শিৱসেনাৰ দৰেই থানবান হ'ল এন চি পিঃ অকলশৰীয়া হৈ পৰিল শাৰদ পাৱাৰ...

শিৱসেনাৰ দৰেই থানবান হ'ল এন চি পিঃ অকলশৰীয়া হৈ পৰিল শাৰদ পাৱাৰ...
শিৱসেনাৰ দৰেই থানবান হ'ল এন চি পিঃ অকলশৰীয়া হৈ পৰিল শাৰদ পাৱাৰ...

ডিজিটেল ডেস্কঃ অকলশৰীয়া হৈ পৰিলে এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ ! ভতিজা অজিত পাৱাৰ পূৰ্বৰে পৰা বিজেপিৰ সংস্পৰ্শত আছিল বুলি স্পষ্ট হৈ আছিল যদিও তেওঁৰ অতি বিশ্বাসভাজন নেতাসকলেও যে তেওঁক এৰি অজিত পাৱাৰকেই অনুসৰণ কৰিব সেয়া হয়তো শনিবাৰৰ পুৱালৈকে তেওঁ অনুভৱেই কৰা নাছিল।

ভবাই নাছিল তেওঁৰ কন্যা সুপ্ৰিয়া সুলেও তেওঁক বিশ্বাসঘাটক কৰিব। শনিবাৰে অজিত পাৱাৰে তেওঁৰ সৈতে ৮ অনুগত বিধায়কক লগত লৈ বিজেপিত যোগদান কৰিলে। তেওঁ উপ-মুখ্যমন্ত্ৰী আৰু সতীৰ্থ ৮ বিধায়কে মন্ত্ৰী হিচাপে শনিবাৰেই শপতগ্ৰহণ কৰিলে।

ইয়াৰ পাছতে অজিত পাৱাৰে সম্বোধন কৰিলে এক সংবাদ মেল। এই সংবাদ মেলত অজিত পাৱাৰে ক'লে- এন চি পিৰ ৫৩ গৰাকী বিধায়কৰ ভিতৰত ৪৩ গৰাকীয়েও তেওঁৰ সৈতে আছে।

ইয়াৰোপৰি ক'লে- যদিহে নাগালেণ্ডত এন চি পিৰ ৭ বিধায়কে বিজেপিৰ সৈতে মিলি চৰকাৰ গঠন কৰাত আপত্তি নাই তেন্তে মহাৰাষ্ট্ৰত বিজেপিৰে সম্পৰ্ক কৰি তেওঁ কি ভুল কৰিলে? শাৰদ পাৱাৰক উদ্দেশ্যি কৰা এনে মন্তব্যৰ সময়ত অজিত পাৱাৰৰ কাষত থিয় দি থাকিল শাৰদ পাৱাৰৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত তথা শেহতীয়াকৈ দলটোৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব লাভ কৰা প্ৰফুল্ল পেটেল।

ইফালে বিজেপিত যোগদান কৰাৰ পূৰ্বে অজিত পাৱাৰৰ ঘৰত অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত আছিল শাৰদ পাৱাৰৰ কন্যা সুপ্ৰিয়া সুলে। সেই অনুসৰি সুপ্ৰিয়া সুলেও যে খুৰাক অজিত পাৱাৰৰেই অনুগত সেই কথাৰো প্ৰমাণ হৈছে।

অজিত পাৱাৰে দাবী কৰিছে গোটেই এন চি পি দলটোৱেই তেওঁৰ সৈতে আছে। এন চি পিত কোনো বিভাজন হোৱা নাই। আগন্তুক সকলো নিৰ্বাচনত এন চি পিৰ নামত আৰু প্ৰতীক চিহ্নতেই অৱতীৰ্ণ হ'ব। ঠিক সেই শিৱসেনাৰ দৰেই কাহিনী।

অজিত পাৱাৰৰ দাবী পৰৱৰ্তী সময়ত মহাৰাষ্ট্ৰ চৰকাৰত এন চি পিৰ আৰু কেইবাজনো সদস্যই মন্ত্ৰীত্ব লাভ কৰিব। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ পিছতেই তেওঁ হ'ব দ্বিতীয়গৰাকী উপ-মুখ্যমন্ত্ৰী।

উল্লেখ্য যে, ২০১৯ চনতো অজিত পাৱাৰে ক্ষন্তেকৰ বাবে বিজেপিত যোগদান কৰিছিল। সেই মধুচন্দ্ৰিকাৰ অন্ত পৰাৰ পাছত পুনৰ শনিবাৰে বিজেপিত চামিল হৈছে। এন চি পিৰ মুখপাত্ৰ মহেশ টাপাছে এয়া অপাৰেশ্যন লটাচৰে অংশ বুলি দাবী কৰে।

তেওঁ বিজেপিত এন চি পিৰ যিসকলে যোগদান কৰিলে সেয়া তেওঁলোকৰ নিজা সিদ্ধান্ত, দলীয় সিদ্ধান্ত নহয় বুলি দাবী কৰিছে। মন কৰিবলগীয়া যে, শুকুৰবাৰে অজিত পাৱাৰে বিধানসভাৰ বিৰোধী দলপতি পদৰ পৰা পদত্যাগ কৰিছিল। শনিবাৰে তেওঁ অনুগত বিধায়কক লগত লৈ ৰাজভৱনলৈ যাত্ৰা কৰিছিল।

তেতিয়ালৈকে কোনেও কল্পনাও কৰা নাছিল মহাৰাষ্ট্ৰৰ ৰাজনীতি কোন দিশে গতি কৰিছে। অজিত পাৱাৰ ৰাজভৱনত গৈ উপস্থিত হোৱাৰ পূৰ্বেই উপস্থিত হৈছিল গৈ একনাথ সিন্দে আৰু দেৱেন্দ্ৰ ফাড়নবিছ। সেয়েহে এই গোটেই প্ৰক্ৰিয়াটো বিজেপিৰ তত্বাৱধানতেই সম্পন্ন হ'ল বুলি দাবী কৰিছে।

শিৱসেনাৰ দৰেই থানবান হ'ল এন চি পিঃ অকলশৰীয়া হৈ পৰিল শাৰদ পাৱাৰ...
এন চি পিত বিভাজনঃ প্ৰধানমন্ত্ৰী মোডীক কৃতিত্ব দিলে শাৰদ পাৱাৰে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in