰী পদৰ বিকল্প হিচাপে তেওঁলোকে বিচাৰিছে কেন্দ্ৰীয় মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ বিভাগ।

এই দাবী মানিবলৈ আগ্ৰহী নহয় বিজেপি। সেয়ে অমিত শ্বাহৰ সৈতে অনুষ্ঠিত বৈঠক এক প্ৰকাৰে বিফল হৈছে।

তাৰ পাছতো একনাথ সিন্দে, শিৱসেনা নিজৰ দাবীত অটল আছে। সেয়ে শাৰীৰিক অজুহাতত বিজয় ৰূপাণী, নিৰ্মলা সীতাৰমণৰ সৈতেও বৈঠকত বহাৰ পৰা আঁতৰি আছে।

আজি সন্ধিয়াৰ ভাগত অৱশ্যে বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ সৈতে মহাজুটিৰ তিনিও নেতাৰ বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ৪ ডিচেম্বৰত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিয়ে দেৱেন্দ্ৰ ফাডনাৱিছকেই মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰাৰ সম্ভাৱনাই অধিক।

উপ-মুখ্যমন্ত্ৰী হিচাপে এন চি পিৰ অজিত পাৱাৰৰ নামো চূড়ান্ত। শিৱ সেনাৰ পৰা এক নাথ সিন্দে নে শ্ৰীকান্ত সিন্দেৰ নাম উপ-মুখ্যমন্ত্ৰী হিচাপে ঘোষণা হয় সেয়াহে হ'ব লক্ষ্যণীয়। সেইদৰেই কেন্দ্ৰীয় মন্ত্ৰীসভাত শিৱসেনাৰ ৪ সদস্যই কেবিনেট মন্ত্ৰীত্ব লাভ কৰে নে নাই সেয়াও সময়ত স্পষ্ট হ'ব।

উল্লেখ্য যে, এইবাৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে অকলেই ১৩২ খন আসনত বিজয়ী হৈছে। মিত্ৰদল শিৱসেনাই ৫৭ খন আসনত, এন চি পিয়ে ৪১ খনত নিজা প্ৰাৰ্থী জয়ী কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে বিৰোধী কংগ্ৰেছে ১০ খন, শিৱসেনা উদ্ধৱ ঠাকৰে গোটে ২০ খন আৰু এন চি পি শাৰদ পাৱৰ গোটে ১০ খন আসনত প্ৰাৰ্থী জয়ী কৰাবলৈ সক্ষম হয়। 

বিজেপি মহাৰাষ্ট্ৰ একনাথ সিন্দে